হাৰিয়ানাৰ যমুনানগৰত সংঘটিত এক জ*ঘন্য ধ*ৰ্ষণ আৰু হ*ত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নৰেশ ৰামক চৰম শাস্তি প্ৰদান কৰিছে আদালতে। এগৰাকী কিশোৰীক ধ*ৰ্ষণ কৰি হ*ত্যাৰ গোচৰত প্ৰায় ২৬ মাহ ধৰি চলা আইনী প্ৰক্ৰিয়াৰ অন্তত ফাষ্ট ট্ৰেক আদালতে এই কঠোৰ ৰায় ঘোষণা কৰে। একে সময়তে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালক ১৫ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও আদালতে নিৰ্দেশ দিয়ে। ২২ জন সাক্ষীৰ সাক্ষ্য, চিচিটিভি ফুটেজ আৰু ফৰেনছিক প্ৰমাণৰ ভিত্তিত আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰে। এই ৰায়ক ভুক্তভোগী পৰিয়ালৰ বাবে ন্যায় লাভৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
২০২৪ৰ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই জ*ঘন্য ঘটনা
প্ৰাপ্ত তথ্য অনুসৰি, দোষী সাব্যস্ত হোৱা নৰেশ ৰামৰ ঘৰ বিহাৰৰ পূব চম্পাৰণ জিলাৰ পাটাহি গাঁৱত। ৩১ বছৰীয়া নৰেশে হাৰিয়ানাৰ যমুনানগৰৰ বুধীয়া গাঁৱৰ এটা শ্ৰমিক কোৱাৰ্টাৰত শ্ৰমিক হিচাপে কাম কৰিছিল। ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত অঞ্চলটোত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। সেইদিনা গুৰুদ্বাৰৰ চৌহদত খেলি থকা দুগৰাকী কণমানি ছোৱালী হঠাতে সন্ধানহীন হৈ পৰে। কিছু সময়ৰ পিছত এগৰাকী ছোৱালীক উদ্ধাৰ কৰা হয় যদিও আনগৰাকী কিশোৰীৰ কোনো সন্ধান পোৱা নগ’ল। কিশোৰীগৰাকীৰ সন্ধানত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত গুৰুদ্বাৰৰ চৌহদত স্থাপন কৰা চিচিটিভি কেমেৰাৰ ফুটেজ আৰক্ষীৰ বাবে অতি গুৰুত্বপূৰ্ণ সূত্ৰ হিচাপে পৰিগণিত হয়। চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে অভিযুক্ত নৰেশ ৰামক চিনাক্ত কৰি আটক কৰে। পৰৱৰ্তী সময়ত তদন্তৰ জৰিয়তে কিশোৰীগৰাকীৰ ধৰ্ষ*ণ আৰু হ*ত্যাৰ ঘটনাৰ তথ্য পোহৰলৈ আহে।
২২ জন সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত আদালতৰ ৰায়
ঘটনাটোৰ সন্দৰ্ভত ২০২৪ চনৰ ১৯ ছেপ্টেম্বৰত কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছত ২০২৪ চনৰ ৩০ অক্টোবৰত আদালতত অভিযোগনামা দাখিল কৰা হয়। ১৬ ডিচেম্বৰত অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰা হৈছিল।
গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াত আৰক্ষীয়ে সংগ্ৰহ কৰা চিচিটিভি ফুটেজ, ফৰেনছিক প্ৰমাণ আৰু অন্যান্য তথ্য আদালতত দাখিল কৰা হয়। বিচাৰ প্ৰক্ৰিয়াৰ সময়ত মুঠ ২২ জন লোকে অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰে। এই সকলোবোৰ প্ৰমাণ আৰু সাক্ষ্য পৰীক্ষা কৰাৰ পিছত আদালতে নৰেশ ৰামক দোষী সাব্যস্ত কৰে।
চৰম শাস্তিৰ লগতে ১৫ লাখ টকাৰ ক্ষতিপূৰণ
গোচৰটোৰ গুৰুত্ব আৰু আদালতত দাখিল কৰা প্ৰমাণসমূহ বিবেচনা কৰি ন্যায়াধীশগৰাকীয়ে অভিযুক্ত নৰেশ ৰামক চৰম শাস্তি প্ৰদান কৰে। ইয়াৰ উপৰি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালক ১৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ বাবেও নিৰ্দেশ জাৰি কৰে। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত আদালতৰ এই ৰায়ে কিশোৰীগৰাকীৰ পৰিয়ালক কিছু পৰিমাণে ন্যায় প্ৰদান কৰিলে বুলি চৰ্চা হৈছে। আনহাতে, শিশু সুৰক্ষা আৰু নাবালিকাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত এনে কঠোৰ শাস্তিৰ সিদ্ধান্তই পুনৰ এবাৰ সমাজত গুৰুত্বপূৰ্ণ চৰ্চাৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















