উত্তৰাখণ্ডৰ ৰুৰকীত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা। নিজৰ জন্মদাত্ৰী মাতৃ আৰু পিতৃৰ বিৰুদ্ধে এগৰাকী নাবালিকাই উত্থাপন কৰিছে গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, মাতৃ আৰু তোলনীয়া পিতৃয়ে মিলি কিশোৰীগৰাকীক জোৰকৈ বে*শ্যাবৃত্তিত লিপ্ত কৰাই আহিছিল। আনকি এই কাম কৰিবলৈ অস্বীকাৰ কৰিলে কিশোৰীগৰাকীক মাৰপিট কৰাৰ লগতে এটা কোঠাত আবদ্ধ কৰি অনাহাৰে ৰখাৰো অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, ৰুৰকীৰ কোতৱালি অঞ্চলৰ ইছলামনগৰৰ বাসিন্দা নাবালিকাগৰাকীয়ে আৰক্ষীৰ কাষ চাপি এই সমগ্ৰ ঘটনা পোহৰলৈ আনে। কিশোৰীগৰাকীয়ে আৰক্ষীক দাখিল কৰা লিখিত অভিযোগত উল্লেখ কৰা অনুসৰি, কেইবছৰমান পূৰ্বে তাইৰ পিতৃৰ মৃ*ত্যু হৈছিল। পিতৃৰ মৃ*ত্যুৰ পিছত মাতৃয়ে আন এজন পুৰুষৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। পৰৱৰ্তী সময়ত দুয়োজনে মিলি কিশোৰীগৰাকীক বিভিন্ন ধৰণে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে বুলি অভিযোগ কৰিছে।
কিশোৰীগৰাকীৰ অভিযোগ অনুসৰি, মাতৃ আৰু তোলনীয়া পিতৃয়ে কিশোৰীগৰাকীক অঞ্চলটোৰ বিভিন্ন হোটেললৈ লৈ গৈছিল। তাত গ্ৰাহকৰ সৈতে ধনৰ বিনিময়ত লেনদেন কৰাৰ পিছত কিশোৰীগৰাকীক তেওঁলোকৰ হাতত গতাই দিয়া হৈছিল। কেৱল এয়াই নহয়, এই অমানৱীয় কামৰ প্ৰতিবাদ কৰিলে মাতৃ আৰু তোলনীয়া পিতৃয়ে কিশোৰীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। আনকি এটা কোঠাত আবদ্ধ কৰি ৰাখি খাদ্যও খাবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীয়ে।
নাবালিকাগৰাকীয়ে আৰু অভিযোগ কৰা অনুসৰি, বে*শ্যাবৃত্তিত লিপ্ত হ’বলৈ অস্বীকাৰ কৰিলে তেওঁক হ*ত্যা কৰাৰ ভাবুকি দিয়া হৈছিল। লগতে মুজাফ্ফৰনগৰৰ এজন লোকৰ বিৰুদ্ধে ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকিও দিছিল মাতৃ আৰু তোলনীয়া পিতৃয়ে। দীৰ্ঘদিন ধৰি এই নিৰ্যাতন সহ্য কৰাৰ পিছত অৱশেষত উপায়বিহীন হৈ ঘৰৰ পৰা পলায়ন কৰে কিশোৰীগৰাকী। তাৰ পিছতে ৰুৰকী আৰক্ষী থানাত উপস্থিত হৈ মাতৃ আৰু তোলনীয়া পিতৃৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে। লগতে অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















