১৯ নৱেম্বৰ, বৃহস্পতিবাৰৰ দিনটো জ্যোতিষীয় দৃষ্টিকোণৰ পৰা কেইবাটাও ৰাশিৰ বাবে বিশেষ শুভ হ’ব পাৰে। গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ প্ৰভাৱত আজি কিছুমান ৰাশিৰ জাতক-জাতিকাই কৰ্মক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ লগতে আৰ্থিক দিশতো ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ বৃষ, কন্যা আৰু কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো আশাব্যঞ্জক বুলি গণ্য কৰা হৈছে।
বৃষ ৰাশি (Taurus)
বৃষ ৰাশিৰ লোকসকলৰ বাবে আজি কৰ্মক্ষেত্ৰত সাফল্য আৰু সন্মান লাভৰ দিন হ’ব পাৰে। দীৰ্ঘদিন ধৰি কৰি অহা পৰিশ্ৰমৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক উন্নত হ’ব পাৰে আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও লাভজনক সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে।
কুম্ভ ৰাশি (Aquarius)
আজি কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বাবে বিশেষ শুভ সম্ভাৱনা দেখা গৈছে। নতুন চিন্তা, পৰিকল্পনা আৰু কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে। কোনো পুৰণি সমস্যাৰ সমাধান বিচাৰি পোৱাৰ লগতে নতুন যোগাযোগৰ জৰিয়তে ভৱিষ্যতে লাভৱান হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আবেগিক সিদ্ধান্ত আৰু অতিৰিক্ত আত্মবিশ্বাসৰ পৰা আঁতৰি থাকক।
কন্যা ৰাশি (Virgo)
কন্যা ৰাশিৰ জাতক-জাতিকাৰ বাবে আজি প্ৰতিযোগিতাত সফলতা আৰু কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ লগতে নতুন দায়িত্ব গ্ৰহণ কৰিব পাৰে। আৰ্থিক দিশত কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু সকাহ অনুভৱ কৰিব পাৰে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















