চি আৰ পি এফৰ কমাণ্ডো ইউনিট CoBRA (Commando Battalion for Resolute Action)ৰ প্ৰথমগৰাকী মহিলা আই জি নিযুক্তি। ২০০৬ চনৰ আই পি এছ বিষয়া সংযুক্তা পৰাশৰক কোব্ৰাৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। যোৱা সপ্তাহত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ে তেওঁৰ নিযুক্তিৰ নিৰ্দেশ জাৰি কৰিছিল। ১৯৯৬ চনৰ বেটছৰ আই পি এছ বিষয়া দনেশ ৰানাৰ ঠাইত তেওঁ আহিব।
অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ড০ সংযুক্তা পৰাশৰৰ প্ৰায় ২১ বছৰীয়া আৰক্ষী সেৱাৰ অভিজ্ঞতা আছে। অসমত বিদ্ৰোহ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ আইৰন লেডী হিচাপে পৰিচিত।
AK-47 লৈ জংঘলত অভিযানৰ নেতৃত্ব
ড° সংযুক্তা পৰাশৰৰ নেতৃত্বত অসমৰ কেইবাটাও স্পৰ্শকাতৰ অঞ্চলত বিদ্ৰোহ বিৰোধী অভিযান। শোণিতপুৰত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত চি আৰ পি এফ আৰু আৰক্ষী কমাণ্ডোৰ সৈতে ঘন অৰণ্যত অভিযানত অংশগ্ৰহণ কৰিছিল, ব্যক্তিগতভাৱে AK-47 লৈ সৈন্যবাহিনীক নেতৃত্ব দিছিল। দেশৰ অন্যতম সাহসী আৰক্ষী বিষয়া সংযুক্তা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















