আগন্তুক গুজৰাট বিধানসভাৰ নিৰ্বাচনক লৈ গুজৰাটৰ ৰাজীতিয়ে এক আকৰ্ষণীয় ৰূপ লোৱা দেখা গৈছে৷ বিশেষকৈ প্ৰায় দুটা দশক গুজৰাটৰ শাসনত থকা বিজেপিক কোনো বিৰোধীয়ে প্ৰতিৰোধ কৰাটো বাদেই অস্বস্তিতো পেলাব পৰা নাছিল৷
কিন্তু এইবাৰ গুজৰাটৰ ৰাজনীতি আম আদমি পাৰ্টিয়ে প্ৰৱেশ কৰি শাসকীয় বিজেপি টোপনি হৰণ কৰা দেখা গৈছে৷ যাৰ ফলত বিজেপিয়ে আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰা দেখা গৈছে৷
উল্লেখ্য যে পঞ্জাৱত সফলতা লাভ কৰাৰ পাছতে এইবাৰ আপ-এ গুজৰাটলৈ চকু দিছে৷ সেয়ে আগন্তুক গুজৰাট বিধানসভাৰ নিৰ্বাচন উপলক্ষ্যে অৰবিন্দ কেজৰিৱালে দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰে৷
লগতে পঢ়ক ‘বান্ধোনে বেলিকো নাবান্ধে!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?
এই ভ্ৰমণকালৰ মাজতে কেজৰিৱালে যোৱা সোমবাৰে বিয়লি আহমেদাবাদত অ’টো চালকৰ এক সমাৱেশত অংশগ্ৰহণ কৰে৷ উক্ত সমাৱেশত অংশগ্ৰহণ কৰাৰ সময়তে চহৰৰ ঘালোদিয়া অঞ্চলৰ বাসিন্দা বিক্ৰম দন্তনী নামৰ অ’টো ৰিক্সা চালকজনে কেজৰিৱালক নৈশ আহাৰৰ বাবে নিমন্ত্ৰণ কৰে আৰু কেজৰিৱালেও এই নিমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
ইয়াৰ পাছতে অৰবিন্দ কেজৰিৱালে আপৰ কেইজমান নেতাৰ সৈতে বাহৰ পাতি থকা পঞ্চ তাৰকাযুক্ত হোটেলৰ পৰা অ’টো চালকজনৰ ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোতেই নিৰাপত্তা দোহাই দি আৰক্ষীয়ে যাত্ৰা বাতিল কৰিবলৈ আহ্বান জনায়৷
লগতে পঢ়ক সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?
গুজৰাট আৰক্ষীৰে বাদানুবাদত লিপ্ত হৈ অৱষেশত অৰবিন্দ কেজৰিৱালে অ’টো চালকজনৰ বাসগৃহলৈ অ’টোৰিক্সাতে যাত্ৰা কৰে৷ কিন্তু বাটতে পুনৰ আৰক্ষীয়ে নিৰাপত্তা দোহাই দি কেৰজিৱালক বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে৷ এইবাৰো কেজৰিৱালে আৰক্ষীৰে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু আৰক্ষীয়ে কেজৰিৱালক যাবলৈ অনুমতি প্ৰদান কৰে৷
অৱশেষত অৰবিন্দ কেজৰিৱালে অ’টো চালকজনৰ ঘৰত উপস্থিত হৈ নৈশ আহাৰ গ্ৰহণ কৰি পুনৰ হোটেললৈ ওভতি আহে৷
ইয়াৰ পাছতে বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্ৰ বাক্য বাণেৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অ’টো চালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰাটোক বিজেপিয়ে ‘অভিনয়’ বুলি আখ্যা দি কেজৰিৱালক ‘অভিনেতা’ বুলিও অভিহিত কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ