• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

39 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

37 seconds ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

14 minutes ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

1 hour ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

2 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

4 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

5 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

5 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

6 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

‘The Locals’ নামৰ ক্লবাটোত নিশা প্ৰকৃততে হৈছিল কি?

editor by editor
October 2, 2026
in অসম, বিবিধ, লেখা
0
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
0
SHARES
169
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ খানাপাৰাস্থিত ‘The Locals’ নামৰ এটা ডিস্কো ক্লাবত নিশা সংঘটিত এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অত্যাধিক সুৰাপানৰ পাছত ক্লাবখনৰ পাৰ্কিং এলেকাত এগৰাকী অৰ্ধউলংগ যুৱতীক একাংশই প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰত্যক্ষদৰ্শী আৰু নিৰাপত্তাৰক্ষীৰ ভাষ্য অনুসৰি, ঘটনাটো নিশা প্ৰায় ১.৩০ বজাৰ পৰা ৩ বজাৰ ভিতৰত সংঘটিত হয়।

ঘটনাৰ আৰম্ভণি ক্লাবৰ ভিতৰতে হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, ক্লাবলৈ অহা এগৰাকী যুৱতীয়ে প্ৰথমে এগৰাকী মহিলা বাউন্সাৰক বিয়েৰৰ বটলেৰে আক্ৰমণ কৰে। এই আক্ৰমণত মহিলা বাউন্সাৰগৰাকী গুৰুতৰভাৱে আহত হয়। নিৰাপত্তাৰক্ষীৰ ভাষ্য অনুসৰি, বটলৰ আঘাতত বাউন্সাৰগৰাকীৰ মূৰত গভীৰ আঘাত লাগে আৰু মূৰত ১৩ টাকৈ চিলাই কৰিবলগীয়া হয়। পাছত তেওঁক চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হয়।

ইয়াৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক ক্লাবৰ ভিতৰৰ পৰা তলৰ পাৰ্কিং এলেকালৈ অনা হয়। তাত মহিলা বাউন্সাৰগৰাকীয়ে যুৱতীগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আন একাংশ লোকেও যুৱতীগৰাকীক প্ৰহাৰ কৰা বুলি অভিযোগ উঠিছে। ঘটনাৰ সময়ত যুৱতীগৰাকীক মাটিত বগৰাই বগৰাই প্ৰহাৰ কৰাৰ লগতে অৰ্ধউলংগ অৱস্থাতো প্ৰহাৰ কৰা হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

নিৰাপত্তাৰক্ষী লাচিত বৰাৰ ভাষ্য অনুসৰি, যুৱতীগৰাকী প্ৰায় আধা ঘণ্টা সময় পাৰ্কিং এলেকাত পৰি আছিল। আক্ৰমণৰ সময়ত তেওঁ মূৰৰ পৰা তেজ ওলাই থকা অৱস্থাত আছিল বুলিও প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। আনহাতে, ঘটনাত আহত মহিলা বাউন্সাৰগৰাকীক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, তেওঁৰ মূৰত গুৰুতৰ আঘাত লাগে আৰু ১৩টাকৈ চিলাই দিবলগীয়া হয়। মহিলা বাউন্সাৰগৰাকীৰ ঘৰ সোণাপুৰত বুলি নিৰাপত্তাৰক্ষীৰ ভাষ্যত প্ৰকাশ পাইছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, যুৱতীগৰাকীয়ে ক্লাবখনত অত্যাধিক সুৰাপান কছিল। সুৰাপানৰ পাছতে কোনো বিষয়ক কেন্দ্ৰ কৰি যুৱতীগৰাকীয়ে মহিলা বাউন্সাৰগৰাকীক বটলেৰে প্ৰহাৰ কৰে। ইয়াৰ পিছতে মহিলাবাউন্সাৰগৰাকীয়ে ক্ষুব্ধ হৈ যুৱতীগৰাকীক প্ৰত্যাক্ৰমণ কৰে। অৱশ্যে ঠিক কি কাৰণত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আনহাতে, ঘটনাটোৰ সৈতে ক্লাবখন অনুমোদিত সময়ৰ পাছলৈকে খোলা ৰখা হৈছিল নেকি, সেই বিষয়টোও চৰ্চালৈ আহিছে। অভিযোগ অনুসৰি, নিশা প্ৰায় ৩ বজালৈকে ক্লাবখন চলি আছিল। যদি এই অভিযোগ সত্য হয়, তেন্তে নিৰ্ধাৰিত সময়ৰ পাছতো ক্লাব চলোৱাৰ ক্ষেত্ৰত কোনো নিয়ম উলংঘন হৈছিল নেকি, সেই বিষয়টোও তদন্তৰ আওতালৈ আহিব পাৰে।

ঘটনাটোৰ পাছত ক্লাবখন বন্ধ হৈ পৰিছে। কিন্তু গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো দিছপুৰ আৰক্ষী ঘটনাস্থলীত তদন্তৰ বাবে গৈছে নে নাই, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ইফালে আক্ৰমণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিচয় বৰ্তমানলৈকে প্ৰকাশ পোৱা নাই। ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত সামাজিক মাধ্যমতো বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24nightclub
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
Next Post
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.