ধুবুৰীত চলি থকা উচ্ছেদ অভিযানক লৈ সৰৱ হৈ পৰিছে বদৰুদ্দিন আজমল। উচ্ছেদৰ প্ৰসংগত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক তীব্ৰ ভাষাৰে সমালোচনা কৰি একাধিক বিস্ফোৰক মন্তব্য কৰিছে আজমলে। ৰকিবুল হুছেইনৰ বিৰুদ্ধে গাড্ডাৰী কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁ মুছলমানৰ ক্ষতি কৰা বুলিও মন্তব্য কৰে আজমলে।
আজমলে অভিযোগ কৰে যে ৰকিবুল হুছেইনৰ গাড্ডাৰীৰ বাবেই ধুবুৰীত উচ্ছেদ অভিযান চলিছে। ৰকিবুল হুছেইনে মুছলমানসকলক শেষ কৰিছে বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। লগতে ৰকিবুল হুছেইনে অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি দাবী জনায় আজমলে। কংগ্ৰেছৰ ভিতৰচ’ৰাৰ ৰাজনৈতিক সমীকৰণক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে আজমলে। তেওঁৰ অভিযোগ অনুসৰি, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে মিলি প্ৰায় ৭ লাখ কংগ্ৰেছী ভোট বিজেপিলৈ স্থানান্তৰ কৰিছে। এই দুয়োগৰাকী নেতাৰ নেতৃত্বক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ।
ইয়াৰ উপৰি নগাঁও উপ-নিৰ্বাচনত নিজৰ পৰাজয়ৰ বাবেও গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক দায়ী কৰে বদৰুদ্দিন আজমলে। তেওঁৰ মতে, এই দুয়োগৰাকী নেতাই তেওঁক পৰাজিত কৰাত ভূমিকা পালন কৰিছে। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক ‘ফেইল লীডাৰ’ বুলি অভিহিত কৰি আজমলে কয় যে তেওঁলোক দলৰ নেতৃত্বত থকালৈকে অসমত কংগ্ৰেছৰ কোনো উন্নতি নহ’ব।
আজমলে লগতে দাবী কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক দলৰ পৰা আঁতৰাই দিলেহে অসমত কংগ্ৰেছ দল পুনৰ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ধুবুৰীৰ উচ্ছেদক কেন্দ্ৰ কৰি আজমলৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ কংগ্ৰেছৰ দুই শীৰ্ষ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে আজমলে উত্থাপন কৰা অভিযোগসমূহে অসমত বিৰোধী ৰাজনীতিৰ ভিতৰচ’ৰাৰ সংঘাতক পুনৰ চৰ্চালৈ আনিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















