এজন ব্যক্তিয়ে কেইবাৰ বিবাহৰ বান্ধোনত বান্ধ খাব পাৰে? আপুনি কল্পনা কৰকচোন! এবাৰ, দুবাৰ, তিনিবাৰ… বা ১০ বাৰ!! নহয় আপুনি কল্পনা কৰিব নোৱাৰাকৈ অসংখ্যবাৰ এজন পুৰুষে বিবাহপাশত আৱদ্ধ হৈছে৷
আপোনাৰ বাবে কল্পনাতীত হ’লেও আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে ক’বলৈ আগবাঢ়িছো যিগৰাকী ব্যক্তিয়ে এতিয়ালৈকে ৩১ বাৰ বিবাহপাশত আৱদ্ধ হৈছে৷ এই ব্যক্তিজনৰ নাম হৈছে গ্লীন উলফ৷ পেচাত পাদ্ৰী এই গ্লীন উলফ কেলিফ’ৰ্ণিয়াৰ বাসিন্দা৷ ইতিমধ্যে ৩১ বাৰ বিবাহপাশত আৱদ্ধ হৈ গ্লীনে হিচাপে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছে৷ অৰ্থাৎ বিশ্বৰ সৰ্বাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱাৰ অভিলেখ সৃষ্টি কৰিছে গ্লীনে৷
কাৰোবাৰ সৈতে ১৯ দিনীয়া সংসাৰ কাৰোবাৰ সৈতে ১১ বছৰ সংসাৰ কৰা গ্লীনে প্ৰতিবাৰেই পৃথক যুৱতীৰে বিবাহপাশত আৱদ্ধ হৈছে এনে নহয়, ৩১ বাৰ বিবাহপাশত আবদ্ধ হোৱা এই পাদ্ৰীগৰাকীয়ে তিনিবাৰ নিজৰ প্ৰাক্তন পত্নীৰ সৈতেই বিবাহপাশত আৱদ্ধ হৈছে।
লগতে পঢ়ক মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?
পাদ্ৰী হিচাপে জনপ্ৰিয় নহৈ গ্লীনে বিবাহ আৰু বিচ্ছেদৰেহে সকলোৰে মাজত পৰিচিত। এতিয়া প্ৰশ্ন হয় কিয় ৩১ বাৰকৈ বিবাহপাশত আবদ্ধ হৈছে গ্লীন? ইয়াৰ সঠিক উত্তৰ যদিও নাই৷ কিন্তু বিশ্ব ৰেকৰ্ডৰ বাবেই এনেদৰে যে বিবাহ কৰোৱা নাছিল সেই কথা তেওঁ স্পষ্ট কৰিছে। গ্লীনে যদিও ৩১ বাৰ বিবাহপাশত আবদ্ধ হৈছে প্ৰত্যেকবাৰেই তেওঁৰ বিবাহৰ আঁৰত পৃথক পৃথক কাৰণ আছে।
৩১ গৰাকী পত্নীৰ ভিতৰত ৫ গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। গ্লীনে প্ৰথম বিবাহ কৰিছিল ১৯২৬ চনত। মাৰ্ছি মেকডোনাল্ড নামৰ এগৰকী যুৱতীৰে বিবাহপাশত আবদ্ধ হৈছিল গ্লীন। কিন্তু দুৰ্ভাগ্যবশত বিয়াৰ ১ বছৰ অন্তত তেওঁৰ প্ৰথমা পত্নী মাৰ্ছিৰ মৃত্যু ঘটে।
মাৰ্ছীৰ মৃত্যুৰ পিছতেই তেওঁ দ্বিতীয় বিবাহ কৰায়। দ্বিতীয় পিছত তৃতীয় কৰি এনেকৈ ১৭ বাৰকৈ বিবাহপাশত আবদ্ধ হ’ল গ্লীন। প্ৰত্যেকখন সংসাৰেই আওললগাৰ বাবেই বিচ্ছেদ হৈছিল। যাৰবাবে হতাশ হৈ পৰে গ্লীন।
লগতে পঢ়ক ৰাণী এলিজাবেথৰ এখন গোপন চিঠি; কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?
হতাশ গ্লীনে শেষৰখন বিবাহ কৰিবলৈ মন মেলিলে। তেতিয়ালৈ মুঠ ২৭ খন বিবাহ বিচ্ছেদেই ঘটিছিল গ্লীনৰ। ২৮ সংখক বিবাহৰ বাবে যিগৰাকী যুৱতী গ্লীনে পছন্দ কৰে তেওঁ গ্লীনতকৈ প্ৰায় ৩৭ বছৰে সৰু। ২৮ সংখ্যক সংগী ক্ৰিষ্টিনা কামাছো গ্লীন জীৱনলৈ লখিমী হৈ আহিল। পূৰ্বৰ সকলো আওল ভাঙি ন জীৱনৰ পাতনি মেলিলে গ্লীনে। সেই বিবাহেই সৰ্বাধিক সময় ধৰি টিকিল। প্ৰায় ১১ বছৰ দুয়ো একেলগে থকাৰ পিছত এই বিবাহৰো সমাপ্তি ঘটে।
কিয় গ্লীনৰ বাৰে বাৰে বিবাহ বিচ্ছেদ হৈছিল কাৰণসমূহ শুনিলে সকলোৰে চকু কপালত উঠিব। বিয়াৰ পিছতেই কোনোগৰাকীয়ে যদি গ্লীনৰ টুথব্ৰাছ ব্যৱহাৰ কৰাৰ বাবে বিচ্ছেদ হৈছিল আন কোনোগৰাকীৰে আকৌ পত্নীগৰাকীয়ে বিছনাত সুৰুযমুখী ফুলৰ গুটি এৰুৱাই থকাৰ কথাতেই খড়গহস্ত হৈ বিচ্ছেদ কৰিছে।
২৮ সংখ্যক বিবাহ বিচ্ছেদৰ পিছতো গ্লীনৰ জীৱনলৈ আকৌ আহিল ৩ গৰাকী অন্য নাৰী। ইয়াৰ মাজতে গ্লীনৰ ৩১ সংখ্যক বিবাহ আছিল পূৰ্বৰ বিবাহতকৈ কিছু ব্যতিক্ৰম। ৩১ সংখ্যক পত্নী লিণ্ডা উলফৰ কাহিনী অন্যসকলতকৈ পৃথক। গ্লীনৰ পূৰ্বে লিণ্ডাই অইন ২৩ গৰাকী পুৰুষেৰে বিবাহপাশত আবদ্ধ হৈ গীনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিছিল। লিণ্ডাৰো এই বিবাহ আছিল ২৪ সংখ্যক বিবাহ।
সেই সময়ত প্ৰকাশিত বাতৰিৰ শিৰোনামত স্থান দখল কৰিবৰ বাবেই লিণ্ডা আৰু গ্লীনে বিবাহপাশত আবদ্ধ হৈছিল বুলি বহুতেই ক’ব খোজে। কাৰণ বিবাহৰ পিছত মাত্ৰ ১ সপ্তাহ সময়হে দুয়ো একেলগে কটায়।
উল্লেখ্য যে নিজৰ ৮৯ সংখ্যক জন্মদিনৰ ৪৫ দিন আগত মৃত্যু ঘটে গ্লীনৰ। ৩১ গৰাকীৰে বিবাহপাশত আবদ্ধ হ’লেও জীৱনৰ বিয়লি বেলাত অকলেই আছিল গ্লীন। শেষৰগৰাকী পত্নীৰে বিচ্ছেদ ঘটা নাছিল যদিও দুয়ো পৃথকেই বাস কৰিছিল যাৰ বাবে গ্লীনৰ মৃত্যুৰ কবৰো পোৱা নাছিল তেওঁৰ শেষৰগৰাকী পত্নীৰে।
শেষৰগৰাকী পত্নী লিণ্ডাই গ্লীনৰ ৮৯ সংখ্যক জন্মদিন পালনৰ বাবে আহি মৃত্যুৰ খবৰ পায়। মৃত্যুৰ সময়ত গ্লীনে ১৯ টা সন্তানৰ লগতে ৪০ টাকৈ নাতি ইহসংসাৰত এৰি থৈ গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ