নৱেম্বৰ মাহৰ শেষৰ দিনকেইটা কিছুমান ৰাশিৰ বাবে বিশেষ শুভ হ’ব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে, ২৮ নৱেম্বৰ শনিবাৰে শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ মাজত এক শুভ সংযোগ গঠন হ’ব। এই সংযোগে চাৰিটা ৰাশিৰ লোকৰ জীৱনত প্ৰেম, আৰ্থিক উন্নতি, কৰ্মক্ষেত্ৰত সফলতা আৰু নতুন সুযোগ কঢ়িয়াই আনিব পাৰে বুলি বিশ্বাস কৰা হয়। জ্যোতিষৰ গণনা অনুসৰি, শুক্ৰ আৰু বৃহস্পতিৰ মাজত ৬০ ডিগ্ৰীৰ বিশেষ কৌণিক অৱস্থান সৃষ্টি হ’ব। এই সংযোগক জ্যোতিষত ষষ্ঠাষ্টক নহয়, ষষ্ঠকোণ বা ষষ্টক (Sextile) যোগ বুলি কোৱা হয়। এই সংযোগ শনিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত সংঘটিত হোৱাৰ কথা উল্লেখ কৰা হৈছে।
শুক্ৰ গ্ৰহক প্ৰেম, সৌন্দৰ্য, আৰাম আৰু ধন-সম্পত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। আনহাতে, বৃহস্পতি গ্ৰহক জ্ঞান, সৌভাগ্য, উন্নতি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এই দুয়োটা গ্ৰহৰ শুভ সংযোগে কিছুমান ৰাশিৰ বাবে ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিব পাৰে। বিশেষকৈ মিথুন, সিংহ, তুলা আৰু ধনু ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা শুভ হ’ব পাৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে।
মিথুন ৰাশি
মিথুন ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা প্ৰেম, সৃষ্টিশীলতা আৰু আনন্দৰ ক্ষেত্ৰত বিশেষ হ’ব পাৰে। প্ৰেমৰ সম্পৰ্কত নতুনত্ব আহিব পাৰে। অবিবাহিতসকলে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব পাৰে। সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলৰ প্ৰতিভাই নতুন স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ কামৰ জৰিয়তে সুনাম বৃদ্ধি হোৱাৰ লগতে আৰ্থিক লাভৰো সুযোগ আহিব পাৰে। চখ, সৃষ্টিশীল কাম বা সন্তানৰ সৈতে জড়িত কোনো বিনিয়োগৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি, ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। ভাগ্যৰ সহায় লাভ কৰাৰ লগতে নতুন কাম আৰম্ভ কৰাৰ ক্ষেত্ৰতো উৎসাহ অনুভৱ কৰিব পাৰে।
সিংহ ৰাশি
সিংহ ৰাশিৰ লোকসকলৰ বাবেও এই গ্ৰহৰ সংযোগ বিশেষ শুভ হ’ব পাৰে। বৃহস্পতি গ্ৰহ সিংহ ৰাশিত অৱস্থিত থকাৰ ফলত এই ৰাশিৰ লোকসকলে বিশেষ স্বীকৃতি আৰু সুযোগ লাভ কৰিব পাৰে বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা হৈছে। শুক্ৰৰ প্ৰভাৱত কথা-বতৰা, যোগাযোগ আৰু চুটি ভ্ৰমণৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। শনিবাৰে কাৰোবালৈ প্ৰেৰণ কৰা এটা বাৰ্তা বা যোগাযোগৰ পৰা আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে মুকলিকৈ কথা পাতি অতীতৰ ভুল বুজাবুজি দূৰ কৰিব পাৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ লাভ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক সমস্যাৰ সমাধান বিচাৰি পোৱাৰ লগতে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সুবিধা হ’ব পাৰে।
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি শুক্ৰ। সেয়েহে শুক্ৰৰ শুভ অৱস্থাই এই ৰাশিৰ লোকসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰা হয়। এই সময়ছোৱাত পৰিকল্পনা কৰা কামবোৰ আগবঢ়াই নিয়াত সুবিধা হ’ব পাৰে আৰু বিভিন্ন ক্ষেত্ৰত ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। বৃহস্পতিৰ প্ৰভাৱত নতুন মানুহৰ সৈতে চিনাকি হ’ব পাৰে। এই নতুন সম্পৰ্ক বা চিনাকি ভৱিষ্যতে কৰ্মক্ষেত্ৰ অথবা ব্যৱসায়ৰ বাবে লাভজনক হ’ব পাৰে। যদি ক’ৰবাত ধন আবদ্ধ হৈ আছে, তেন্তে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা উন্নত হোৱাৰ লগতে ব্যৱসায়তো বৃদ্ধি দেখা পাব পাৰে। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি লাভ কৰাৰ খবৰ পোৱাৰ সম্ভাৱনাও আছে।
ধনু ৰাশি
ধনু ৰাশিৰ অধিপতি বৃহস্পতি। এই গ্ৰহই শুক্ৰৰ পৰা শুভ সংকেত লাভ কৰাৰ ফলত ধনু ৰাশিৰ লোকসকলৰ বাবে লাভ আৰু উন্নতিৰ নতুন পথ মুকলি হ’ব পাৰে বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। দীৰ্ঘদিন ধৰি নতুন চাকৰিৰ সন্ধান কৰি থকা লোকসকলে ভাল সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি, নতুন দায়িত্ব অথবা সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকেও এই সময়ছোৱাত উপযুক্ত সুযোগ লাভ কৰিব পাৰে। কোনো বিবাদ বা সমস্যাত জড়িত হৈ থাকিলে তাৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, কোনো চুক্তি বা নথিপত্ৰত স্বাক্ষৰ কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লোৱা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















