ভাৰতীয় নিৰ্বাচন আয়োগৰ (ECI) মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক কেন্দ্ৰ কৰি দেশজুৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়োগৰ ভিতৰতে দুগৰাকী নিৰ্বাচন আয়ুক্ত—সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে—নিৰ্বাচনী তালিকা সংশোধন, নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তি, ভোটাৰৰ নাম কৰ্তন আৰু নিৰ্বাচনী তথ্য-প্ৰযুক্তি ব্যৱস্থাৰ নিয়ন্ত্ৰণক লৈ বিগত প্ৰায় ১০ মাহত অন্তত ১৪ বাৰ লিখিত আপত্তি জনোৱাৰ তথ্য প্ৰকাশ পাইছে। এই তথ্য The Indian Express-ৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে। অৱশ্যে, এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত নিৰ্বাচন আয়োগে বিষয়টো সম্পৰ্কে নিজৰ ব্যাখ্যাও দিছে। আয়োগৰ মতে, বিভিন্ন বিষয়ত নিৰ্বাচন আয়ুক্তসকলে মতামত বা পৰামৰ্শ দিয়া এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু চূড়ান্ত সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগৰ চৰকাৰী বিষয়াসকলৰ তালিকা অনুসৰি জ্ঞানেশ কুমাৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত। তেওঁৰ সৈতে সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বত আছে। শেহতীয়া বিতৰ্কটোৰ কেন্দ্ৰত আছে SIR—অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষভাৱে বিস্তৃত পুনৰীক্ষণ প্ৰক্ৰিয়া।

কিহক লৈ ১৪ বাৰকৈ আপত্তি কিয়?
The Indian Expressৰ প্ৰতিবেদন অনুসৰি, সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে বিগত ১০ মাহত অন্তত ১৪ বাৰ আয়োগৰ কিছুমান সিদ্ধান্ত আৰু কাৰ্যপদ্ধতিৰ বিৰুদ্ধে লিখিত আপত্তি জনাইছিল। কেতিয়াবা একেটা দিনতে একাধিক আপত্তিও উত্থাপন কৰা হৈছিল বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে। এই আপত্তিসমূহ মূলতঃ চাৰিটা ডাঙৰ বিষয়ক কেন্দ্ৰ কৰি আছিল— নতুন ভোটাৰ পঞ্জীয়নৰ নিয়ম আৰু Form 6, ভোটাৰ তালিকাৰ পৰা নাম বাদ দিয়া, SIR-ৰ সময়ত ভোটাৰৰ নাম সংযোজন বা বাদ দিয়াৰ বিৰুদ্ধে আপীল, ভোটাৰ তালিকাৰ তথ্য আৰু IT ব্যৱস্থাৰ নিয়ন্ত্ৰণ। এই আপত্তিসমূহৰ বিষয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰকো অৱগত কৰা হৈছিল বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।

Form 6ক লৈ কি আপত্তি উঠিছিল?
ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিবলৈ সাধাৰণতে Form 6 ব্যৱহাৰ কৰা হয়। প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ জুলাই মাহত Form 6ত এটা নতুন প্ৰশ্ন সংযোজন কৰা হৈছিল। নতুন ভোটাৰ বা তেওঁৰ পিতৃ-মাতৃ/ককা-আইতা আগৰ SIRৰ ভোটাৰ তালিকাত আছিল নেকি—সেই বিষয়ে তথ্য বিচৰা হৈছিল। বিবেক যোশীয়ে মে’ মাহতেই এই পৰিৱৰ্তনৰ আইনী ভিত্তিক লৈ আপত্তি উত্থাপন কৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে। সুখবীৰ সিং সান্ধুৱেও পাছত এই পৰিৱৰ্তনক “অনুমোদনহীন আৰু অবৈধ” বুলি অভিহিত কৰি আঁতৰোৱাৰ কথা কৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। ইয়াৰ মূল প্ৰশ্নটো আছিল—নিৰ্বাচনী নিয়ম সংশোধন নকৰাকৈ Form 6ত এনেধৰণৰ পৰিৱৰ্তন কৰিব পাৰিনে?
ভোটাৰ তালিকাৰ তথ্য কোনে নিয়ন্ত্ৰণ কৰিব?
আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ভোটাৰ তালিকাৰ ডিজিটেল তথ্যৰ নিয়ন্ত্ৰণ। নিৰ্বাচনী তালিকা প্ৰস্তুত আৰু সংশোধনৰ ক্ষেত্ৰত স্থানীয় Electoral Registration Officer (ERO)সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কিন্তু Indian Expressৰ অনুসন্ধান অনুসৰি, দুগৰাকী নিৰ্বাচন আয়ুক্তই ভোটাৰ তালিকাৰ IT ব্যৱস্থাত অধিক কেন্দ্ৰীভূত নিয়ন্ত্ৰণৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল। প্ৰতিবেদনত গোৱাৰ এটা ঘটনাৰো উল্লেখ আছে, য’ত ERO-এ ৯৭গৰাকী লোকক যোগ্য বুলি বিবেচনা কৰাৰ পাছতো ছফ্টৱেৰ ব্যৱস্থাৰ সমস্যাৰ বাবে সেই সিদ্ধান্ত ৰেকৰ্ড কৰিব পৰা হোৱা নাছিল বুলি দাবী কৰা হৈছে। এই বিষয়টোৱে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে—স্থানীয় বিষয়াই ভোটাৰক যোগ্য বুলি বিবেচনা কৰাৰ পাছতো কেন্দ্ৰীয় IT ব্যৱস্থাই যদি সেই সিদ্ধান্ত কাৰ্যকৰী কৰাত বাধা দিয়ে, তেন্তে চূড়ান্ত নিয়ন্ত্ৰণ কাৰ হাতত থাকিব?
পশ্চিমবংগত ভোটাৰৰ নাম কৰ্তনক লৈও বিতৰ্ক
SIRৰ আন এটা গুৰুত্বপূৰ্ণ অংশ হৈছে পশ্চিমবংগৰ ভোটাৰ তালিকা। ECI-এ উচ্চতম ন্যায়ালয়ক দিয়া তথ্য অনুসৰি, SIRৰ সময়ত পশ্চিমবংগত প্ৰায় ২৭.১৬ লাখ ভোটাৰৰ নাম বাদ পৰিছিল। ইয়াৰে প্ৰায় ২২.২১ লাখ ভোটাৰে নিজৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আপীল কৰিছে। মুঠতে সংযোজন আৰু কৰ্তনক লৈ ৩৮.৩১ লাখ আপীল দাখিল হোৱা বুলি আয়োগে আদালতক জনাইছে। ইয়াৰে ১৬.১০ লাখ আপীল এনে ভোটাৰৰ বিৰুদ্ধে কৰা হৈছিল যিসকলক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল—অৰ্থাৎ তেওঁলোকৰ নামো বাদ দিয়াৰ দাবীত আপীল কৰা হৈছিল। কিন্তু এই আপীলসমূহ কোনে দাখিল কৰিছিল, সেই বিষয়ে ECIৰ পৰা স্পষ্ট তথ্য দিয়া হোৱা নাই বুলি প্ৰতিবেদনত উল্লেখ আছে। এই বিষয়টো লৈয়ে সুখবীৰ সিং সান্ধুৱে প্ৰশ্ন উত্থাপন কৰিছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
এই বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে ২৩ ছেপ্টেম্বৰ অৰ্থাৎ এক বিবৃতি প্ৰকাশ কৰে। ECIৰ মতে, কোনো প্ৰতিষ্ঠানত সিদ্ধান্ত লোৱাৰ আগতে সদস্যসকলে প্ৰশ্ন, পৰামৰ্শ বা ভিন্ন মত আগবঢ়োৱাটো অস্বাভাৱিক নহয়। আয়োগে কয় যে এইবোৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশ। আয়োগৰ স্পষ্ট বক্তব্য হৈছে—যোৱা সময়ছোৱাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে অনুমোদিত হৈছে। লগতে ECI-এ কয় যে আইন, বিধি আৰু নিৰ্বাচনী প্ৰক্ৰিয়া অনুসৰিয়েই কাম কৰা হৈছে। অৰ্থাৎ, একে ঘটনাক লৈ দুটা পৃথক দিশ পোহৰলৈ আহিছে। একাংশ প্ৰতিবেদনত দুগৰাকী আয়ুক্তৰ লিখিত আপত্তিৰ কথা প্ৰকাশ পাইছে, আনহাতে ECI-এ কৈছে যে সেই আপত্তি বা পৰামৰ্শসমূহ চূড়ান্ত সিদ্ধান্তৰ পূৰ্বৰ স্বাভাৱিক আলোচনাৰ অংশ আৰু সিদ্ধান্তসমূহ সৰ্বসন্মত আছিল।
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ
এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত বিভিন্ন বিৰোধী দলৰ নেতাই জ্ঞানেশ কুমাৰ আৰু ECIৰ বিৰুদ্ধে কঠোৰ অভিযোগ উত্থাপন কৰিছে। জ্ঞানেশ কুমাৰৰ পদত্যাগ, SIR বন্ধ কৰা আৰু তদন্তৰ দাবী কৰিছে। ইয়াৰ মাজতে আজি এগৰাকী অধিবক্তাই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ অপৰাধমূলক কাৰ্যবিধি আৰম্ভ কৰাৰ বাবে Attorney Generalৰ অনুমতি বিচৰা বুলি The New Indian Express আৰু LiveLaw-এ প্ৰকাশ কৰিছে। এইটো বৰ্তমান এটা আবেদন/অনুমতি বিচৰা পদক্ষেপহে; ইয়াৰ অৰ্থ এইটো নহয় যে জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে আদালতে ইতিমধ্যে অৱমাননাৰ অভিযোগ প্ৰমাণ কৰিছে।

জ্ঞানেশ কুমাৰক লৈ শেহতীয়া বিতৰ্কৰ মূল বিষয় ব্যক্তিগত অভিযোগতকৈ নিৰ্বাচন আয়োগে ভোটাৰ তালিকা কেনেদৰে সংশোধন কৰে আৰু তিনিগৰাকী আয়ুক্তৰ মাজত সিদ্ধান্ত কেনেদৰে গ্ৰহণ কৰা হয়, সেই প্ৰশ্নৰ সৈতে জড়িত। এফালে দুই নিৰ্বাচন আয়ুক্তৰ লিখিত আপত্তিৰ তথ্য পোহৰলৈ আহিছে। আনফালে ECI-এ কৈছে যে এইবোৰ স্বাভাৱিক পৰামৰ্শ আৰু আলোচনাৰ অংশ আৰু চূড়ান্ত সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে। সেয়ে বৰ্তমান বিষয়টোৰ গুৰুত্বপূৰ্ণ অংশ হ’ল—এই লিখিত আপত্তিসমূহৰ প্ৰকৃত প্ৰেক্ষাপট, কোনটো সিদ্ধান্ত কেনেকৈ লোৱা হৈছিল, Form 6-ৰ পৰিৱৰ্তনৰ আইনী ভিত্তি কি আছিল, আৰু SIRৰ সময়ত ভোটাৰ তালিকাৰ ওপৰত বিভিন্ন স্তৰৰ কৰ্তৃপক্ষৰ ভূমিকা কিমান আছিল—এই প্ৰশ্নবোৰৰ স্পষ্ট তথ্য।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















