৬০ বছৰীয়া জন্মদিন উপলক্ষে সংবাদমাধ্যমৰ সৈতে নিজৰ প্ৰেয়সী গৌৰীক চিনাকী কৰায় দিয়ে আমিৰ খানে৷ নিজৰ প্ৰাক জন্মদিনৰ অনুষ্ঠানত আমিৰে জনাই যে বিগত ডেৰ বছৰ ধৰি তেওঁলোক সম্পৰ্কত আছে৷ বিগত কেইবামান ধৰি বাংগালুৰুৰ নিবাসী সেই যুৱতীৰ সৈতে আমিৰৰ প্ৰেমৰ সম্পৰ্ক চলি আছে৷ আমিৰে জনাই যে তেওঁৰ প্ৰযোজনা সংস্থাতেই কাম কৰে গৌৰীয়ে৷ ছ’বছৰীয়া এটি সন্তানো আছে আমিৰৰ নতুন প্ৰেয়সীৰ৷ দীৰ্ঘ ২৫ বছৰ ধৰি গৌৰীৰ সৈতে যোগাযোগ আছে আমিৰৰ৷ কিন্তু প্ৰেমৰ সম্পৰ্ক নাছিল৷ ডেৰ বছৰ পূৰ্বৰে পৰাহে দুয়োৰে মাজত প্ৰেমভাৱ জাগিছে৷ গৌৰীৰ সৈতে ডেৰ বছৰ ধৰি লিভ ইনত আছে আমিৰ৷ তামিল আৰু আইৰিছ বংশোদ্ভূত গৌৰীৰ এটি ৬বছৰীয়া সন্তানো আছে৷
আমিৰে সংবাদমাধ্যমৰ আগত কয়, কেনেকৈ গৌৰীৰ সৈতে পৰিচয় হৈছিল আমিৰৰ৷ আমিৰে কয়, ‘গৌৰী বাংগালুৰুৰ ঘৰত যেতিয়া আছিল তেতিয়া লুকাই চুৰকৈ তেওঁৰ কাষলৈ গৈছিলো৷ কাকো একো নজনোৱাকৈয়ে গৈছিলো৷ বাংগালুৰু বিমানবন্দৰত বৰ এটা ভিৰ নাথাকে৷’ সংবাদমাধ্যমৰ লোকে আকৌ আমিৰক প্ৰশ্ন কৰে যে গৌৰী যেতিয়া আপোনাৰ মুম্বাইৰ ঘৰলৈ আহিল তেতিয়া কেনেকৈ তেওঁক লগ দিছিল? তেতিয়া আমিৰে কয়, ‘সংবাদমাধ্যমৰ নজৰ অন্য খানসমূহৰ ঘৰতহে থাকে৷ মোৰ ঘৰলৈ খুব এটা নজৰ নিদিয়ে৷ সেয়ে আপোনালোকৰ চকুত ধূলি দিয়েই আমাৰ প্ৰেম ইয়াতো চলি আছে৷’
গৌৰীক বিয়া কৰাব নেকি আমিৰ খানে? এই সন্দৰ্ভত আমিৰে কয়, বয়স ৬০ বছৰ হৈছে৷ এই বয়সত আকৌ বিয়া কৰোৱাটো চাপৰ বিষয় হৈ যাব৷ মই বিয়া কৰোৱাটো শোভনীয় হব জানো? দেখা যাওকচোন৷ গৌৰী আৰু মোৰ সম্পৰ্ক এনেকৈয়ে খুব সুন্দৰ৷ পৰস্পৰৰ প্ৰতি ভালপোৱাত ডুবি গৈছো আমি৷ গৌৰীৰ কাষত মই শান্ত থাকো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ