৩৮ বছৰীয়া এগৰাকী যুৱতী, নাম শালিনী ঠাকুৰ। শালিনী ঠাকুৰে নিজতকৈ প্ৰায় ১৬ বছৰ সৰু ৰোহিত নামৰ এজন যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰাই যেন কাল হল। ৰোহিতৰ আক্ৰোশৰ বলি হ’বলগীয়া হয় শালিনী ঠাকুৰ। প্ৰেম প্ৰত্যাখ্যান কৰাত ৰোহিতে গু*লীয়াই হ*ত্যা কৰে শালিনীক। আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্টোত সংঘটিত হৈছে এই হত্যাকাণ্ড। কেলিফৰ্ণিয়া আৰক্ষীৰ মতে, মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত শালিনীক গু*লীয়াই হ*ত্যা কৰে ২২ বছৰীয়া ৰোহিত নামৰ যুৱকজনে। ঘটনাৰ পিছত আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ উপস্থিতিতেই ৰোহিতে চ*ৰমপন্থা অৱলম্বন কৰে।
শালিনীৰ মাতৃ সুধেশ কুমাৰীৰ অভিযোগ অনুসৰি, ৰোহিতে প্ৰায় এবছৰ ধৰি তেওঁৰ কন্যাক অনুসৰণ কৰি আহিছিল আৰু বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল। ৰোহিতে শালিনীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ’ব বিচাৰিছিল। কিন্তু বয়সৰ যথেষ্ট পাৰ্থক্য থকাৰ বাবে শালিনীয়ে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল। ইয়াৰ পিছতে ৰোহিত ক্ষুব্ধ হৈ শালিনীক অধিক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰা বুলি শালিনীৰ পৰিয়ালে সদৰী কৰে।
আৰক্ষীৰ তথ্য অনুসৰি, শালিনীয়ে আর্ডেন-আৰ্কেড অঞ্চলৰ এটা শ্বপিং প্লাজাত কাম কৰিছিল। মঙলবাৰে কামলৈ যোৱাৰ সময়ত ৰোহিতে তেওঁৰ পিছ লৈছিল। পিছত এখন ৰেষ্টুৰেণ্টৰ বাহিৰত শালিনীক আগচি ধৰে। আতংকিত শালিনীয়ে প্ৰাণ ৰক্ষাৰ বাবে তাৰ পৰা দৌৰি পলায়নৰ চেষ্টা কৰে। কিন্তু ৰোহিতেও তেওঁৰ পিছ লয় আৰু শালিনীৰ ওপৰত কেইবাজায়ো গু*লী চলায়। ঘটনাস্থলীতে শালিনী গুৰুতৰভাৱে আহত হয় আৰু পিছত তেওঁৰ মৃ*ত্যু হয়।
ঘটনাৰ পিছত স্থানীয় লোকসকলে আৰক্ষীক ৰোহিতে ব্যৱহাৰ কৰা বাহনখনৰ বিষয়ে তথ্য দিয়ে। আৰক্ষীয়ে কিছু সময়ৰ ভিতৰতে বাহনখনৰ অৱস্থান বিচাৰি উলিয়াবলৈ সক্ষম হয়। আৰক্ষীৰ মতে, বাহনখন ইষ্টবাউণ্ড হাইৱে ৫০ত পোৱা যায়। আৰক্ষীয়ে বাহনখন ৰখাবলৈ চেষ্টা কৰাৰ সময়ত ৰোহিতে হঠাতে গাড়ীখন ৰখাই দিয়ে। আৰক্ষী গাড়ীখনৰ ওচৰলৈ যোৱাৰ সময়ত ৰোহিতক চালকৰ আসনত তে*জেৰে তুমৰলি অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীৰ উপস্থিতিৰ পূৰ্বেই তেওঁ নিজকে গু*লীয়াই আ*ত্মহ*ত্যা কৰিছিল।
ৰোহিতৰ বিৰুদ্ধে শালিনীয়ে বিগত মে’ মাহত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছত আদালতে ৰোহিতক সতৰ্কও কৰিছিল। কিন্তু আদালতৰ সতৰ্কবাণীৰ পিছতো তেওঁ শালিনীক অনুসৰণ আৰু হাৰাশাস্তি কৰা বন্ধ কৰা নাছিল বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে, আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি, ৰোহিত বৈধ নথি অবিহনে আমেৰিকাত বাস কৰি আছিল। মুখপাত্ৰগৰাকীৰ মতে, ২০২৩ চনত এৰিজোনাৰ পথেৰে আমেৰিকাত প্ৰৱেশ কৰাৰ পিছত ৰোহিতক আমেৰিকাৰ সীমান্ত টহলদাৰী বাহিনীয়ে আটক কৰিছিল। পিছত তদানীন্তন বাইডেন প্ৰশাসনৰ সময়ত তেওঁক মুকলি কৰি দিয়া হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















