দুগৰাকী বিদেশী মহিলাক দলবদ্ধ ধ*ৰ্ষণ, অপহৰণ আৰু ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা সংঘটিত হৈছে পাকিস্তানত। এই গোচৰত উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰৰ নাতি ৰাজা দাৰকে ধৰি মুঠ ৮জন লোকৰ বিৰুদ্ধে আদালতে অভিযোগ উত্থাপন কৰিছে। লাহোৰৰ এখন আদালতে মঙলবাৰে অভিযুক্তসকলৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰে।
প্ৰাপ্ত তথ্য অনুসৰি অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ ৰাফাকাত আলী গণ্ডালে এই গোচৰত অভিযোগ উত্থাপন কৰে। অৱশ্যে অভিযুক্ত আটাইকেইজনেই নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। প্ৰতিবেদন অনুসৰি, আদালতে ৯ ডিচেম্বৰত সাক্ষীৰ বক্তব্য গ্ৰহণৰ বাবে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। বৰ্তমান আটাইকেইজন অভিযুক্ত ন্যায়িক জিম্মাত আছে। উল্লেখ্য যে বিগত জুলাইত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।
আনহাতে, এই গোচৰটোক লৈ আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। পাঞ্জাব আৰক্ষীয়ে ইয়াৰ পূৰ্বে ৰাজা দাৰ আৰু তেওঁৰ চাৰিজন বন্ধুক ধ*ৰ্ষণৰ অভিযোগৰ পৰা মুক্ত কৰিছিল। আৰক্ষীয়ে প্ৰথমে আদালতত দাখিল কৰা প্ৰতিবেদনত ৰাজা দাৰৰ কৰ্মচাৰীসকলক এই অপৰাধৰ বাবে দায়ী কৰা হৈছিল বুলি প্ৰকাশ পাইছে।
নেদাৰলেণ্ড, ভেনিজুৱেলাৰ মহিলাৰে দলবদ্ধ ধ*ৰ্ষণ!
আৰক্ষীৰ অভিযোগ অনুসৰি, চলিত বৰ্ষৰ জুন মাহত ব্যৱসায়িক কামত পাকিস্তানৰ লাহোৰলৈ অহা নেদাৰলেণ্ড আৰু ভেনিজুৱেলাৰ দুগৰাকী মহিলাক ৰাজা দাৰ আৰু তেওঁৰ চাৰিজন সহযোগীয়ে অপহৰণ কৰি দলবদ্ধ ধ*ৰ্ষণ কৰিছিল। মহিলা দুগৰাকীৰ চিকিৎসা পৰীক্ষাত ধ*ৰ্ষণৰ অভিযোগৰ সমৰ্থনত তথ্য পোৱা গৈছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছে। ঘটনাৰ পিছত দুয়োগৰাকী মহিলাৰ বক্তব্য লিপিবদ্ধ কৰা হয়। তাৰ পিছত তেওঁলোকে নিজৰ নিজৰ দেশলৈ উভতি যায়।
আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, মহিলা দুগৰাকীয়ে ২০২৫ চনত ছিংগাপুৰত প্ৰথমবাৰৰ বাবে ৰাজা দাৰক লগ পাইছিল। সেই সময়ত তেওঁলোকে ৰাজা দাৰক ক্ৰিপ্টোকাৰেন্সী ব্যৱসায়ত বিনিয়োগ কৰাৰ প্ৰস্তাৱ দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















