অৱশেষত মৃত্য হ’ল ৰিয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ। ৰামানুজৰ মৃত্যুৰ পিছতে পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আজি ৰামানুজন গোস্বামীৰ গৌৰীপুৰৰ বাসগৃহত চলি আছিল বোৱাৰী ৰিয়া তালুকদাৰৰ আদ্যশ্ৰাদ্ধ। কিন্তু আদ্যশ্ৰাদ্ধ চলি থকাৰ মাজতে আহিল ৰামানুজ শেষ হোৱাৰ খবৰ।
পুৱতি নিশা প্ৰায় ৩ বজাত ৰামানুজ গোস্বামীক স্বাস্থ্য পৰীক্ষাৰ বাবে GMCH লৈ যোৱা হৈছিল। সেই সময়তে কাহিলিপাৰা হৈ GMCH অভিমুখে যোৱাৰ পথত নৰকাসুৰ পাহাৰৰ ওচৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় ৰামানুজ গোস্বামীয়ে। তেতিয়াই পাহাৰত মূল অভিযুক্তৰ মৃত্যু হয়। কিন্তু পুত্ৰৰ মৃত্যুক এতিয়াও সহজভাৱে ল’ব পৰা নাই পিতৃয়ে।
কেমেৰাৰ সন্মুখত পিতৃয়ে কয়, “মাতৃৰ অৱস্থা ভাল নহয়, অসুস্থ হৈ কান্দি আছে। তেওঁ নিজ গৰ্ভত ৰাখি জন্ম দিয়া সন্তান। মই এনেকুৱা ঘটনা হ’ব বুলি ভবা নাছিলোঁ। মই আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখিছিলো। ৰামানুজো ভাল আৰু ৰিয়াও ভাল আছিল। আজি ৰিয়াৰ শ্ৰাদ্ধ আছিল, তাই বেয়া হ’লে শ্ৰাদ্ধ কৰো নেকি? তাই আমাৰ ঘৰৰে বোৱাৰী আছিল।”
পুত্ৰৰ HIV সন্দৰ্ভতো সোধা প্ৰশ্নৰ উত্তৰত পিতৃয়ে কয়, মই নাযানো, মই কোনো মেডিকেল ৰিপোৰ্ট পোৱা নাই।
ইয়াৰোপৰি পিতৃয়ে আৱেগিক হৈ কয় যে, “যিজন ল’ৰাই নিজে আত্মসমৰ্পন কৰিছিল সেইজন ল’ৰাই কেনেকৈ পলাবলৈ চেষ্টা কৰিব মোৰ বিশ্বাস নহয়। তেওঁৰ এইবোৰ কথা মোৰ অলপো বিশ্বাস নহয়, গতিকে মই মৃতদেহ চাব বিচাৰো সকলো মানুহৰ সন্মুখত। এই ঘটনা মোৰ বাবে গ্ৰহণযোগ্য নহয়। মই মৃতদেহ গ্ৰহণ নকৰাৰ কথা কোৱা নাই। মই কৈছিলো এটা নিউজ চেনেলত যে মৃতদেহ গ্ৰহণ নকৰো, সেয়া এইটো কাৰণে কৈছিলো যে মই প্ৰথমে তাৰ শৰীৰত গুলীৰ চিন আছে নে নাই চাব খুজিছিলো, তাৰ পিছতহে চমজি ল’ম। যেতিয়া মই গম পাম শৰীৰত কোনো গুলীৰ চিন নাই, তেতিয়া হিন্দু নীতি-নিয়মেৰে অন্ত্যষ্টিক্ৰিয়াৰ বাবে শ্মশানলৈ লৈ যাম আৰু সকলো কাম সম্পূৰ্ণ কৰিম।”
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















