মাত্ৰ ১০ দিনৰ ভিতৰতে এটা পৰিয়ালে চাৰিটাকৈ সন্তান হেৰুৱাবলগীয়া হৈছে। আটাইকেইটা শিশুৰে জ্বৰ, পেটৰ তীব্ৰ বিষ, বমি আৰু ডায়েৰিয়াৰ দৰে লক্ষণ দেখা দিয়াৰ পিছত স্বাস্থ্যৰ অৱনতি ঘটে। পিছলৈ একাধিক অংগ বিকল হোৱাৰো তথ্য পোৱা গৈছে। প্ৰাৰম্ভিক পৰীক্ষাত ডেংগু, মেলেৰিয়া আৰু ক’ভিড-১৯ৰ ফলাফল নিগেটিভ আহিছে। সেয়েহে শিশুকেইটাৰ মৃ*ত্যুৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক লৈ স্বাস্থ্য বিভাগে তদন্ত আৰম্ভ কৰিছে। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাত সংঘটিত হৈছে এই ঘটনা।
শিৱপুৰী চহৰৰ ভৌতিক আৰক্ষী থানাৰ অন্তৰ্গত ছৈছপুৰা অঞ্চলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পৰিয়ালটোৱে জনোৱা মতে, ১৪ বছৰীয়া তাহিৰ খান যোৱা ১৬ আগষ্টত কোলাৰাছ অঞ্চলৰ গোৰা টিলাৰ সমীপত সিন্ধ নদীত গা ধুবলৈ গৈছিল। ইয়াৰ দুদিন পিছতে, অৰ্থাৎ ১৮ আগষ্টত তেওঁৰ প্ৰচণ্ড জ্বৰ হয়। প্ৰথমে স্থানীয়ভাৱে চিকিৎসা কৰোৱা হৈছিল যদিও ২০ আগষ্টত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক শিৱপুৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন অৱস্থাত ২১ আগষ্টৰ মাজনিশা তাহিৰৰ মৃত্যু হয়। তাহিৰৰ মৃ*ত্যুৰ পিছত পৰিয়ালটোৰ আন সদস্যসকলৰ মাজতো একেধৰণৰ অসুস্থতাৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।
পৰিয়ালটোৰ ১৯ বছৰীয়া আত্মীয় আয়াজো ২০ আগষ্টত অসুস্থ হৈ পৰে। প্ৰথমে তেওঁক এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়। কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে তেওঁক গোৱালিয়ৰলৈ প্ৰেৰণ কৰে। ২১ আগষ্টত চিকিৎসাধীন অৱস্থাতে আয়াজৰো মৃ*ত্যু হয়। ইয়াৰ পিছতে পৰিয়ালটোৰ ১১ বছৰীয়া তাৰুফ আৰু ৯ বছৰীয়া তাছিফো অসুস্থ হৈ পৰে। দুয়োৰে জ্বৰসহ অন্যান্য লক্ষণ দেখা দিয়ে। ৩১ আগষ্টত তাৰুফক শিৱপুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে তাৰুফৰো মৃ*ত্যু হয়। আনহাতে, তাছিফকো উন্নত চিকিৎসাৰ বাবে গোৱালিয়ৰলৈ প্ৰেৰণ কৰা হৈছিল। ৩১ আগষ্টৰ নিশা তাছিফৰো মৃ*ত্যু ঘটে। এইদৰে মাত্ৰ ১০ দিনৰ ভিতৰতে পৰিয়ালটোৱে চাৰিটা সন্তান হেৰুৱায়।
ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি স্বাস্থ্য বিভাগে ছৈছপুৰা অঞ্চলত নজৰদাৰী আৰু পৰীক্ষা বৃদ্ধি কৰিছে। বিষয়াসকলে ডেংগু, মেলেৰিয়াকে ধৰি কেইবাটাও সম্ভাৱ্য ৰোগৰ পৰীক্ষা কৰিছে। কিন্তু প্ৰাৰম্ভিক পৰীক্ষাত এই ৰোগসমূহৰ কোনো এটা নিশ্চিত হোৱা নাই। স্বাস্থ্য বিভাগে অঞ্চলটোত মহৰ পলুৰ সন্ধানতো অভিযান চলায়। অৱশ্যে কোনো ডেংগুৰ পলু পোৱা নগ’ল বুলি বিভাগীয়ভাৱে জনোৱা হৈছে। বিষয়াসকলৰ মতে, বৰ্তমান অঞ্চলটোত কোনো বৃহৎ ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰমাণো পোৱা হোৱা নাই। চিকিৎসালয়সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে কেছ হিষ্ট্ৰী। শিৱপুৰীৰ মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া (CMHO) ডাঃ সঞ্জয় ঋষিশ্বৰৰ মতে, মৃত আটাইকেইজনৰ চিকিৎসাৰ ইতিহাস আৰু চিকিৎসা-সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হৈছে। শিৱপুৰী জিলা চিকিৎসালয়, ব্যক্তিগত চিকিৎসালয়, শিৱপুৰী চিকিৎসা মহাবিদ্যালয় আৰু গ্ৱালিয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰোগীসকলৰ কেছ শ্বীট বিচৰা হৈছে। এই তথ্যসমূহ পৰ্যালোচনা কৰি চিকিৎসকসকলে আটাইকেইজনৰ মাজত একেধৰণৰ লক্ষণ কিয় দেখা দিছিল, তাৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















