অসম লাইভ ২৪ঃ আৰক্ষীয়ে অপৰাধীক ধৰা আপুনি দেখিছে। কিন্তু পশ্চিমবংগত অপৰাধীক ধৰিবলৈ গৈ মৃত্যুক সাৱটিবলগীয়া হৈছে এগৰাকী আৰক্ষী। হয় পশ্চিমবংগত অপৰাধীক ধৰিবলৈ যোৱা এগৰাকী আৰক্ষীক মৰিয়াই মৰিয়াই হত্যা কৰা হয়। দুৰ্বৃত্তৰ প্ৰহাৰত মৃত্যু হয় বিহাৰৰ আৰক্ষী বিষয়া অশ্বিনী কুমাৰৰ। পশ্চিমবংগৰ পঞ্জীপাৰা থানাৰ অন্তৰ্গত পন্তাপাৰা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। বিহাৰৰ পৰা পলায়ন কৰা এগৰাকী ‘ম’ষ্ট ৱাণ্টেড’ অপৰাধীক ধৰিবলৈ পশ্চিম বংগলৈ গৈছিল অশ্বিনী কুমাৰ। কিন্তু গাঁওবাসীৰ সহযোগত দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ। ঘটনা সন্দৰ্ভত পশ্চিমবংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী অপৰাধীক। সম্প্ৰতি অশ্বিনী কুমাৰৰ মৃতদেহ পশ্চিমবংগৰ ইছলামপুৰ হাস্পতালত ৰখা হৈছে। ঘটনা সন্দৰ্ভত বিহাৰ পুলিচ এচ’ছিয়েচনৰ অধ্যক্ষ মৃত্যুঞ্জয় কুমাৰ সিঙে ভুক্তভোগীৰ পৰিয়াললৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ