“আধাৰ কাৰ্ড” হৈছে ভাৰতীয় নাগৰিকে চিনাক্তকৰণ বাবে ব্যৱহাৰ কৰা এখন নথি। বেংক একাউণ্ট খোলা, স্কুলত নামভৰ্তি, কলেজত নামভৰ্তি, চৰকাৰী আঁচনিৰ সুবিধা লাভ আদি বহু কামত আধাৰ ব্যৱহাৰ কৰা হয়। আধাৰ কাৰ্ড বেছিভাগ ঠাইতে বাধ্যতামূলক হৈ পৰিছে, আনকি জে’লৰ শাস্তি লাভ কৰা কয়দীকো লাগে আধাৰ কাৰ্ড৷ কিন্তু যদি আপুনি ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰকাৰী তেন্তে ভাৰতৰ ইউনিক আইডেন্টিফিকেশন অথৰিটি (ইউ আইডি এ আই)ৰ দ্বাৰা জৰিমনা বিহা হ’ব পাৰে আপোনাৰ৷
চৰকাৰৰ বিশেষ নিৰ্দেশনা
ক্ৰমাৎ বৃদ্ধি পোৱা অনলাইন প্ৰৱঞ্চনা ৰোধ কৰিবলৈ চৰকাৰে ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। যিসকল আধাৰ কাৰ্ডধাৰীৰ আধাৰ কাৰ্ড ভুল কামত ব্যৱহাৰ কৰা হৈছে তেওঁলোকক চৰকাৰে জে’ললৈ প্ৰেৰণ কৰিব পাৰে। ভুৱা আধাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা আছে চৰকাৰৰ৷ ধৰা পৰিলে ৩ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব। আধাৰৰ অপব্যৱহাৰ ৰোধৰ বাবে এই নিয়ম প্ৰণয়ন কৰা হৈছে।
মিনিটৰ ভিতৰতে ভুৱা আধাৰ চিনাক্ত কৰিব পাৰি
ইউআইডিএআইৰ তথ্য অনুসৰি কেইমিনিটমানৰ ভিতৰতে ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিব পৰা যায়। অনলাইন পদ্ধতি গ্ৰহণ কৰি আপুনি জানিব পাৰিব যে আধাৰ প্ৰকৃত আৰু ইয়াৰ বৈধতা প্ৰমাণিত। যদি পৰীক্ষণ প্ৰক্ৰিয়া কৰা হোৱা নাই, তেন্তে আপুনি অনলাইন প্ৰক্ৰিয়া গ্ৰহণ কৰি সত্যাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে।
আধাৰৰ পৰীক্ষণ প্ৰক্ৰিয়া কেনেকৈ সম্পূৰ্ণ কৰিব?
- প্ৰথমে ইউআইডিএআইৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
- ‘এটা আধাৰ নং পৰীক্ষা কৰক।’ বিকল্পটোত ক্লিক কৰক।
- ইয়াত আপোনাৰ আধাৰ নম্বৰ আৰু কেপচা ক’ড দিয়ক।
- ইয়াৰ পিছত ‘Proceed To Verify’ অপচনত ক্লিক কৰক
- এইদৰে আধাৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।
পৰিয়ালৰ সদস্যৰ আধাৰ পৰীক্ষণো প্ৰয়োজনীয়
নিজৰ লগতে পৰিয়ালৰ সদস্যৰ আধাৰ পৰীক্ষণ সম্পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আপুনি কোনো ডাঙৰ সমস্যাত পৰাৰ পৰা হাত সাৰিব পাৰিব। পৰীক্ষণ অবিহনে ভুৱা আধাৰ কাৰ্ড ৰখাৰ বাবে জে’ল আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। ইউআইডিএআইৰ মতে ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰিলে আৰ্থিক শাস্তি আৰু শাস্তি দুয়োটাই আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ