দৰঙৰ মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক বিদ্যালয়ৰ পৰাই পলুৱাই নিয়াৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। কিশোৰীগৰাকীক পলুৱাই নিবলৈ অহা নৌছাদ আলী নামৰ এজন দমকল মিস্ত্ৰীক হাতে-লোতে আটক কৰে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে।
প্ৰাপ্ত তথ্য অনুসৰি, নৱম শ্ৰেণীত পঢ়ি থকা এগৰাকী হিন্দু কিশোৰীক বিদ্যালয়ৰ পৰাই পলুৱাই নিয়াৰ চেষ্টা চলাইছিল নৌছাদ আলী নামৰ ব্যক্তিজনে। নৌছাদ আলীৰ ঘৰ মঙলদৈৰ ওন্দোলাঝাৰত বুলি জানিব পৰা গৈছে। ঘটনাটোৱে কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
অভিযোগ অনুসৰি, কিশোৰীগৰাকীক পলুৱাই নিয়াৰ চেষ্টা চলোৱাৰ সময়তে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে নৌছাদ আলীক আটক কৰে। পৰৱৰ্তী সময়ত তেওঁক ধৰি বান্ধি ৰখাৰ পিছত ৰাইজৰ সহযোগত পৰিয়ালে মঙলদৈ আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে।
খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় মঙলদৈ আৰক্ষীৰ এটা দল। আৰক্ষীয়ে নৌছাদ আলীক নিজৰ জিম্মাত লৈ মঙলদৈ থানালৈ লৈ যায়। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত সোধা-পোছ অব্যাহত ৰাখিছে। কিশোৰীগৰাকীক পলুৱাই নিয়াৰ চেষ্টা চলোৱাৰ আঁৰত কি উদ্দেশ্য আছিল, সেই সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পিছতহে অধিক তথ্য পোহৰলৈ আহিব।
ইফালে, এই ঘটনাক লৈ দৰঙৰ বিভিন্ন হিন্দু সংগঠনৰ নেতাসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এনে ঘটনা যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। লগতে কিশোৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰশাসন আৰু আৰক্ষীক অধিক সতৰ্ক হ’বলৈও আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, এগৰাকী কিশোৰীক বিদ্যালয়ৰ পৰা পলুৱাই নিয়াৰ চেষ্টা চলোৱাৰ অভিযোগে অঞ্চলটোত উদ্বেগৰ সৃষ্টি কৰিছে। অৱশ্যে, ঘটনাটোৰ প্ৰকৃত সত্যতা আৰু অভিযুক্তৰ উদ্দেশ্য আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















