• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

5 minutes ago
৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

10 minutes ago
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

45 minutes ago
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

1 hour ago
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

2 hours ago
AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

AI-ৰ সহায়ত সৃষ্টি হৈছে লাখ লাখ ভুৱা ভোটাৰ!

2 hours ago
পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

পিতৃৰ বিৰুদ্ধে আদালতৰ কাষ চাপিলে TVS পৰিয়ালৰ কন্যাই

3 hours ago
১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

১৫ গৰাকীকৈ যুৱতীক বিয়া কৰাই ব্লেকমেইলিং!

4 hours ago
মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

মহাকাশত বাটাৰ চিকেনৰ সৈতে গো-মাংস!

4 hours ago
বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

বৈভৱৰ দ্বিশতকীয় ইনিংছটোক লৈ প্ৰশ্ন মঞ্জৰেকাৰৰ

5 hours ago
ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

ভয়ংকৰ ভূমিকম্পই তচনচ কৰিব উত্তৰ-পূবক! IIT গুৱাহাটীৰ গৱেষণাত চিন্তনীয় তথ্য

5 hours ago
সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

সম্পত্তি আৰু ২ কোটি টকাৰ বীমাৰ ধনৰ লোভত মহিলাই কৰিলে ভয়ংকৰ কাম

6 hours ago
পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

পুৰুষ কৰ্মচাৰীসকলৰ বাবে সুখবৰ, ১৪ দিনৰ বাবে কৰ্মচাৰীসকলে পাব এই সুবিধা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ

'সমীক্ষণ'ৰ নৱেম্বৰ সংখ্যাত প্ৰকাশিত মানসজ্যোতিৰ লেখা

editor by editor
November 26, 2026
in অসম, প্ৰযুক্তি, লেখা, সমীক্ষণ (আলোচনী)
0
‘বর্জ্য’ নহয়, সম্পদ হৈ পৰিব পাৰে মানৱ-প্ৰস্ৰাৱ
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
কৃষিক্ষেত্ৰত বিভিন্ন ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত শাক-পাচলি তথা শস্যৰ মান তুলনামূলকভাৱে যথেষ্ট নিম্নগামী হয়। ইয়াৰ উপৰিও ৰাসায়নিক সাৰৰ পৰা উৎপাদিত শাক-পাচলি বা শস্য আমাৰ স্বাস্থ্যৰ বাবেও হানিকাৰক বুলি বিভিন্ন গৱেষনাত প্ৰকাশ পাই আহিছে। ইয়াৰ উপৰিও বিশ্বজুৰি ৰাসায়নিক সাৰৰ দাম দ্ৰুত হাৰত বৃদ্ধি পাইছে। ৰাসায়নিক হাৰৰ অপকাৰিতা আৰু দ্ৰুত হাৰত বৃদ্ধি হোৱা দামৰ প্ৰৰিপ্ৰেক্ষিতত কৃষিক্ষেত্ৰত বিকল্প সাৰৰ সন্ধানত বিজ্ঞানীসকলে নতুন সম্ভাৱনাৰ ওপৰত গুৰুত্ব দি আহিছে। সেই সম্ভাৱনাৰ ভিতৰত অন্যতম হৈছে মানুহৰ প্ৰস্ৰাৱক সাৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা। শুনিবলৈ আচৰিত যেন লাগিলেও মানুহৰ প্ৰস্ৰাৱত উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় কেইবাটাও গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে। ইয়াৰ ভিতৰত নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম অন্যতম। এই তিনিওটা উপাদান কৃষিক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত সাৰৰ মূল পুষ্টি।
কৃষিক্ষেত্ৰত মানৱ-প্ৰস্ৰাৱ সাৰ হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি থকাৰ ৰাসায়নিক সাৰ স্বাস্থ্যৰ বাবে কেনেকৈ ক্ষতিকাৰক হ’ব পাৰে এই বিষয়েও চমুকৈ জানি লোৱাটো প্ৰয়োজনীয়।
১. খাদ্যত নাইট্ৰেটৰ পৰিমাণঃ ৰাসায়নিক সাৰযুক্ত শাক-পাচলি বা শস্যত নাইট্ৰেটৰ পৰিমাণ প্ৰয়োজনতকৈ বহু বেছি থাকিব পাৰে। বিশেষকৈ নাইট্ৰজেনযুক্ত সাৰ, যেনে ইউৰিয়া, অতিমাত্ৰা ব্যৱহাৰ কৰিলে শাক-পাচলি আৰু আন খাদ্যশস্যত নাইট্ৰেট জমা হ’ব পাৰে। খাদ্যৰ জৰিয়তে অতিৰিক্ত নাইট্ৰেট শৰীৰত প্ৰৱেশ কৰিলে কিছুমান স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পাব পাৰে।
২. পানী দূষিত হোৱাৰ আশংকাঃ পথাৰত দিয়া সাৰৰ এটা অংশ বৰষুণ বা জলসিঞ্চনৰ পানীৰ সৈতে মাটিৰ তললৈ গৈ ভূগৰ্ভস্থ পানীত মিহলি হ’ব পাৰে। বিশেষকৈ নাইট্ৰেটযুক্ত পানী দীৰ্ঘদিন সেৱন কৰিলে স্বাস্থ্যৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। শিশুৰ ক্ষেত্ৰত অধিক নাইট্ৰেটযুক্ত পানী বিশেষভাৱে উদ্বেগৰ বিষয়।
৩. মাটিৰ গুণাগুণ নষ্ট হ’ব পাৰেঃ দীৰ্ঘদিন ধৰি অত্যধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ স্বাভাৱিক ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। মাটিৰ জৈৱিক পদাৰ্থ আৰু উপকাৰী অণুজীৱৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ফলত মাটি অধিক সাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ আশংকা থাকে।
৪. কৃষকৰ প্ৰত্যক্ষ স্বাস্থ্য সমস্যাঃ সাৰ ব্যৱহাৰ কৰাৰ সময়ত সঠিক সুৰক্ষা ব্যৱস্থা নল’লে ধূলি বা সাৰৰ কণা নাক-মুখেৰে শৰীৰত সোমাব পাৰে অথবা ছাল আৰু চকুত লাগিব পাৰে। ইয়াৰ ফলত ছালৰ জ্বলা-পোৰা, চকুৰ অস্বস্তি বা শ্বাস-প্ৰশ্বাসৰ সমস্যা হ’ব পাৰে।
৫. পৰিৱেশৰ ওপৰত পৰোক্ষ প্ৰভাৱঃ অতিৰিক্ত সাৰ নদী, পুখুৰী বা জলাশয়লৈ বৈ গ’লে পানীত পুষ্টি উপাদান অত্যধিক বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত শেলুৱৈ অস্বাভাৱিকভাৱে বৃদ্ধি পাই পানীৰ অক্সিজেন কমাই দিব পাৰে, যাৰ ফলত মাছ আৰু অন্যান্য জলজ প্ৰাণীৰ ক্ষতি হ’ব পাৰে।
অৱশ্যে, ৰাসায়নিক সাৰ সঠিক পৰিমাণত, মাটিৰ প্ৰয়োজন অনুসৰি আৰু বৈজ্ঞানিক পদ্ধতিৰে ব্যৱহাৰ কৰিলে ই শস্যৰ উৎপাদন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে লগতে তেনেকৈ সঠিক ৰূপত ব্যৱহাৰ কৰিলে মানৱ-স্বাস্থ্যৰ প্ৰতিও ই কম ক্ষতিকাৰক বুলি বিবেচনা কৰিব পাৰি। মূল সমস্যা হৈছে অতিৰিক্ত বা ভুল ব্যৱহাৰ।
এই বিভিন্ন দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে মানৱ-প্ৰস্ৰাৱক ৰাসায়নিক সাৰৰ বিকল্প হিচাপে চিন্তা কৰিছে। এজন প্ৰাপ্তবয়স্ক মানুহে গড় বছৰি প্ৰায় ৫০০ লিটাৰ প্ৰস্ৰাৱ উৎপন্ন কৰিব পাৰে। অৰ্থাৎ, সঠিক পদ্ধতিৰে সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰিব পাৰিলে মানুহৰ শৰীৰৰ পৰা ওলোৱা এই তৰল পদাৰ্থটোক কৃষিৰ বাবে পুনৰ ব্যৱহাৰযোগ্য সম্পদলৈ পৰিণত কৰিব পাৰি বুলি বিজ্ঞানীসকলে বিবেচনা কৰিছে।
আমি খাদ্য খোৱাৰ পিছত শৰীৰে প্ৰয়োজনীয় পুষ্টি শোষণ কৰে। শৰীৰৰ বাবে অতিৰিক্ত হোৱা কিছুমান উপাদান প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰলৈ ওলাই যায়। সেইবাবেই প্ৰস্ৰাৱত উদ্ভিদৰ বাবে প্ৰয়োজনীয় নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম পোৱা যায়। ঘৰুৱা বর্জ্য পানীৰ মাত্ৰ প্ৰায় এক শতাংশ প্ৰস্ৰাৱ হ’লেও ইয়াত সমগ্ৰ বর্জ্য পানীত থকা নাইট্ৰজেনৰ এক বৃহৎ অংশ থাকে। ফছফৰাছৰ পৰিমাণো উল্লেখযোগ্য। উল্লেখযোগ্য যে, উদ্ভিদৰ বাবে নাইট্ৰজেন অতি প্ৰয়োজনীয়। ই গছৰ পাত সেউজীয়া কৰি ৰাখে আৰু বৃদ্ধিত সহায় কৰে। ফছফৰাছে শিপাৰ বিকাশত সহায় কৰে, আনহাতে পটাছিয়ামে উদ্ভিদক বিভিন্ন চাপ আৰু ৰোগৰ বিৰুদ্ধে অধিক শক্তিশালী কৰাত সহায় কৰে। কিন্তু প্ৰস্ৰাৱ যেতিয়া অন্যান্য বর্জ্য পানীৰ সৈতে মিহলি হৈ যায়, তেতিয়া এই পুষ্টিকৰ উপাদানসমূহ পৃথক কৰি পুনৰ ব্যৱহাৰ কৰাটো কঠিন আৰু ব্যয়বহুল হৈ পৰে। সেয়েহে উৎসতে প্ৰস্ৰাৱ পৃথক কৰি সংগ্ৰহ কৰাটো এই ব্যৱস্থাৰ অন্যতম গুৰুত্বপূৰ্ণ ধাপ।
অৱশ্যে, প্ৰস্ৰাৱ বা মানুহৰ জৈৱিক আৱৰ্জনা কৃষিক্ষেত্ৰত ব্যৱহাৰৰ ধাৰণা আধুনিক বিজ্ঞানৰ সৃষ্টি নহয়। প্ৰাচীন গ্ৰীচ, ৰোম আৰু চীনত মানুহৰ আৱৰ্জনা কৃষিৰ বাবে ব্যৱহাৰ কৰাৰ উদাহৰণ পোৱা যায়। আধুনিক শৌচাগাৰ আৰু নলা-নৰ্দমা ব্যৱস্থা নথকা সময়ত বহু ঠাইত মানুহে পাত্ৰ বা গাঁতত প্ৰস্ৰাৱ আৰু অন্যান্য আৱৰ্জনা সংগ্ৰহ কৰিছিল। পিছত এইবোৰ খেতিপথাৰত সাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। চহৰসমূহতো একাংশ শ্ৰমিক ঘৰে ঘৰে গৈ মানুহৰ আৱৰ্জনা সংগ্ৰহ কৰিছিল। ইয়াক পিছত খেতিপথাৰলৈ লৈ যোৱা হৈছিল। কিন্তু ঊনবিংশ শতিকাৰ পৰা আধুনিক নলা-নৰ্দমা ব্যৱস্থা গঢ় লৈ উঠাৰ লগে লগে এই প্ৰথা ক্ৰমে কমি আহে। এসময়ত কৃষিৰ বাবে মূল্যৱান সম্পদ হিচাপে ব্যৱহাৰ কৰা মানৱ আৱৰ্জনা লাহে লাহে কেৱল ‘বর্জ্য’ হিচাপে গণ্য হ’বলৈ ধৰে।
২০ শতিকাৰ আৰম্ভণিতে হাবেৰ-বছ প্ৰক্ৰিয়াৰ জৰিয়তে বৃহৎ পৰিমাণে কৃত্ৰিম নাইট্ৰজেন সাৰ উৎপাদন সম্ভৱ হয়। ইয়াৰ ফলত কৃষি উৎপাদন বহু পৰিমাণে বৃদ্ধি পায় আৰু বিশ্বৰ খাদ্য যোগানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু ইয়াৰ কিছুমান পৰিৱেশগত সমস্যা আছে। নাইট্ৰজেন সাৰ উৎপাদনত বিপুল পৰিমাণৰ শক্তি আৰু প্ৰাকৃতিক গেছৰ প্ৰয়োজন হয়। ফলত এই উদ্যোগৰ সৈতে যথেষ্ট পৰিমাণৰ সেউজগৃহ গেছ নিৰ্গমন জড়িত হৈ থাকে। আনহাতে ফছফৰাছ উৎপাদনৰ বাবে ফছফেট শিলৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এই খনিজ সম্পদ পৃথিৱীৰ সকলো ঠাইতে সমানভাৱে উপলব্ধ নহয়। ফলত বহু দেশে সাৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াৰ উপৰি পথাৰত অত্যধিক সাৰ ব্যৱহাৰ কৰিলে বৰষুণৰ পানীৰ সৈতে নাইট্ৰজেন আৰু ফছফৰাছ নদী, হ্ৰদ আদিলৈ বৈ যাব পাৰে। ইয়াৰ ফলত পানীত শেলুৱৈ অত্যধিক বৃদ্ধি পোৱাৰ লগতে অক্সিজেনৰ পৰিমাণ কমি যাব পাৰে। ফলত মাছ আৰু অন্যান্য জলজ জীৱ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে।

যুদ্ধ আৰু বিশ্ব সংকটৰ মাজত প্ৰস্ৰাৱ কিয় গুৰুত্বপূৰ্ণ হৈ উঠিছে?

বিশ্বজুৰি যুদ্ধ, ভূ-ৰাজনৈতিক উত্তেজনা আৰু যোগান শৃংখলৰ সমস্যাই সাৰৰ বজাৰত প্ৰভাৱ পেলাইছে। বহু দেশেই কৃষিৰ বাবে প্ৰয়োজনীয় সাৰৰ ক্ষেত্ৰত আমদানিৰ ওপৰত নিৰ্ভৰশীল। অষ্ট্ৰেলিয়াৰ দৰে কিছুমান দেশে কৃষিৰ বাবে বৃহৎ পৰিমাণৰ সাৰ আমদানি কৰে। স্বাভাৱিক পৰিস্থিতিত এই ব্যৱস্থা চলি থাকিলেও আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়ত আমদানিৰ ওপৰত অধিক নিৰ্ভৰশীলতা খাদ্য সুৰক্ষাৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। এই কাৰণেই বিজ্ঞানীসকলে স্থানীয়ভাৱে উপলব্ধ সম্পদ পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছে। মানুহৰ প্ৰস্ৰাৱ তেনে এটা সম্পদ, যিটো প্ৰায় প্ৰতিখন দেশতে বৃহৎ পৰিমাণে উৎপন্ন হয়। সঠিকভাৱে সংগ্ৰহ আৰু প্ৰক্ৰিয়াকৰণ কৰিব পাৰিলে ইয়াৰ পৰা কৃষিক্ষেত্ৰৰ বাবে উপযোগী সাৰ প্ৰস্তুত কৰিব পৰা যায়।
ঘৰৰ পৰা প্ৰস্ৰাৱ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সাধাৰণ শৌচাগাৰৰ পৰা প্ৰস্ৰাৱ পৃথক কৰি সংগ্ৰহ কৰিব পৰা ব্যৱস্থাৰ প্ৰয়োজন হব। ইতিমধ্যে বিশ্বৰ কিছুমান ঠাইত প্ৰস্ৰাৱ পৃথক কৰা শৌচাগাৰ (urine-diverting toilet) ব্যৱহাৰ কৰা হৈছে। এনে শৌচাগাৰত প্ৰস্ৰাৱ আৰু কঠিন আৱৰ্জনা পৃথক পথেৰে সংগ্ৰহ কৰা হয়। ৰাজহুৱা প্ৰস্ৰাৱগাৰো প্ৰস্ৰাৱ সংগ্ৰহৰ বাবে উপযোগী স্থান হ’ব পাৰে। বৃহৎ পৰিমাণে সংগ্ৰহ কৰা প্ৰস্ৰাৱ পিছত উপযুক্ত পদ্ধতিৰে প্ৰক্ৰিয়াকৰণ কৰি কৃষিৰ বাবে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে প্ৰস্ৰাৱক কোনো ধৰণৰ পৰীক্ষা বা নিৰাপত্তা ব্যৱস্থা অবিহনে যিকোনো খাদ্যশস্যত ব্যৱহাৰ কৰাটো সঠিক নহয়। স্থানীয় কৃষি আৰু স্বাস্থ্যবিধি অনুসৰি উপযুক্ত সংৰক্ষণ, প্ৰক্ৰিয়াকৰণ আৰু প্ৰয়োগৰ নিয়ম মানি চলাটো অতি গুৰুত্বপূৰ্ণ হব।
বিশ্বৰ বিভিন্ন দেশত আৰম্ভ হৈছে পৰীক্ষা
মানৱ প্ৰস্ৰাৱৰ পৰা সাৰ প্ৰস্তুতৰ সম্ভাৱনা লৈ বিশ্বৰ বিভিন্ন দেশত গৱেষণা আৰু পৰীক্ষা চলি আছে। আমেৰিকাত কিছুমান সংস্থাই কমিউনিটি পৰ্যায়ত প্ৰস্ৰাৱ সংগ্ৰহ কৰি তাৰ পৰা সাৰ প্ৰস্তুত কৰাৰ কাম কৰি আহিছে। ইউৰোপৰ কিছুমান ষ্টাৰ্টআপেও প্ৰস্ৰাৱক কৃষিৰ বাবে ব্যৱহাৰযোগ্য সাৰলৈ ৰূপান্তৰ কৰাৰ প্ৰযুক্তিৰ ওপৰত কাম কৰিছে। আনহাতে কিছুমান দেশত ক্ৰীড়া ষ্টেডিয়াম আৰু বৃহৎ ৰাজহুৱা স্থানত বৃহৎ পৰিমাণে প্ৰস্ৰাৱ সংগ্ৰহ কৰাৰ পৰীক্ষা চলিছে। অষ্ট্ৰেলিয়াৰ কিছুমান উদ্যানতো প্ৰস্ৰাৱ-ভিত্তিক সাৰ ব্যৱহাৰৰ পৰীক্ষা কৰা হৈছে। এই পৰীক্ষাসমূহৰ লক্ষ্য হৈছে—মানুহে দৈনিক উৎপন্ন কৰা এই সম্পদক কেনেকৈ পুনৰ কৃষি ব্যৱস্থালৈ ঘূৰাই আনিব পাৰি।
কিন্তু ভাৰতৰ দৰে দেশত মানুহে প্ৰস্ৰাৱৰ পৰা উৎপাদিত খাদ্য খাবলৈ মানসিকভাৱে সাজু হ’বনে? এইটোও এটা আমাৰ দৰে দেশৰ বাবে কঠিন প্ৰশ্ন বা প্ৰত্যাহ্বান হব পাৰে। এই ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ লগতে মানুহৰ মানসিকতাও এটা ডাঙৰ প্ৰত্যাহ্বান হব পাৰে। প্ৰস্ৰাৱ ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলি বা খাদ্যশস্য খোৱাৰ কথা শুনিলেই বহু লোকৰ মনত অস্বস্তি সৃষ্টি হ’ব পাৰে। কিন্তু বিজ্ঞানীসকলৰ মতে, উপযুক্তভাৱে পৃথকীকৰণ, সংৰক্ষণ আৰু প্ৰক্ৰিয়াকৰণ কৰিলে মানৱ প্ৰস্ৰাৱৰ পৰা পুষ্টি পুনৰ লাভ কৰা সম্ভৱ। ইয়াত অৱশ্যে স্বাস্থ্য সুৰক্ষাৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। প্ৰস্ৰাৱত ঔষধৰ অৱশিষ্ট, অণুজীৱ বা অন্যান্য অনাকাংক্ষিত পদাৰ্থ থাকিব পাৰে। সেয়েহে বৃহৎ পৰিসৰত ব্যৱহাৰৰ পূৰ্বে বৈজ্ঞানিকভাৱে নিৰাপদ প্ৰক্ৰিয়াকৰণ, পৰীক্ষা আৰু নিয়ন্ত্ৰণৰ প্ৰয়োজন। তথাপি এটা কথা স্পষ্ট যে আমি যাক আজি আৱৰ্জনা বুলি ভাবোঁ, তাৰ ভিতৰতো ভৱিষ্যতৰ বাবে মূল্যৱান সম্পদ লুকাই থাকিব পাৰে। সাৰৰ সংকট আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ লগে লগে প্ৰস্ৰাৱৰ দৰে মানৱ বর্জ্যৰ পৰা পুষ্টি পুনৰুদ্ধাৰৰ প্ৰযুক্তিয়ে আগন্তুক দিনত কৃষিক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24samikhyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ
ভাৰত

৩৭ বছৰৰ মূৰত মন্ত্ৰোচ্চাৰণত মুখৰ হ’ল কাশ্মীৰৰ ঐতিহাসিক শিৱ মন্দিৰ

November 26, 2026
‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি
বিনোদন

‘অদৃশ্য’ৰ প্ৰতি দৰ্শকৰ ব্যাপক সঁহাৰি

November 26, 2026
উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান
অপৰাধ

উদয় চৌৰাছিয়াৰ ৬টাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত EDৰ অভিযান

November 26, 2026
সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

সলনি হ’ব ৫ ৰাশিৰ ভাগ্য!

November 26, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.