মাতৃৰ কোলাক শিশুৰ বাবে পৃথিৱীৰ আটাইতকৈ নিৰাপদ স্থান বুলি গণ্য কৰা হয়। কিন্তু পাঞ্জাবৰ চাংৰুৰ জিলাৰ ভৱানীগড় অঞ্চলত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে। অভিযোগ অনুসৰি, এগৰাকী মাতৃয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হোৱা প্ৰেমিকৰ সৈতে পলাই যোৱাৰ পৰিকল্পনা কৰি নিজৰ তিনিটা সন্তানক বি*ষাক্ত পদাৰ্থ মিহলি কৰা মিঠাই খুৱাইছিল। ইয়াৰ ফলত তিনিওটা শিশুৰ মৃ*ত্যু ঘটে। ৰাখী বন্ধনৰ দিনা সংঘটিত হৈছিল এই ঘটনা।
প্ৰথম অৱস্থাত পৰিয়ালৰ লোক আৰু আৰক্ষীয়ে ঘটনাটো খাদ্য বিষক্ৰিয়াৰ ফলত হোৱা বুলি সন্দেহ কৰিছিল। শিশুকেইটাৰ পিতৃ কুলৱিন্দৰ সিঙৰ প্ৰাথমিক বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৯৪ ধাৰাত গোচৰ ৰুজু কৰে। কিন্তু তদন্ত আগবঢ়াৰ লগে লগে আৰক্ষীৰ সন্দেহ বৃদ্ধি পায়। কিছুমান তথ্য অসংগতিপূৰ্ণ বুলি ধৰা পৰাত এছ এছ পি ডাঃ ৰৱজোত কৌৰ গ্ৰেৱালৰ নিৰ্দেশত আৰক্ষীয়ে চুবুৰীয়া আৰু পৰিয়ালৰ লোকক জেৰা আৰম্ভ কৰে। তদন্তৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰে শিশুকেইটাৰ মাতৃ লাভপ্ৰীত কৌৰৰ ছ’চিয়েল মিডিয়া একাউণ্ট।
আৰক্ষীৰ তদন্ত অনুসৰি, মাৰ্চ-এপ্ৰিল মাহত লাভপ্ৰীত কৌৰৰ ইনষ্টাগ্ৰামৰ জৰিয়তে ফাজিলকাৰ বাসিন্দা হৰজীত সিঙৰ সৈতে পৰিচয় হয়। কিছুদিনৰ ভিতৰতে তেওঁলোকৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু সেই সম্পৰ্ক প্ৰেমলৈ ৰূপান্তৰিত হয়। লাভপ্ৰীতৰ স্বামী কুলৱিন্দৰ সিং পেছাত এগৰাকী ট্ৰাক চালক। কামৰ বাবে তেওঁ প্ৰায়ে ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছিল। আৰক্ষীৰ মতে, স্বামী ঘৰত নথকাৰ সুযোগ লৈ লাভপ্ৰীতে হৰজীত সিঙক লগ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ তদন্তত অভিযোগ উঠিছে যে তিনিটা সন্তানেই তেওঁৰ এই পৰিকল্পনাৰ ক্ষেত্ৰত বাধা হৈ পৰিছিল। সেইবাবেই তেওঁ সন্তানকেইটাক বি*ষাক্ত পদাৰ্থ মিহলি কৰা মিঠাই খুৱাইছিল। ৰাখী বন্ধনৰ দিনা সংঘটিত এই ঘটনা আৰক্ষীৰ তদন্তত সম্প্ৰতি পোহৰলৈ আহিছে।
আৰক্ষীৰ জিম্মাত লাভপ্ৰীত কৌৰে ঘটনাৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ বক্তব্য দিয়া বুলি জানিব পৰা গৈছে। তেওঁৰ দাবী অনুসৰি, সন্তানকেইটাক হ*ত্যা কৰাৰ উদ্দেশ্য তেওঁৰ নাছিল। তেওঁ কেৱল শিশুকেইটাক অসুস্থ কৰাৰ উদ্দেশ্যে মিঠাইত বি*ষাক্ত পদাৰ্থ মিহলাইছিল বুলি আৰক্ষীৰ আগত কৈছিল। তেওঁৰ মতে, পৰিয়ালৰ লোকসকল শিশুকেইটাৰ চিকিৎসাক লৈ ব্যস্ত হৈ পৰাৰ সুযোগ লৈ তেওঁ হৰজীত সিঙৰ সৈতে পলাই যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু বি*ষাক্ত পদাৰ্থৰ প্ৰভাৱ অধিক হোৱাৰ ফলত শিশুকেইটাৰ মৃ*ত্যু হয় বুলি মাতৃ লাভপ্ৰীতে মন্তব্য কৰে।
অৱশ্যে আৰক্ষীয়ে এই বক্তব্যক সহজভাৱে গ্ৰহণ কৰা নাই। তদন্তকাৰীসকলৰ মতে, এই বক্তব্য নিজৰ অপৰাধৰ গুৰুত্ব কমাই দেখুওৱাৰ এক প্ৰচেষ্টা হ’ব পাৰে। ঘটনাটোৰ প্ৰকৃত কাৰণ, বি*ষাক্ত পদাৰ্থৰ উৎস আৰু মাতৃৰ উদ্দেশ্য সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে। তিনিটা নিষ্পাপ শিশুৰ এনেদৰে মৃ*ত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ সৃষ্টি কৰিছে। এগৰাকী মাতৃয়ে কিয় এনে চৰম সিদ্ধান্ত ল’লে, ঘটনাটোৰ আঁৰত প্ৰকৃততে কি আছিল আৰু এই ঘটনাত আন কোনো লোক জড়িত আছিল নেকি—এই সকলো প্ৰশ্নৰ উত্তৰ এতিয়া আৰক্ষীৰ তদন্তৰ ওপৰত নিৰ্ভৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















