• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

2 hours ago
আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

4 minutes ago
একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

60 minutes ago
প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

3 hours ago
‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

3 hours ago
মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

4 hours ago
জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

4 hours ago
‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

5 hours ago
পৰিত্যক্ত কয়লাৰ পাহাৰ খহি ৩ মহিলাৰ মৃত্যু

পৰিত্যক্ত কয়লাৰ পাহাৰ খহি ৩ মহিলাৰ মৃত্যু

5 hours ago
এতিয়াই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্তৰ

এতিয়াই মৰণোত্তৰ পৰীক্ষা নহয় ঘনকান্তৰ

6 hours ago
বিহালীত একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুৰ ৰহস্য কি?

বিহালীত একে পৰিয়ালৰ ৩ সদস্যৰ মৃত্যুৰ ৰহস্য কি?

6 hours ago
বৃহৎ উচ্ছেদ অভিযানৰ প্ৰস্তুতি! নামনি অসমৰ ১,২৪৩ বিঘা ভূমিত চলিব উচ্ছেদ

বৃহৎ উচ্ছেদ অভিযানৰ প্ৰস্তুতি! নামনি অসমৰ ১,২৪৩ বিঘা ভূমিত চলিব উচ্ছেদ

19 hours ago
কেনে যাব আপোনাৰ কাইলৈৰ দিনটো?

কেনে যাব আপোনাৰ কাইলৈৰ দিনটো?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

জানক কি আছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত

editor by editor
November 5, 2026
in অপৰাধ, ভাৰত, লেখা
0
সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!
0
SHARES
29
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে কেৰালা উচ্চ ন্যায়ালয়ে। এনে চালকৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰাৰ ক্ষেত্ৰত মটৰ গাড়ী বিভাগে (MVD) দেখুওৱা অনিচ্ছাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আদালতে। ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাইছে মাৰাত্মক পথ দুৰ্ঘটনাৰ ঘটনা। বিশেষকৈ মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত বহু লোকৰ জীৱন হেৰুৱাবলগীয়া হৈছে। এনে পৰিস্থিতিত মদ্যপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰিছে আদালতে।

ন্যায়াধীশ কৌছাৰ এদাপ্পাগাথে কয় যে, মটৰ গাড়ী বিভাগৰ বিষয়াসকলে মদ্যপান কৰি গাড়ী চলোৱা চালকৰ অনুজ্ঞাপত্ৰ বাতিল বা নিলম্বন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ক্ষমতা ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাটো উদ্বেগজনক। ইয়াৰ ফলত আইনখনৰ প্ৰকৃত উদ্দেশ্য ব্যাহত হোৱাৰ লগতে এনে অপৰাধ ৰোধ কৰাৰ ক্ষমতাও হ্ৰাস পাইছে।

আদালতে স্পষ্ট কৰি দিয়ে যে মটৰ গাড়ী আইনৰ ১৯ নং ধাৰাত মদ্যপান কৰি গাড়ী চলোৱা চালকৰ ড্ৰাইভিং লাইচেন্স অযোগ্য ঘোষণা বা বাতিল কৰাৰ ক্ষমতা কৰ্তৃপক্ষৰ হাতত আছে। কিন্তু এই ক্ষমতা খুব কম ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হৈছে। আদালতৰ মতে, মদ্যপান কৰি গাড়ী চলোৱাৰ ফলত মানুহৰ জীৱন বিপদত পৰাৰ লগতে বহু পৰিয়াল ধ্বংস হৈছে। সেয়েহে এনে চালকৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী।

পৰিবহণ আয়ুক্তক কঠোৰ নিৰ্দেশ আদালতৰ

কেৰালা উচ্চ ন্যায়ালয়ে পৰিবহণ আয়ুক্তক নিৰ্দেশ দিছে যাতে মদ্যপান কৰি গাড়ী চলোৱাৰ প্ৰতিটো উপযুক্ত গোচৰত মটৰ গাড়ী আইনৰ ১৯ নং ধাৰা অনুসৰি তৎকালীন আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হয়। আদালতে লগতে কয় যে এই আইন কঠোৰভাৱে বলৱৎ কৰিলে দোষী চালকসকলৰ মাজত আইনৰ প্ৰতি ভয় সৃষ্টি হ’ব। ইয়াৰ ফলত ৰাজহুৱা পথত অসাৱধানতাৰে গাড়ী চলোৱা আৰু আনৰ জীৱন বিপদত পেলোৱা লোকসকলক নিয়ন্ত্ৰণ কৰাত সহায়ক হ’ব।

এটা পথ দুৰ্ঘটনাৰ গোচৰৰ শুনানিৰ সময়তে কেৰালা উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। অভিযোগ অনুসৰি, এজন ব্যক্তিয়ে মদ্যপান কৰি গাড়ী চলাই থকা অৱস্থাত এজন মটৰ চাইকেল আৰোহীক খুন্দা মাৰিছিল। দুৰ্ঘটনাটোত লোকজন গুৰুতৰভাৱে আহত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়।

এই গোচৰতে অভিযুক্তক জামিন প্ৰদান কৰাৰ সময়ত আদালতে তদন্তকাৰী বিষয়াক অভিযুক্তৰ ড্ৰাইভিং লাইচেন্স আৰু আন প্ৰয়োজনীয় নথি-পত্ৰ তৎক্ষণাত অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত কৰ্তৃপক্ষই প্ৰাকৃতিক ন্যায়ৰ নীতি মানি আইন অনুসৰি অভিযুক্তৰ ড্ৰাইভিং লাইচেন্সৰ সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি আদালতে স্পষ্ট কৰি দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট
বিনোদন

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

November 5, 2026
একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা
বিনোদন

একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

November 5, 2026
প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE
অসম

প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

November 5, 2026
‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’
ভাৰত

‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

November 5, 2026
Next Post
একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.