১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষত নিহত হোৱা লোকসকলৰ পৰিয়ালৰ সদস্য আৰু দিল্লী শিখ গুৰুদ্বাৰা পৰিচালনা সমিতিৰ সদস্যসকলে বৃহস্পতিবাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লীৰ ৰাকাবগঞ্জ গুৰুদ্বাৰাত প্ৰতিবাদকাৰীসকলে গ্ৰন্থখনৰ প্ৰতিলিপি দাহ কৰি ১৯৮৪ চনৰ হিংসাত্মক ঘটনাক লৈ ছোনিয়া গান্ধীয়ে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰে।
ছোনিয়া গান্ধীয়ে তেওঁৰ গ্ৰন্থত স্বামী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বিষয়ে উল্লেখ কৰি লিখিছে যে তেওঁৰ হৃদয়ত কোনো পক্ষপাতিত্ব বা কুৎসিত মনোভাৱ নাছিল। কিন্তু সেই সময়ৰ পৰিস্থিতিয়ে তেওঁক এনে এক ঐতিহাসিক মুহূৰ্তৰ সন্মুখীন কৰাইছিল, য’ত শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে বিফল হৈছিল আৰু তাৰ ফলত ভয়ংকৰ হিংসাৰ পথ মুকলি হৈছিল।
তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হ*ত্যাকাণ্ডৰ পাছত দেশত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়েও ছোনিয়া গান্ধীয়ে স্মৃতিগ্ৰন্থখনত উল্লেখ কৰিছে। তেওঁৰ মতে, ইন্দিৰা গান্ধীৰ হ*ত্যাৰ খবৰ দ্ৰুতগতিত বিয়পি পৰিছিল। প্ৰথম অৱস্থাত বহু লোকে জৰ্নৈল সিং ভীন্দ্ৰনৱালেৰ মৃত্যুক আদৰণি জনাইছিল যদিও ইন্দিৰা গান্ধীৰ হ*ত্যাকাণ্ডৰ পাছত পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হৈ পৰে।
ছোনিয়া গান্ধীয়ে লিখিছে যে সেইদিনা বিয়লিৰ পৰাই দিল্লীৰ বিভিন্ন অঞ্চল আৰু দিল্লীৰ বাহিৰতো সংঘৰ্ষ আৰম্ভ হৈছিল। নিৰীহ শিখ লোকসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ আৰু হিংসাত্মক আক্ৰমণ চলোৱা হৈছিল। কেৱল দিল্লীতে ২,০০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। তেওঁৰ মতে, এই হ*ত্যাকাণ্ডসমূহ অতি নিষ্ঠুৰ আৰু নিৰ্দয়ভাৱে সংঘটিত কৰা হৈছিল।
ছোনিয়া গান্ধীৰ গ্ৰন্থক লৈ বিজেপিৰ প্ৰশ্ন
ছোনিয়া গান্ধীৰ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতেই বিজেপিৰ কেইবাগৰাকীও নেতাই ইয়াত উল্লেখ কৰা তথ্যসমূহক লৈ আপত্তি প্ৰকাশ কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি, স্মৃতিগ্ৰন্থখনৰ কিছু বক্তব্য চৰকাৰী অভিলেখ আৰু ঐতিহাসিক নথি-পত্ৰৰ সৈতে মিল নাখায়। বিজেপি নেতা ধিলনে অভিযোগ কৰে যে এই স্মৃতিগ্ৰন্থখনৰ জৰিয়তে কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ ১৯৮৪ চনৰ ঘটনাৰ সৈতে জড়িত ভূমিকাক গোপন কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ ছোনিয়া গান্ধীৰ সেই বক্তব্যক লৈও প্ৰশ্ন উত্থাপন কৰে, য’ত উল্লেখ কৰা হৈছে যে ১৯৮৪ চনৰ জুন মাহত অপাৰেচন ব্লু ষ্টাৰৰ পাছত সামৰিক অভিযানৰ দৃশ্য চোৱাৰ সময়ত ইন্দিৰা গান্ধীয়ে দুখ আৰু অনুশোচনাত চকুলো টুকিছিল। ধিলনে প্ৰশ্ন কৰে, যদি সঁচাকৈয়ে অনুশোচনা আছিল, তেন্তে দশক দশক ধৰি সত্য কিয় প্ৰকাশ কৰা হোৱা নাছিল?
তেওঁৰ মতে, স্বৰ্ণমন্দিৰ চৌহদত চলোৱা সামৰিক অভিযান আৰু ১৯৮৪ চনৰ নৱেম্বৰ মাহত শিখসকলৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাত্মক ঘটনাসমূহক কেৱল এক দুখজনক অধ্যায় বুলি অভিহিত কৰিলেই নহ’ব। এই ঘটনাসমূহৰ বাবে দায়ী ব্যক্তিসকলৰ জবাবদিহিতা নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়।
১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষ ভাৰতৰ ইতিহাসৰ এক অতি সংবেদনশীল আৰু দুখজনক অধ্যায়। ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থত কৰা মন্তব্যক লৈ নতুনকৈ সৃষ্টি হোৱা বিতৰ্কই সেই সময়ৰ ঘটনাসমূহ, ৰাজনৈতিক দায়বদ্ধতা আৰু ন্যায়ৰ দাবীক পুনৰ চৰ্চালৈ আনিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















