উৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ইনষ্টাগ্ৰামৰ জৰিয়তে পৰিচয়, তাৰ পিছত প্ৰেমৰ প্ৰলোভন আৰু অৱশেষত এগৰাকী কিশোৰীক অসমৰ পৰা বিহাৰলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যত লাভ জেহাদৰ অভিযোগেৰে ব্যাপক চৰ্চা চলিছে।
প্ৰাপ্ত তথ্য অনুসৰি, গহপুৰৰ এগৰাকী কিশোৰীৰ সৈতে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হৈছিল উত্তৰ প্ৰদেশৰ বিজনোৰৰ বাসিন্দা মহম্মদ বিশাল নামৰ এজন যুৱকৰ। অভিযোগ অনুসৰি, যুৱকজনে নিজৰ প্ৰকৃত পৰিচয় গোপনে ৰাখি নিজৰ পৰিচয় কেৱল বিশাল হিচাপে দি কিশোৰীগৰাকীৰ সৈতে ঘনিষ্ঠতা গঢ়ি তুলিছিল। সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ হোৱা এই চিনাকি ক্ৰমাৎ প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হয়।
অভিযোগ অনুসৰি, প্ৰেমৰ প্ৰলোভনেৰে কিশোৰীগৰাকীক অসমৰ পৰা বিহাৰলৈ লৈ যায় যুৱকজনে। ঘটনাটোৱে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে ৩ নৱেম্বৰত। উক্ত দিনটোতেই কিশোৰীগৰাকীৰ সৈতে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাই কিশোৰীগৰাকীৰ পৰিয়ালৰ মাজত তীব্ৰ উদ্বেগ আৰু আতংকৰ সৃষ্টি কৰে।
কিশোৰীগৰাকীৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত বিহাৰৰ পৰা উদ্ধাৰ কৰা হয় কিশোৰীগৰাকীক। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মহম্মদ বিশালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত অভিযুক্ত যুৱকজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।
ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমক ব্যৱহাৰ কৰি কিশোৰ-কিশোৰীৰ সৈতে পৰিচয় গঢ়ি তোলা আৰু প্ৰেমৰ প্ৰলোভনেৰে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগে এই ঘটনাক কেন্দ্ৰ কৰি নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত অভিভাৱকসকল অধিক সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ চৰ্চালৈ আহিছে। সামাজিক মাধ্যমত অচিনাকি ব্যক্তিৰ সৈতে চিনাকি হওঁতে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। বিশেষকৈ কিশোৰ-কিশোৰীসকলক অনলাইন পৰিচয়ৰ আঁৰত লুকাই থকা সম্ভাৱ্য বিপদৰ বিষয়ে সচেতন কৰি তোলাটো সময়ৰ আহ্বান।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















