বলীউডৰ ‘সিংহাম’ অজয় দেৱগনক এইবাৰ দেখা গৈছে সৰু পৰ্দাৰ জনপ্ৰিয় ক্ৰাইম শ্ব’ ‘ক্ৰাইম পেট্ৰল ২০২৬’ত। অজয় দেৱগনৰ উপস্থিতিয়ে ইতিমধ্যে শ্ব’টোৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বহু পৰিমাণে বৃদ্ধি কৰিছে। বিশেষকৈ তেওঁৰ গুৰুগম্ভীৰ ব্যক্তিত্ব আৰু সংলাপ ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। কিন্তু অজয় দেৱগনৰ ‘ক্ৰাইম পেট্ৰল’ত উপস্থিতিৰ মাজতে এতিয়া তেওঁৰ মাচুলক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে।
কিছু সংবাদ প্ৰতিবেদন আৰু ছ’চিয়েল মিডিয়াৰ দাবী অনুসৰি, অজয় দেৱগনে ‘ক্ৰাইম পেট্ৰল ২০২৬’ৰ ১৫টা খণ্ড আয়োজন কৰাৰ বাবে প্ৰায় ৯০ কোটি টকা মাচুল লৈছে। অৰ্থাৎ এই দাবী সঁচা বুলি ধৰিলে প্ৰতিটো খণ্ডৰ বাবে তেওঁৰ মাচুল হ’ব প্ৰায় ৬ কোটি টকা। এই বৃহৎ অংকৰ দাবীয়ে স্বাভাৱিকতে দৰ্শকৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে—সঁচাকৈয়ে অজয় দেৱগনে ইমান বৃহৎ মাচুল লৈছেনে?
‘ক্ৰাইম পেট্ৰল ২০২৬’ৰ প্ৰথমটো কাহিনী ‘বাগাৱাট’ দুটা খণ্ডত দেখুওৱা হৈছিল। প্ৰথম খণ্ডত অজয় দেৱগনৰ স্ক্ৰীণ টাইম আছিল প্ৰায় এনেধৰণৰ—
আৰম্ভণিৰ পৰিচয়: প্ৰায় ১ মিনিট ১০ ছেকেণ্ড
মাজৰ লিংক: প্ৰায় ৪৭ ছেকেণ্ড
খণ্ডৰ শেষৰ অংশ: প্ৰায় ৩৬ ছেকেণ্ড। সকলো মিলাই প্ৰথম খণ্ডত অজয় দেৱগনৰ মুঠ স্ক্ৰীণ টাইম প্ৰায় ২ মিনিট ৩৩ ছেকেণ্ড। দ্বিতীয় খণ্ডত অজয় দেৱগন আছিল যদিও তেওঁৰ পৰ্দাত দেখা দিয়াৰ সময় যথেষ্ট সীমিত আছিল।
দ্বিতীয় খণ্ডত তেওঁৰ স্ক্ৰীণ টাইমৰ হিচাপটো আছিল—
আৰম্ভণিৰ পুনৰাবৃত্তি আৰু প্ৰৱেশ: প্ৰায় ২ মিনিট ৪৬ ছেকেণ্ড
মাজৰ প্ৰথম প্ৰৱেশ: প্ৰায় ১৯ ছেকেণ্ড
মাজৰ অংশ: প্ৰায় ১৬ ছেকেণ্ড
ক্লাইমেক্স বাৰ্তা: প্ৰায় ৮ ছেকেণ্ড। এই হিচাপ অনুসৰি দ্বিতীয় খণ্ডত তেওঁৰ মুঠ স্ক্ৰীণ টাইম প্ৰায় ৩ মিনিট ২৯ ছেকেণ্ড। অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় খণ্ড একেলগ কৰিলে অজয় দেৱগনৰ মুঠ দৃশ্যমান স্ক্ৰীণ টাইম প্ৰায় ৬ মিনিটৰ ওচৰা-ওচৰি।
যদি ১৫টা খণ্ডৰ বাবে অজয় দেৱগনে সঁচাকৈয়ে ৯০ কোটি টকা লৈছে বুলি ধৰা হয়, তেন্তে প্ৰতিটো খণ্ডৰ মাচুল প্ৰায় ৬ কোটি টকা আৰু যদি প্ৰতিটো খণ্ডত তেওঁ মাত্ৰ কেইমিনিটমানহে পৰ্দাত দেখা দিয়ে, তেন্তে তেওঁৰ প্ৰতি মিনিটৰ স্ক্ৰীণ টাইমৰ হিচাপ অতি বৃহৎ হৈ পৰে। উদাহৰণস্বৰূপে, এটা খণ্ডত তেওঁ প্ৰায় ২-৩ মিনিটহে দেখা দিলে ৬ কোটি টকাৰ মাচুলৰ হিচাপত প্ৰতি মিনিটৰ খৰচ ২ কোটি টকাৰো অধিক হ’ব পাৰে। অৱশ্যে এই গণনাটো কেৱল চৰ্চাত থকা ৯০ কোটি টকাৰ দাবীক ভিত্তি কৰি কৰা এটা আনুমানিক হিচাপ। স্ক্ৰীণ টাইম আৰু মাচুলৰ মাজত পোনপটীয়া সম্পৰ্ক থাকিবই লাগিব বুলি কোনো নিয়ম নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















