ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম্য। নিৰ্মাণ সামগ্ৰী, বালি, শিল-বালি আদি কঢ়িওৱা ডাম্পাৰসমূহে বহু পথত তীব্ৰ বেগত চলাচল কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুতো পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডাম্পাৰৰ অতিমাত্ৰা বেগ, অসাৱধানতাৰে অভাৰটেক কৰা আৰু যান-বাহনৰ মাজেৰে বিপজ্জনকভাৱে চলাচল কৰাৰ ফলত বহুতো সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
এইবাৰ ডাম্পাৰৰ দৌৰাত্ম দেখা গৈছে ধেমাজিত। মৰিধল কানিবিল দলঙত ডাম্পাৰৰ বাবে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুজনকৈ ছাত্ৰ। মৰিধল মহাবিদ্যালয় একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল নয়নজ্যোতি পাটৰ, আনজন যুৱকৰ নাম বিশ্বজিৎ লালুং দশম শ্ৰেণী ছাত্ৰ লালুং তিনিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ৷ দুয়োজন ছাত্ৰৰ ঘৰ ধেমাজি লালুং তিনিআলিত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ঘটনাস্থলীত চিচিবৰগাওঁ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুয়োটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ধেমাজি অসামৰিক চিকিৎসালয়লৈ।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















