ড্ৰীম প্ৰজেক্ট কৰাৰ পাছতে সন্যাস ল’ব আমিৰে, এক সাক্ষাতত নিজেই দিলে ইংগিত
বলীউডৰ ছুপাৰষ্টাৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে এক সাক্ষাতত দিলে এক চাঞ্চল্যকৰ তথ্য। তেখেতৰ ড্ৰীম প্ৰজেক্ট সমাপন হোৱাৰ পাছতে সন্যাস লব পাৰে কামৰ পৰা। ৩৭ বছৰীয়া দীঘলীয়া কেৰিয়াৰত বহুকেইখন ছুপাৰ হিট ছবি দিয়া লগতে বিশেষ বিশেষ চৰিত্ৰৰে অনুৰাগীক আকৰ্ষণ কৰাৰ পাছত এতিয়া বিদায় দিয়াৰ দিন সমাগত।
বৰ্তমানে মিষ্টাৰ পাৰফেক্টনিষ্ট আগন্তুক ছবি ‘চিতাৰে জমীন পৰ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। এই ছবিখনৰ প্ৰচাৰৰ সময়তে আমিৰ খানে তেখেতৰ ড্ৰীম প্ৰজেক্ট মহাভাৰতৰ বিষয়ে মুকলিকৈ কয়।
এই ছবিখনত তেওঁৰ চৰিত্ৰ সন্দৰ্ভত তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিব বিচৰাৰ ইংগিত দিয়ে। কিন্তু এই ড্ৰীম প্ৰজেক্ট মহাভাৰত কৰাৰ পাছত একো নকৰা অৰ্থাৎ অৱসৰ লোৱাৰ বক্তব্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মহাভাৰতত নিজৰ ভূমিকা সন্দৰ্ভত উল্লেখ কৰি আমিৰ খানে ৰাজ শমণিৰ প’ডকাষ্টত কয়, ‘শ্ৰীকৃষ্ণৰ চৰিত্ৰত মই অতিশয় আপ্লুত। ব্যক্তিগতভাৱে এই চৰিত্ৰটো মোৰ বৰ ভাল লাগে আৰু মহাভাৰত বনোৱাটো মোৰ সপোন, কিন্তু সঁচাকৈয়ে ই অতি কঠিন।
আমিৰে লগতে ইয়াকো কয় যে তেওঁ নিশ্চিতভাৱে মহাভাৰত প্ৰকল্পৰ কাম কৰিব। এইখনেই হয়তো তেওঁৰ শেষ ছবি হ’ব পাৰে বুলিও তেওঁ ইংগিত দিয়ে। ‘মহাভাৰত সকলো আছে, আৱেগ, গভীৰতা আৰু ভৱিষ্যৎ আছে।’
লগতে আমিৰে ইয়াকো কয় যে, পৃথিৱীত যিয়েই নহওক কিয়, এই কাহিনীত দৰ্শকে সকলো বিচাৰি পাব। হয়তো এই কামটো কৰাৰ পিছত মই অনুভৱ কৰিম যে মোৰ বাবে একোৱেই বাকী নাই। ইয়াৰ কাহিনী ইমানেই বিশেষ যে ইয়াৰ পিছত আৰু একো কৰাটো কঠিন হৈ পৰিব।
মহাভাৰত প্ৰকল্প সন্দৰ্ভত তেওঁ কয় যে এয়া তেওঁৰ আটাইতকৈ ডাঙৰ সপোন। ইয়াৰ চিত্ৰনাট্য প্ৰস্তুত কৰিবলৈ বছৰ বছৰ লাগিছিল। বৰ্তমান তেওঁ এই ছবিখনত কাম কৰিব নে নকৰে সেয়া সিদ্ধান্ত লোৱা হোৱা নাই। অৱশ্যে এই ছবিখনৰ চৰিত্ৰত অভিনয় কৰিবলৈ উপযুক্ত অভিনেতা নিয়োগ কৰাৰ চেষ্টা কৰিছে। ছুপাৰষ্টাৰগৰাকীয়ে লগতে কয় যে ছবিখন একাধিক অংশত নিৰ্মাণ হ’ব আৰু একাধিক পৰিচালকে ইয়াৰ কাম কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















