অসম লাইভ ২৪ঃ পঞ্চভূতত বিলীন সুযোগ্য সন্তানৰ সুযোগ্যা মাতৃ। এক শোকাকুল পৰিবেশৰ মাজত মাতৃক শেষ বিদায় জনালে পুত্ৰ লুৰীণজ্যোতি গগৈয়ে। তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱত শেষকৃত্য সম্পন্ন হ’ল দুলু গগৈৰ। মাতৃৰ মুখাগ্নি কৰিলে লুৰীণজ্যোতি গগৈয়ে। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে দীপাংক নাথ, শংকৰজ্যোতি বৰুৱা। মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃয়ে। ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ icuত চিকিৎসাধীন অৱস্থাত আছিল দুলু গগৈ। বৃহস্পতিবাৰে নিশা ১০.৪৫ বজাত শেষনিশ্বাস ত্যাগ কৰে দুলু গগৈয়ে। ২৯ মাৰ্চৰ পুৱা উচ্চৰক্তচাপৰ ফলত ষ্ট্ৰ’ক হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল লুৰীণজ্যোতি গগৈৰ মাতৃ। ইফালে, দুলু গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুলু গগৈৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে শোক প্ৰকাশ কৰিছে সমগ্ৰ অসমবাসীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ