• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

1 hour ago
শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

7 seconds ago
‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

39 minutes ago
এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

49 minutes ago
‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

2 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

Tomorrow Horoscope: ভাগ্যই দেখুৱাব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

4 hours ago
‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

‘আমি ট্ৰাম্পক সিপুৰীলৈ পঠাম!” মধ্যকালীন নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ পৰাজয়ৰ পিছত ইৰাণত লাগিল পোষ্টাৰ

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

ধনতেৰাছৰ পূৰ্বে সোণ নে ৰূপৰ মূল্য পালে হ্ৰাস?

5 hours ago
হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

হাৰ্ট এটেকৰ লগতে ডিহাইড্ৰেচনৰ সমস্যা হ’ব দূৰ, যদি খায় এই ফল!

5 hours ago
আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

আমেৰিকাৰ Midterm নিৰ্বাচনত আব্দুলে মাৰিলে শেষ হাঁহি, ট্ৰাম্পৰ দলক পৰাস্ত কৰা প্ৰথমজন মুছলমান চিনেটৰ

6 hours ago
হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

হাইঠা মাটিত পৰিল! আমেৰিকাৰ Midterm নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিলে ট্ৰাম্পে

6 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

মৃত্যুৰ পিছতো শান্তি পোৱা নাই ঘনকান্তই! ঘনকান্তৰ বিৰুদ্ধে নতুনকৈ জামিন বিহীন গোচৰ ৰুজু

6 hours ago
পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

পৃথিৱীৰ কোনখন দেশত সূৰ্য ৬ মাহ অস্ত নাযায়? বহু পৰীক্ষাৰ্থীয়ে দিয়ে এনে প্ৰশ্নৰ ভুল উত্তৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’

পুনৰ একেলগে যতীন বৰা-তপন দাসৰ যুটী

editor by editor
November 4, 2026
in অসম, চিনেমা, বিনোদন, লেখা
0
২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ৭ লাখ লোকে চালে ‘অদৃশ্য’
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আৰু তপন দাসৰ যুটীক পুনৰ ৰূপালী পৰ্দাত দেখিবলৈ পাব দৰ্শকে। ‘দাগ’ ছবিৰ পিছত এইবাৰ ‘অদৃশ্য’ নামৰ নতুন অসমীয়া ছবিখনৰ জৰিয়তে এক নতুন আৰু পূৰ্ণাংগ ৰূপত আৰু পৃথক চৰিত্ৰৰে দৰ্শকৰ মাজলৈ আহিবলৈ সাজু হৈছে দুই জনপ্ৰিয় অভিনেতা। ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ ২৪ ঘণ্টাৰ ভিতৰতে কেৱল youtubeতেই প্ৰায় ৭ লাখ ভিউজ লাভ কৰাই ছবিখনক লৈ দৰ্শকৰ আগ্ৰহৰ উমান দিছে।

আগন্তুক ২০ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব ‘অদৃশ্য’ই। ৰহস্য আৰু ৰোমাঞ্চৰে ভৰপূৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। ছবিখনৰ প্ৰযোজনা কৰিছে যতীন বৰাৰ পত্নী নৱনীতা শৰ্মাই।

নব্বৈৰ দশকৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতত চৰ্চিত হৈ অহা দুগৰাকী স্বনামধন্য অভিনেতা যতীন বৰা আৰু তপন দাস। ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰহিট ছবি ‘দাগ’ত দুয়োকে একেলগে দেখা গৈছিল। দুয়োগৰাকী অভিনেতাই বিভিন্ন ছবিত একেলগে অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ‘দাগ’ ছবিত এই দুই অভিনেতাৰ মাজৰ সংঘাত আৰু অভিনয়ৰ ৰসায়নে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল।

এইবাৰ ‘অদৃশ্য’ ছবিখনত যতীন বৰা আৰু তপন দাসৰ মাজৰ সংঘাতক ছবিখনৰ আৰম্ভণিৰ পৰা শেষলৈকে পূৰ্ণাংগ ৰূপত দেখিবলৈ পাব দৰ্শকে। যতীন বৰাই জানিবলৈ দিয়া মতে, তেওঁ তপন দাসৰ সৈতে পূৰ্বেও বিভিন্ন ছবিত অভিনয় কৰিছে যদিও ‘অদৃশ্য’ত দুয়োৰে মাজৰ সংঘাতৰ দৃশ্যসমূহ বিশেষভাৱে উপস্থাপন কৰা হৈছে।

ছবিখনৰ প্ৰযোজক নৱনীতা শৰ্মাই জানিবলৈ দিয়ে যে ‘দাগ’ ছবিত দৰ্শকে যতীন বৰা আৰু তপন দাসৰ যি অভিনয়ৰ ৰসায়ন দীৰ্ঘসময়ৰ বাবে উপভোগ কৰিছিল, সেই একেই আকৰ্ষণীয় যুটী ‘অদৃশ্য’ৰ জৰিয়তেও পুনৰ দেখিবলৈ পাব। তেওঁৰ মতে, ছবিখনত তপন দাসক এক সম্পূৰ্ণ নতুন আৰু দৰ্শকে পূৰ্বতে নেদেখা ৰূপত উপস্থাপন কৰা হৈছে। ছবিখনৰ টিজাৰ দৰ্শকে যথেষ্ট ভাল পোৱাত ছবিখনক লৈ পৰিচালক, প্ৰযোজক তথা কলা-কুশলীসকলৰ উৎকণ্ঠা আৰু আশাও বৃদ্ধি পাইছে। ৩ নৱেম্বৰত যোৰহাটৰ ইলি চিনেমা হলত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। যোৰহাট প্ৰেছ ক্লাবত উপস্থিত হৈ অভিনেতা যতীন বৰাই ছবিখনৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ‘অদৃশ্য’ ছবিখনৰ শ্বুটিঙৰ সৈতে যোৰহাটৰো বিশেষ সম্পৰ্ক আছে।

‘অদৃশ্য’ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় সংগীত পৰিচালক ৰূপম ভূঞা। ইতিমধ্যে ছবিখনৰ ‘আধলি’ শীৰ্ষক এটি গীত মুকলি কৰা হৈছে। ৰূপম ভূঞা আৰু জুবলিয়ে কণ্ঠদান কৰা গীতটোৱে ইতিমধ্যে শ্ৰোতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে। গীতটোক দৰ্শক-শ্ৰোতাই আদৰি লোৱাত ছবিখনৰ সংগীতক লৈও আশাবাদী ছবিখনৰ দল।

‘অদৃশ্য’ ছবিখনত যতীন বৰা আৰু তপন দাসৰ লগতে অভিনয় কৰিছে প্ৰিয়ম পল্লৱী, প্ৰণামী বৰা, হিমাংশু প্ৰসাদ দাসকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ছিক্সথ ছেন্স ছিম্ফণী, কাদম্বৰী কানেক্টিভ প্ৰাইভেট লিমিটেড আৰু জেবি প্ৰডাকশ্বনছৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

ৰহস্য, ৰোমাঞ্চ, সংঘাত আৰু দুই জনপ্ৰিয় অভিনেতাৰ অভিনয়ৰ নতুন ৰসায়নেৰে ‘অদৃশ্য’ই অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে। ট্ৰেইলাৰ মুক্তিৰ পিছতে লাভ কৰা প্ৰায় ৭ লাখ ভিউজে ছবিখনৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছে। এতিয়া ২০ নৱেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ পিছত ‘অদৃশ্য’ই দৰ্শকৰ মন জয় কৰিবলৈ কিমানদূৰ সক্ষম হয়, সেয়া লক্ষণীয় হ’ব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ
জীৱনশৈলী

শীঘ্ৰেই ৰে’লেৰেই যাত্ৰা কৰিব পাৰিব লাডাখলৈ

November 4, 2026
‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?
অসম

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

November 4, 2026
এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি
বিনোদন

এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

November 4, 2026
‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’
অপৰাধ

‘ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক, আইনবহিৰ্ভূত’

November 4, 2026
Next Post
এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

এইবাৰ আয়ুষ্মান খুৰানালৈ ভয়ংকৰ ভাবুকি

‘ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে’ কাৰ এই বিস্ফোৰক মন্তব্য?

'ঘনকান্তই অকলে এই কাম কৰিব নোৱাৰে' কাৰ এই বিস্ফোৰক মন্তব্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.