অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে ৰাজধানী দিল্লীত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ প্ৰকোপ। দিল্লীৰ তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ ৬৮ গৰাকী কয়দী আক্ৰান্ত হৈছে ক’ৰোনাত। মাত্ৰ ১২ দিনৰ ভিতৰত কাৰাগাৰৰ ৬৮ গৰাকী কয়দী আৰু ১১ গৰাকী জে’ল কৰ্মচাৰী আক্ৰান্ত হৈছে ক’ৰোনাত। বিগত দিনকেইটাত ক’ৰোনাত আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা হৈছে। কয়দীৰ শৰীৰত ক’ৰোনাৰ কোনো লক্ষণে দেখা দিলে তৎক্ষণাত পৰীক্ষা কৰোৱাৰ লগতে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কাৰগাৰ কৰ্তৃপক্ষই। তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক সন্দীপ গোৱেলৰ মতে, এই পৰ্যন্ত কাৰাগাৰৰ মুঠ ১৯০ গৰাকী কয়দী ক’ৰোনাত আক্ৰান্ত হৈছে। ইতিমধ্যে ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২জন কয়দীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















