আমি কিতাপ পঢ়ো যদিও কেতিয়াবা বহুত সৰু সৰু বস্তু আমাৰ জানিবলৈ থাকি যায়। আপুনি জানেনে ভাৰতৰ এনে এখন চহৰ আছে, যিখনক দেশৰ ‘Silicon Valley’ বুলি জনা যায়। এই চহৰখন হৈছে কৰ্ণাটক ৰাজ্যৰ ৰাজধানী বেংগালুৰু (Bengaluru)। তথ্য-প্ৰযুক্তি, বিজ্ঞান, ষ্টাৰ্টআপ আৰু আধুনিক উদ্ভাৱনৰ ক্ষেত্ৰত বেংগালুৰুৱে সমগ্ৰ বিশ্বতে এক বিশেষ স্থান দখল কৰিছে। কিন্তু এই চহৰখনৰ এনে কিছুমান আকৰ্ষণীয় তথ্য আছে, যিবোৰ বহু লোকেই হয়তো নাজানে।
ভাৰতৰ IT Hub
বেংগালুৰু ভাৰতৰ অন্যতম বৃহৎ তথ্য-প্ৰযুক্তি কেন্দ্ৰ। ইয়াত Infosys, Wipro আৰু বহু বিশ্বখ্যাত IT কোম্পানীৰ মুখ্য কাৰ্যালয় বা বৃহৎ কাৰ্যালয় আছে। সেইবাবেই চহৰখনক ‘Silicon Valley of India’ বুলি কোৱা হয়।
ভাৰতৰ মহাকাশ গৱেষণাৰ কেন্দ্ৰ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO-ৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। ভাৰতৰ মহাকাশ অভিযান আৰু উপগ্ৰহ নিৰ্মাণৰ ক্ষেত্ৰত এই চহৰখনৰ গুৰুত্ব অপৰিসীম।
এসময়ত আছিল ‘Garden City’
বেংগালুৰুক ‘Garden City of India’ বুলিও জনা যায়। লালবাগ বটানিকেল গাৰ্ডেন আৰু কাব্বন পাৰ্কৰ দৰে বিখ্যাত উদ্যানসমূহে চহৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে।
ভাৰতৰ ষ্টাৰ্টআপ ৰাজধানী
নতুন ব্যৱসায় আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বেংগালুৰু ভাৰতৰ অন্যতম আগশাৰীৰ চহৰ। বহু নতুন কোম্পানীয়ে ইয়াৰ পৰাই নিজৰ যাত্ৰা আৰম্ভ কৰিছে।
বেংগালুৰুৰ নামৰ আঁৰত আছে ইতিহাস
বেংগালুৰুৰ পুৰণি নাম আছিল Bangalore। ২০১৪ চনত ইয়াৰ নাম আনুষ্ঠানিকভাৱে Bengaluru কৰা হয়। কন্নড় ভাষা আৰু স্থানীয় সংস্কৃতিৰ সৈতে নামটো গভীৰভাৱে জড়িত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















