• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

51 seconds ago
এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

এ আই ইউ ডি এফৰ ভৱিষ্যৎ কি? : ভাস্কৰজ্যোতি বৰা

39 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

1 hour ago
টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

2 hours ago
সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

2 hours ago
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

3 hours ago
টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

টকলা মূৰত পুনৰ গজিব চুলি! ঔষধৰ সলনি নতুন যন্ত্ৰ উদ্ভাৱন বিজ্ঞানীৰ

3 hours ago
‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

‘চৰকাৰে কৰৰ বোজা হ্ৰাস কৰিলে, আপোনালোকে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিলেনে?’ প্ৰশ্ন মোদীৰ

4 hours ago
পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

পত্নীক স্বামীয়ে কোলাত বহুওৱাটো ভাৰতীয় সংস্কৃতিৰ পৰিপন্থী নেকি?

4 hours ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

5 hours ago
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

6 hours ago
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

6 hours ago
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল

ক'ত, ক'ত হাই এলাৰ্ট জাৰি?

editor by editor
November 19, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ভ্ৰমণ
0
ভয়াৱহ ঘূৰ্ণীবতাহৰ ভাবুকি! ৩৯খন ৰে’ল বাতিল
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বংগোপসাগৰত সৃষ্টি হোৱা শক্তিশালী ঘূৰ্ণীবতাহ ‘আকৱান’ক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে কেইবাখনো ৰাজ্যৰ প্ৰশাসন। ঘূৰ্ণীবতাহৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আনকি যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল বিভাগে বাতিল কৰিছে ৩৯খন ৰে’ল। ইয়াৰ উপৰি আন ২৮খন ৰে’লৰ যাত্ৰাৰ সময় সলনি কৰা হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য অনুসৰি, শুকুৰবাৰে অৰ্থাৎ ২০ নৱেম্বৰৰ ভিতৰত ঘূৰ্ণীবতাহ ‘আকৱান’ই উত্তৰ অন্ধ্ৰপ্ৰদেশ আৰু দক্ষিণ ওড়িশাৰ উপকূলীয় অঞ্চলত স্থলভাগত প্ৰৱেশ কৰাৰ আশংকা আছে। সেই সময়ত ধুমুহাৰ গতিবেগ ঘণ্টাত ৯০ৰ পৰা ১১০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰ ফলত উপকূলীয় অঞ্চলসমূহত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু সাগৰৰ ঢৌ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

১৯ নৱেম্বৰত প্ৰকাশ কৰা বতৰ বিজ্ঞান বিভাগৰ বুলেটিন অনুসৰি, ঘূৰ্ণীবতাহ বৰ্তমান পশ্চিম-মধ্য বংগোপসাগৰৰ ওপৰত সক্ৰিয় হৈ আছে। বিগত ছয় ঘণ্টাত ই ঘণ্টাত প্ৰায় ১৩ কিলোমিটাৰ বেগেৰে উত্তৰ দিশলৈ গতি কৰিছে। ঘূৰ্ণীবতাহৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহেও উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

৩৯খন ৰে’ল বাতিল

ঘূৰ্ণীবতাহ ‘আকৱান’ৰ প্ৰভাৱৰ পৰা যাত্ৰীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ ইষ্ট ক’ষ্ট ৰে’লৱেই ৩৯খন ৰে’লৰ চলাচল বাতিল কৰিছে। ১৯, ২০ আৰু ২১ নৱেম্বৰত চলাচল কৰিবলগীয়া এই ৰে’লসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইষ্ট ক’ষ্ট ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া দীপক ৰাউটে জানিবলৈ দিয়া অনুসৰি, ঘূৰ্ণীবতাহৰ সময়ত ৰে’ল চলাচলৰ ক্ষেত্ৰত যাতে কোনো বিপদৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে। বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে দীৰ্ঘ দূৰত্বৰ এক্সপ্ৰেছ ৰে’ল, যাত্ৰীবাহী ৰে’ল, এমইএমইউ আৰু বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ উপৰি আন ২৮খন ৰে’লৰ যাত্ৰাৰ সময়ো সলনি কৰা হৈছে।

২০ নৱেম্বৰত বাতিল কেইবাখনো গুৰুত্বপূৰ্ণ ৰে’ল

২০ নৱেম্বৰৰ বাবে বাতিল কৰা ৰে’লসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ভুবনেশ্বৰ-বিশাখাপট্টনম বন্দে ভাৰত এক্সপ্ৰেছ, বিশাখাপট্টনম-ভুৱনেশ্বৰ বন্দে ভাৰত এক্সপ্ৰেছ, হাওৰা-পুৰী বন্দে ভাৰত এক্সপ্ৰেছ আৰু পুৰী-হাওৰা বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ উপৰি পুৰী, ভুবনেশ্বৰ, খুৰদা ৰোড, ব্ৰহ্মপুৰ, আংগুল, তালচেৰ আৰু গুনুপুৰ পথেৰে চলাচল কৰা আন কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে, ২১ নৱেম্বৰত চলিবলগীয়া য়েছৱন্তপুৰ-পুৰী গৰিব ৰথ এক্সপ্ৰেছ (ৰে’ল নম্বৰ ২২৮৮৪)ৰ চলাচলতো প্ৰভাৱ পৰিব। সেয়েহে এইকেইদিনত ৰে’লযোগে যাত্ৰা কৰিবলৈ পৰিকল্পনা কৰা যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰে’লৰ সময়সূচী আৰু বাতিলৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ওড়িশাৰ ১৩খন জিলাত ৰেড এলাৰ্ট জাৰি

ঘূৰ্ণীবতাহৰ সম্ভাৱ্য ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ লক্ষ্যৰে ওড়িশা চৰকাৰে ৰাজ্যখনৰ ১৩খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। উপকূলীয় আৰু নিম্নভূমি অঞ্চলৰ বাসিন্দাসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ কামো অব্যাহত আছে। প্ৰকাশিত তথ্য অনুসৰি, ইতিমধ্যে বিপদসংকুল অঞ্চলৰ পৰা ১ লাখ ৫ হাজাৰ ৩০৪জনতকৈ অধিক লোকক স্থানান্তৰ কৰা হৈছে। প্ৰশাসনে মুঠ ২ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সমগ্ৰ ৰাজ্যতে ৯,২৯৯টা ঘূৰ্ণীবতাহ আশ্ৰয় শিবিৰ সাজু কৰি ৰখা হৈছে। যাতে জৰুৰীকালীন পৰিস্থিতিত কোনো লোক আশ্ৰয়ৰ অভাৱত সমস্যাত নপৰে, তাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

উদ্ধাৰ অভিযানৰ বাবে ৭৪টা দল মোতায়েন

ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হ’ব পৰা যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এনডিআৰএফ আৰু অ’ডিআৰএফৰ মুঠ ৭৪টা উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। ইয়াৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলকো সাজু কৰি ৰখা হৈছে। আনহাতে, জলসম্পদ বিভাগে বান্ধ, নদ-নদী আৰু মথাউৰিসমূহৰ ওপৰত দিনে-নিশাই নিৰীক্ষণ চলাই আছে। দুৰ্বল অঞ্চলসমূহত জ্যেষ্ঠ অভিযন্তাসকলক বিশেষ দায়িত্ব দিয়া হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে উপকূলীয় অঞ্চলৰ বিদ্যালয় আৰু পৰ্যটনস্থলীসমূহ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। ধুমুহাৰ পিছত যাতে পথ যোগাযোগ, বিদ্যুৎ, ইণ্টাৰনেট আৰু দূৰসংযোগ সেৱা শীঘ্ৰে পুনৰ আৰম্ভ কৰিব পৰা যায়, তাৰ বাবেও জিলা প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

November 19, 2026
টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’
অসম

টোলগে’টক লৈ গুৰুতৰ অভিযোগ, ‘অসমৰ ৩খন টোলগে’টৰহে তথ্য আছে NHAIৰ হাতত!’

November 19, 2026
সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!
জীৱনশৈলী

সোণৰ গহনা ক্ৰয়ৰ সময়ত সাৱধান হওঁক, সোণত ৰেনিয়াম মিহলি কৰি ওজন বৃদ্ধিৰ অভিযোগ!

November 19, 2026
বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু
বিশ্ব

বাছ-LPG টেংকাৰৰ মুখামুখি খুন্দা, অগ্নিদগ্ধ হৈ ১০ যাত্ৰীৰ মৃ*ত্যু

November 19, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.