ডিজিটেল ডেস্কঃ কেতিয়াবা বেজাৰ লাগিলে নাইবা কেতিয়াবা অকলে থাকিবলৈ মন গলে আপুনিও ছাগে শুনিছে সেই বিশেষ গানটো। গানটো হৈছে- Aaoge Jab Tum….। হিন্দী ছবি jab we metত থকা সেই গানটো শুনি থাকিলেও যেন আমনি নালাগে। সেই গানটোত যাদুকৰী কন্ঠ নিগৰোৱা ওস্তাদ ৰছিদ খানে জীৱন নাট সামৰিলে । ৫৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে সংগীত শিল্পীগৰাকীয়ে।
কলকাতাৰ এখন ব্যক্তিগত হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। বিগত বহুদিনৰ পৰা শাৰিৰিকভাৱে অসুস্থ হৈ থকা শিল্পীগৰাকী আই চি ইউত ভৰ্তি হৈ আছিল। ১১বছৰ বয়সৰ পৰাই সংগীতৰ যাত্ৰা আৰম্ভ কৰা সংগীত শিল্পীগৰাকীয়ে বহু সুমধুৰ গীতত কন্ঠ নিগৰাইছে। শ্বাহৰুখ খানৰ ‘মাই নেম ইজ খান’ৰ লগতে ৰাজ-৩, কাদম্বৰী, ছাদী মে জৰুৰ আনা, মেট্ৰৰ দৰে জনপ্ৰিয় হিন্দীছবিত নিজৰ যাদুকৰী কন্ঠ নিগৰাইছে।
হিন্দীৰ লগতে বহু বাংলা গীততো কন্ঠদান কৰিছিল সংগীত শিল্পীগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ