এটা ভিডিঅ’ৱে দেশৰ লগতে সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হোৱাৰ লগতে চৰ্চা লাভ কৰিছে৷ ভাইৰেল ভিডিঅ’টোৱে দেশৰ প্ৰতিগৰাকীৰ মাতৃ আৰু সন্তানৰ অন্তৰ চুই গৈছে৷
ভিডিঅ’টো দেখা গৈছে যে এখন ইণ্ডিগো বিমানত এগৰাকী যুৱ কো-পাইলটে এগৰাকী মহিলা পাইলটক কাষত লৈ যাত্ৰীসকলক কিবা কৈ আছে৷ প্ৰথমে যুৱ কো-পাইলটজনে এটা ফুলৰ থোপালৈ আগবঢ়াই আহি মহিলা পাইলটগৰাকীৰ হাতত অৰ্পণ কৰে৷
লগতে পঢ়ক বলিৰ পঠা হৈছে কাশ্মীৰী পণ্ডিত! জন্মুত পুনৰ এজন কাশ্মীৰী পণ্ডিতক হত্যা
ইয়াৰ পিছতে মাইক্ৰ’ফোনটো হাতত লৈ যুৱ কো-পাইলটগৰাকীয়ে ক’বলৈ আৰম্ভ কৰে ‘‘শুভ সন্ধিয়া, এয়া আপোনালোকৰ আগত মই অমৰ ঠাকুৰ৷ অনুগ্ৰহ কৰি আপোনালোকৰ আগত কিছু কথা ক’ব পাৰো নে! আমি সকলোৱে জানো যে আজিৰ দিনটো এটা বিশেষ দিন৷ আজি দিনটো মাতৃ দিৱস আৰু সকলোৱে মাতৃক শ্ৰদ্ধা কৰে৷ আজিৰ এই শুভদিনটোতে ময়ো মোৰ মাক এটা সৰু উপহাৰ দিব খুজো৷’’
এইখিনিলৈকে ভিডিঅ’টো বিশেষ বিশেষত্ব নাছিল৷ কিন্তু কো-পাইলট অমৰ ঠাকুৰে ভিডিঅ’টোত কয় যে পাইলটগৰাকী তেওঁৰ মাতৃ৷ এতিয়া ভাল লগা কথাটো হ’ল, ইণ্ডিগোৰ উক্ত বিমানখনত পাইলটগৰাকীৰ হৈছে অমৰ ঠাকুৰৰ মাতৃ আৰু তেওঁৰ মাতৃক প্ৰথমবাৰলৈ বিমান উৰণত সহযোগ কৰে তাকো মাতৃ দিৱসৰ দিনাই৷
লগতে পঢ়ক দাঁতৰ ক্ষয়ৰোগৰ পৰা কেনেকৈ বাচি থাকিব?
অমৰ মতে তেওঁৰ ২৫ বছৰীয়া জীৱনটো বিভিন্ন সময়ত মাতৃৰ সৈতে বিমান যাত্ৰা কৰিছে৷ কিন্তু মাতৃ দিৱসৰ দিনাই জীৱনত প্ৰথমবাৰৰ বাবে মাতৃৰ সৈতে সহবৈমানিক হিচাপে সেৱা আগবঢ়াবলৈ গৈ আছে৷
এই সমগ্ৰ দৃশ্যটোৱে বিমান যাত্ৰীসকলকে নহয়, সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত লক্ষ লক্ষ মানুহৰ অন্তৰ চুই গৈছে৷ ইফালে মাতৃয়েও পুত্ৰৰ সাফল্যত অশ্ৰুসিক্ত নয়নেৰে অমৰক সাৱটি ধৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ