বিহাৰৰ জামুইত এগৰাকী নাবালিকাৰ ওপৰত কেইবাজনো যুৱকে কৰা নৃশং*সতাৰ ঘটনা চৰ্চাত থকাৰ মাজতে সমস্তীপুৰ জিলাৰ পৰাও এগৰাকী যুৱতীক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, সমস্তীপুৰ জিলাৰ কাৰ্পুৰিগ্ৰাম থানা এলেকাৰ অন্তৰ্গত জগতসিংহপুৰ গাঁৱৰ বন্ধ বাইপাছ পথত এই ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি, এগৰাকী যুৱতী এজন যুৱকৰ সৈতে পথটোৰে খোজ কাঢ়ি গৈ আছিল। কিছু সময়ৰ বাবে তেওঁলোকে পথত ৰৈ ফটো উঠিছিল। সেই সময়তে অঞ্চলটোৰ কেইজনমান যুৱক তাত উপস্থিত হয়।
অভিযোগ অনুসৰি, যুৱককেইজনে যুৱতীগৰাকীক অশালীন মন্তব্য কৰাৰ লগতে গালি-গালাজ কৰে আৰু যুৱতীগৰাকীক বলপূৰ্বকভাৱে অশালীনভাৱে স্পৰ্শ কৰে। যুৱতীগৰাকীয়ে ইয়াৰ প্ৰতিবাদ কৰি লম্পট যুৱককেইজনৰ সৈতে হতাহতিত লিপ্ত হয়। নিজৰ সন্মান ৰক্ষাৰ বাবে তেওঁ যুৱককেইজনক বাধা দিয়াও দেখা যায়। ঘটনাৰ এটা ভিডিঅ’ কোনো লোকে মোবাইল ফোনত ৰেকৰ্ড কৰিছিল। পিছত সেই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত অভিযুক্ত যুৱককেইজনক যুৱতীগৰাকীৰ সৈতে বেয়া আচৰণ কৰা দেখা গৈছে বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছত যুৱতীগৰাকীয়ে কোনোমতে তাৰ পৰা মুক্ত হৈ আহিবলৈ সক্ষম হয় আৰু পৰিয়ালৰ লোকক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে। খবৰটো বিয়পি পৰাৰ পিছতে অঞ্চলটোত বহু লোকৰ সমাগম হয়। আৰক্ষীকো ঘটনাটোৰ বিষয়ে অৱগত কৰা হয়।
ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সমস্তীপুৰ আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লয়। আৰক্ষীয়ে ভিডিঅ’টোৰ ভিত্তিত অভিযুক্তসকলক চিনাক্ত কৰাৰ চেষ্টা চলোৱাৰ লগতে ইতিমধ্যে ৪ লম্পটক গ্ৰেপ্তাৰ কৰা হৈছে। সমস্তীপুৰৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰতাপ সিঙেও বিষয়টো তেওঁৰ দৃষ্টিগোচৰ হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৰ ভিত্তিত তদন্ত চলোৱা হৈছে আৰু ঘটনাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















