অসম লাইভ ২৪ঃ আজি মানুহ বিহু। ব’হাগ তথা অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। কোভিড পৰিস্থিতিৰ মাজতো প্ৰতিজন অসমীয়াই উলহ-মালহেৰে উদযাপন কৰিছে ৰঙালী বিহু। ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। পৰম্পৰা অনুসৰি মানুহ বিহুৰ দিনা কনিষ্ঠজনে জ্যেষ্ঠজনৰ চৰণ চুই সেৱা জনাই বছৰটোৰ বাবে মঙ্গল কামনা কৰি আশীৰ্বাদ বিচাৰে। আজিৰ দিনটোতে আপোনজনক বিহুৱান যাঁচি বিহুৰ ওলগ জনায়,গৃহস্থৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই ৰাইজে গৃহস্থক আশীৰ্বাদ জনায়। এফালে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰঙালীৰ ৰঙত মতলীয়া ৰাজ্যবাসী, বিহু মঞ্চৰ বাবে সাজু হৈছে শিল্পীসকল, আনফালে কোভিড পৰিস্থিতিৰ বাবে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজত বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ