দীৰ্ঘ ১৩ বছৰৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত মুকলি হ’ল বিশ্বৰ অন্যতম জনপ্ৰিয় ভিডিঅ’ গেম Grand Theft Auto 6 (GTA 6)। গেমটোক লৈ বিশ্বজুৰি সৃষ্টি হোৱা ব্যাপক উন্মাদনাৰ মাজতে আন এক চমকপ্ৰদ তথ্য পোহৰলৈ আহিছে। গেমটো আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই প্ৰি-অৰ্ডাৰৰ জৰিয়তে ইয়াৰ নিৰ্মাণ ব্যয়তকৈ অধিক ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে নিৰ্মাণকাৰী প্ৰতিষ্ঠান Rockstar Games-এ।
উল্লেখযোগ্য যে GTA 6 নিৰ্মাণৰ বাবে Rockstar Games-এ এটা দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে। প্ৰতিবেদন অনুসৰি, গেমটো নিৰ্মাণত ব্যয় হৈছে প্ৰায় ১ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ প্ৰায় ৮,০০০ৰ পৰা ৯,০০০ কোটি টকা। ইয়াৰ ফলত GTA 6 বিশ্বৰ আটাইতকৈ ব্যয়বহুল ভিডিঅ’ গেম হিচাপে পৰিগণিত হৈছে। গেমটোৰ জনপ্ৰিয়তা ইমানেই বেছি যে একাংশ প্ৰতিষ্ঠানে কৰ্মচাৰীসকলক গেমটো খেলিবলৈ এদিনৰ ছুটী দিয়াৰ ব্যৱস্থাও কৰিছে। আনকি একাংশ লোকে গেম খেলাৰ সময়ত যাতে পৰিয়ালৰ সদস্যই আমনি নকৰে, তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
কিমান ধন ব্যয় হৈছিল GTA 6 নিৰ্মাণত?
GTA 6 নিৰ্মাণৰ সঠিক বাজেট Rockstar Games-এ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। অৱশ্যে আৰম্ভণিতে গেমটো নিৰ্মাণত ১.৫ বিলিয়ন ডলাৰ ব্যয় হোৱা বুলি বিভিন্ন মহলত চৰ্চা চলিছিল। পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাৰ নিৰ্মাণ ব্যয়ৰ সৈতে তুলনা কৰিও এই চৰ্চা কৰা হৈছিল। পিছত এই তথ্য সঠিক নহয় বুলি স্পষ্ট কৰা হয়। Rockstar Games-ৰ মূল প্ৰতিষ্ঠান Take-Two Interactive-ৰ মুখ্য কাৰ্যবাহী বিষয়া Strauss Zelnick-এ Business Insider-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গেমটোৰ নিৰ্মাণ ব্যয় যথেষ্ট বেছি বুলি উল্লেখ কৰিছিল। অৱশ্যে তেওঁ নিৰ্দিষ্ট ধনৰ পৰিমাণ প্ৰকাশ কৰা নাছিল। বিভিন্ন প্ৰতিবেদন অনুসৰি, GTA 6 নিৰ্মাণত ১ বিলিয়ন ডলাৰতকৈ অধিক ধন ব্যয় হৈছে বুলি অনুমান কৰা হৈছে।
মুকলিৰ পূৰ্বেই কিমান উপাৰ্জন GTA 6ৰ?
GTA 6ৰ নিৰ্মাণ ব্যয় বিশাল হ’লেও গেমটোৰ জনপ্ৰিয়তাই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোক ইতিমধ্যে বৃহৎ সফলতা প্ৰদান কৰিছে। বজাৰ গৱেষণা প্ৰতিষ্ঠান Sensor Towerৰ তথ্য অনুসৰি, ১৯ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি হোৱাৰ পূৰ্বেই গেমটোৰ ১ কোটি ৭০ লাখতকৈ অধিক কপি বিক্ৰী হৈছে। এই প্ৰি-অৰ্ডাৰৰ জৰিয়তে প্ৰায় ১.৬৫ বিলিয়ন ডলাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে GTA 6-এ। অৰ্থাৎ গেমটোৰ নিৰ্মাণ ব্যয় বুলি অনুমান কৰা ১ বিলিয়ন ডলাৰতকৈও অধিক ধন ইতিমধ্যে উপাৰ্জন কৰিছে প্ৰতিষ্ঠানটোৱে।
Sensor Towerৰ প্ৰতিবেদন অনুসৰি, মুঠ ডিজিটেল বিক্ৰীৰ প্ৰায় ৭৫ শতাংশ হৈছে Sonyৰ PlayStation 5 (PS5) প্লেটফৰ্মৰ বাবে। বাকী অংশ Microsoftৰ Xbox কনছ’লৰ জৰিয়তে বিক্ৰী হৈছে। Sony আৰু Microsoft দুয়োটা প্ৰতিষ্ঠানেই নিজৰ ডিজিটেল ষ্ট’ৰত GTA 6-এ সৰ্বাধিক প্ৰি-অৰ্ডাৰ লাভ কৰা গেম হিচাপে অভিলেখ গঢ়া বুলি উল্লেখ কৰিছে।
অৱশ্যে মন কৰিবলগীয়া যে বৰ্তমান GTA 6 কম্পিউটাৰ বা PCৰ বাবে উপলব্ধ নহয়। লগতে Sensor Towerৰ এই পৰিসংখ্যাত কেৱল ডিজিটেল কপিৰ বিক্ৰীৰ তথ্যহে অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ দোকানৰ পৰা বিক্ৰী হোৱা গেমটোৰ ফিজিকেল কপিৰ উপাৰ্জন ইয়াত অন্তৰ্ভুক্ত হোৱা নাই।
প্ৰথম তিনিদিনতে ১.৮৫ বিলিয়ন ডলাৰ উপাৰ্জন!
GTA 6ৰ উপাৰ্জনক লৈ আন এক আশাব্যঞ্জক অনুমান প্ৰকাশ কৰিছে Oppenheimer নামৰ এটা ব্ৰ’কেৰেজ প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৰ মতে, মুকলিৰ প্ৰথম তিনিদিনতে GTA 6-এ প্ৰায় ১.৮৫ বিলিয়ন ডলাৰ মুঠ ৰাজহ উপাৰ্জন কৰিব পাৰে। তুলনামূলকভাৱে ক’বলৈ গ’লে, ২০১৩ চনত মুকলি হোৱা GTA 5-এ প্ৰথম তিনিদিনতে বিশ্বজুৰি প্ৰায় ১ বিলিয়ন ডলাৰৰ খুচুৰা বিক্ৰী কৰিবলৈ সক্ষম হৈছিল বুলি Take-Two Interactive-এ প্ৰকাশ কৰিছিল। বিশেষজ্ঞসকলৰ মতে, GTA 6ৰ উপাৰ্জন ইয়াতেই সীমাবদ্ধ নাথাকিব। সাধাৰণতে এনে বৃহৎ বাজেটৰ ভিডিঅ’ গেম বহু বছৰ ধৰি বিক্ৰী হৈ থাকে। সেয়েহে আগন্তুক দিনবোৰত গেমটোৰ পৰা Rockstar Games-এ আৰু অধিক উপাৰ্জন কৰাৰ সম্ভাৱনা আছে।
GTA 5-কো অতিক্ৰম কৰিব পাৰিবনে GTA 6-এ?
বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা ভিডিঅ’ গেমসমূহৰ তালিকাত GTA 5ৰ স্থান দ্বিতীয়। গেমটোৱে ইয়াৰ সমগ্ৰ ব্যৱসায়িক যাত্ৰাত প্ৰায় ২৩.৫ কোটি কপি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আনহাতে, ৩৫ কোটিৰো অধিক কপি বিক্ৰীৰে Minecraft বৰ্তমান বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা ভিডিঅ’ গেম। GTA 6ৰ আৰম্ভণিৰ পৰাই লাভ কৰা অভূতপূৰ্ব জনপ্ৰিয়তা আৰু বিক্ৰীৰ পৰিসংখ্যাই ভৱিষ্যতে Minecraft-ৰ অভিলেখকো প্ৰত্যাহ্বান জনোৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে। অৱশ্যে এই লক্ষ্যত উপনীত হ’বলৈ গেমটোৱে এতিয়াও বহু দূৰ আগবাঢ়িব লাগিব।
ভাৰতত GTA 6-ৰ মূল্য কিমান?
ভাৰততো GTA 6ক লৈ গেমপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। PlayStation 5 আৰু Xbox Series X তথা Series S-ৰ বাবে গেমটোৰ দুটা সংস্কৰণ উপলব্ধ হৈছে।
– Standard Edition: ৫,৯৯৯ টকা।
– Ultimate Edition: ৭,৪৯৯ টকা।
সামগ্ৰিকভাৱে ক’বলৈ গ’লে, ১৩ বছৰৰ অপেক্ষা, বিপুল নিৰ্মাণ ব্যয় আৰু বিশ্বজুৰি সৃষ্টি হোৱা উন্মাদনাই GTA 6-ক ভিডিঅ’ গেমৰ বজাৰত এক বিশেষ স্থান প্ৰদান কৰিছে। প্ৰি-অৰ্ডাৰৰ পৰাই লাভ কৰা সফলতাই প্ৰমাণ কৰিছে যে গেমটোৰ প্ৰতি খেলুৱৈসকলৰ আগ্ৰহ কিমান ব্যাপক। এতিয়া সকলোৰে দৃষ্টি থাকিব GTA 6-এ আগন্তুক দিনত বিক্ৰীৰ ক্ষেত্ৰত কেনেধৰণৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয় তাৰ ওপৰত।
GTA 6 কেনেধৰণৰ গেম?
GTA 6 হৈছে Rockstar Games নামৰ বিশ্ববিখ্যাত গেম নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা এখন Open World Action-Adventure Video Game। সহজ ভাষাত ক’বলৈ গ’লে, এই গেমটোত খেলুৱৈয়ে কেৱল এটা নিৰ্দিষ্ট কাম কৰিয়েই থাকিব নালাগে। এখন বিশাল কাল্পনিক পৃথিৱীত নিজৰ ইচ্ছামতে ঘূৰি-ফুৰিব পাৰে, গাড়ী চলাব পাৰে, বিভিন্ন ঠাই ভ্ৰমণ কৰিব পাৰে, অভিযানত অংশ ল’ব পাৰে আৰু গেমটোৰ কাহিনীৰ সৈতে আগবাঢ়িব পাৰে। এই গেমৰ কাহিনী মূলতঃ দুটা চৰিত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।
– Jason Duval: অপৰাধ জগতৰ সৈতে জড়িত এজন যুৱক, যিয়ে সহজ জীৱনৰ সপোন দেখে।
– Lucia Caminos: জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে আগবঢ়া এগৰাকী যুৱতী, যিয়ে কাৰাগাৰৰ পৰা ওলাই নতুন জীৱন আৰম্ভ কৰিব বিচাৰে। এই দুয়োটা চৰিত্ৰই বিভিন্ন অপৰাধমূলক ঘটনা আৰু ষড়যন্ত্ৰৰ মাজত সোমাই পৰে। খেলুৱৈয়ে এই দুয়োটা চৰিত্ৰৰ কাহিনীৰ মাজেৰে গেমটো খেলিব পাৰে।
GTA 6-ৰ বিশেষত্ব কি?
GTA 6-ৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হৈছে ইয়াৰ বাস্তৱসন্মত গ্ৰাফিক্স আৰু বিশাল গেমিং জগত। ইয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—
১. বাস্তৱসন্মত গ্ৰাফিক্স: চৰিত্ৰৰ মুখৰ অভিব্যক্তি, শৰীৰৰ চলন, ৰাস্তাৰ পৰিৱেশ আৰু প্ৰাকৃতিক দৃশ্য অধিক বাস্তৱসন্মত কৰি তোলা হৈছে।
২. বিশাল গেমিং পৃথিৱী: খেলুৱৈয়ে বিভিন্ন চহৰ, সমুদ্ৰতীৰ, অৰণ্য আৰু অন্যান্য অঞ্চলত ঘূৰি-ফুৰিব পাৰিব।
৩. উন্নত কৃত্ৰিম বুদ্ধিমত্তা: গেমৰ ভিতৰত থকা চৰিত্ৰ আৰু পৰিৱেশক অধিক স্বাভাৱিক আৰু গতিশীল কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
৪. দুটা মূল চৰিত্ৰ: Jason আৰু Lucia-ৰ মাজত থকা সম্পৰ্ক আৰু তেওঁলোকৰ যৌথ অভিযান গেমটোৰ অন্যতম আকৰ্ষণ।
৫. সংগীত আৰু ৰেডিঅ’: গাড়ী চলোৱাৰ সময়ত বিভিন্ন ধৰণৰ সংগীত শুনাৰ লগতে গেমটোত নতুন Podcast ব্যৱস্থাও সংযোজন কৰা হৈছে।
GTA 6 মুকলি কৰিবলৈ কিয় ১৩ বছৰ লাগিল?
এই প্ৰশ্নটোৱেই গেম অনুৰাগীসকলৰ মাজত আটাইতকৈ বেছি চৰ্চিত। ২০১৩ চনত GTA 5 মুকলি হোৱাৰ পাছত ইয়াৰ পৰৱৰ্তী সংস্কৰণ GTA 6-ৰ বাবে অনুৰাগীসকলে সুদীৰ্ঘ ১৩ বছৰ অপেক্ষা কৰিবলগীয়া হ’ল। ইয়াৰ কেইবাটাও কাৰণ আছে।
প্ৰথমতে, গেমটোৰ বিশাল পৰিসৰ। GTA 6 কেৱল পূৰ্বৰ গেমটোৰ আন এটা সংস্কৰণ নহয়। ইয়াত এখন বিশাল কাল্পনিক পৃথিৱী, অসংখ্য চৰিত্ৰ, বিভিন্ন অঞ্চল আৰু জটিল কাহিনী সংযোজন কৰা হৈছে। এনে এটা গেম নিৰ্মাণ কৰিবলৈ বহু সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়।
দ্বিতীয়তে, উন্নত গ্ৰাফিক্স আৰু প্ৰযুক্তি। GTA 5-ৰ তুলনাত GTA 6-ত অধিক উন্নত গ্ৰাফিক্স, চৰিত্ৰৰ চলন, পোহৰ-ছাঁ আৰু পৰিৱেশৰ বাস্তৱসন্মত উপস্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰতিটো সৰু-সুৰা বিষয় নিখুঁত কৰিবলৈ ডেভেলপাৰসকলে দীঘলীয়া সময় ব্যয় কৰিছে।
তৃতীয়তে, Rockstar Games-ৰ উচ্চ মানদণ্ড। Rockstar Games-এ গেমখন কেৱল সোনকালে বজাৰত মুকলি কৰাৰ পৰিৱৰ্তে উন্নত মানৰ গেম হিচাপে উপস্থাপন কৰিব বিচাৰিছিল। কোম্পানীটোৱে নিজেই কৈছিল যে গেমটোৰ গুণগত মান আৰু সম্পূৰ্ণতা নিশ্চিত কৰিবলৈ অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছে।
চতুৰ্থতে, মুক্তিৰ তাৰিখ দুবাৰ পিছুৱাই দিয়া হৈছিল। প্ৰথমে GTA 6 ২০২৫ চনত মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু ২০২৫ চনৰ ২ মে’ত Rockstar Games-এ ঘোষণা কৰে যে গেমটো ২৬ মে’ ২০২৬ত মুকলি কৰা হ’ব। পৰৱৰ্তী সময়ত ২০২৫ চনৰ ৬ নৱেম্বৰত পুনৰ ঘোষণা কৰি মুক্তিৰ তাৰিখ ১৯ নৱেম্বৰ ২০২৬ নিৰ্ধাৰণ কৰা হয়। কোম্পানীটোৰ মতে, খেলুৱৈসকলে আশা কৰা উন্নত মানদণ্ড নিশ্চিত কৰিবলৈ এই অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















