অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। ৰাজ্য চৰকাৰে জাৰি কৰিলে কোভিড নিৰ্দেশনা। ১০০ৰো অধিক আক্ৰান্ত থকা জিলাত কঠোৰভাৱে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। আজিৰে পৰা ৩০ এপ্ৰিল পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব ৰাজ্যত। সন্ধিয়া ৬ বজাৰ পূৰ্বে বন্ধ হ’ব ছুপাৰ মাৰ্কেট, মল, সাপ্তাহিক বজাৰ। প্ৰশাসনৰ অনুমতি সাপেক্ষেহে জন সমাৱেশ। মুকলি স্থানত সৰ্বাধিক ৪০০ মানুহক লৈহে অনুষ্ঠান কৰাৰ অনুমতি। বন্ধ স্থানত মুঠ আসনৰ ৫০ শতাংশ উপস্থিতিৰ অনুমতি। এতিয়াৰে পৰা মুকলি বা বন্ধ কোনো অনুষ্ঠানত মানুহ থিয় হৈ থাকিব নোৱাৰিব। ব্যক্তিগত অনুষ্ঠান যেনে বিয়া আদিত সৰ্বাধিক ১০০ জনৰ সমাৱেশৰ অনুমতি। শেষকৃত্য, শ্ৰাদ্ধ আদিত ২০ জন লোকহে উপস্থিত থাকিব পাৰিব। ধৰ্মীয় স্থানত প্ৰতিঘণ্টাত ২০ জন লোককহে অনুমতি। বৃহৎ ধৰ্মীয় স্থানত সৰ্বাধিক ঘণ্টাত ৫০ জনৰ অনুমতি। কাৰ্যালয়ত বিষয়াৰ বাদে ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। চৰকাৰী আৰু বেচৰকাৰী দুয়ো খণ্ডৰ বাবে প্ৰযোজ্য হ’ব এই নিয়ম। অৱশ্যে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত সকলক ৰেহাই দিয়া হৈছে। ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থাক উৎসাহ যোগোৱাৰ কথা উল্লেখ SOPত। কাৰ্যালয় কক্ষত বৈঠক অনুষ্ঠিত নকৰাৰ পৰামৰ্শ প্ৰদান। গৰ্ভৱতী আৰু ৫ বছৰৰ তলৰ সন্তান থকা মাতৃক ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা। কৰ্মস্থানত ২টা চিফটৰ মাজত ব্যৱধান থাকিব লাগিব। কৰ্মস্থলীত থাৰ্মেল স্কেনিং, হেণ্ড ৱাছ, ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব লাগিব। কৰ্মস্থলীত নিয়মীয়াভাৱে ছেনিটাইজ কৰিব লাগিব।
শিক্ষানুষ্ঠানসমূহে অনলাইন শিক্ষাক গুৰুত্ব দিব লাগিব। এদিনত শিক্ষানুষ্ঠানত সৰ্বাধিক ৫০ শতাংশৰ ছাত্ৰ-ছাত্ৰীহে উপস্থিত থাকিব পাৰিব। বিদ্যালয়সমূহে পাঠদানৰ সময় ভগাই দিব লাগিব। শিক্ষানুষ্ঠানত পুৱাৰ সমাৱেশ বা আন সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব। প্ৰাথমিক শ্ৰেণীৰ অনলাইন শিক্ষাক অগ্ৰাধিকাৰ দিব লাগিব। শিক্ষা বিভাগে এই বিষয়ত সৱিশেষ নিৰ্দেশনা প্ৰকাশ কৰিব। চৰকাৰী আৰু বেচৰকাৰী পৰিবহন ব্যৱস্থাতো বিশেষ নিয়ম। ৰাজহুৱা পৰিবহনত কোভিড প্ৰট’কল মানি চলিব লাগিব। অট’ৰিক্সা, ৰিক্সা, টেক্সিত চালকৰ সৈতে ২ জন যাত্ৰীকহে অনুমতি আৰু চিটীবাছ, অন্যান্য বাছ ৫০ শতাংশ যাত্ৰীৰেহে চলিব লাগিব। কোনো যাত্ৰী থিয় হৈ যাতায়াত কৰিব নোৱাৰিব। সকলো যাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। দোকানত দুজন গ্ৰাহকৰ মাজত কমেও ৬ ফুট দূৰত্ব থাকিব লাগিব। দোকানৰ ভিতৰত ৫ জনৰ অধিক গ্ৰাহক সোমাব নোৱাৰিব। দোকানৰ বাহিৰত ছেনিটাইজাৰ আৰু হাত ধোৱাৰ ব্যৱস্থা থাকিব লাগিব। দোকানী আৰু গ্ৰাহকে মাস্ক, হেণ্ড গ্লোভছ আদি পৰিধান কৰিব লাগিব। দোকানত কোভিড প্ৰট’কল প্ৰযোজ্য কৰাটো দোকানীৰ দায়িত্ব। কোভিড বিধি ভংগ কৰিলে দোকান বন্ধ কৰি দিয়া হ’ব। চেলুন, বিউটি পাৰ্লাৰ আদি কোভিড প্ৰট’কল মানি চলি থাকিব। উদ্যোগ, চাহ বাগিচা আদি কোভিড প্ৰট’কল মানি চলি থাকিব। ২০২০ চনৰ কেইবাটাও কোভিড নিৰ্দেশনা এইবাৰো প্ৰযোজ্য হ’ব। মাস্ক নিপিন্ধিলে, ৰাজহুৱা স্থানত থু পেলালে ১০০০ টকাৰ জৰিমনাৰ কথা ঘোষণা কৰিছে চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















