• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

4 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

12 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

13 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

14 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

14 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

15 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

15 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

17 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

17 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

18 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

18 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

19 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

editor by editor
September 13, 2022
in জীৱনশৈলী, বিশ্ব
0
সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ব্যক্তিয়ে কেইবাৰ বিবাহৰ বান্ধোনত বান্ধ খাব পাৰে? আপুনি কল্পনা কৰকচোন! এবাৰ, দুবাৰ, তিনিবাৰ… বা ১০ বাৰ!! নহয় আপুনি কল্পনা কৰিব নোৱাৰাকৈ অসংখ্যবাৰ এজন পুৰুষে বিবাহপাশত আৱদ্ধ হৈছে৷

আপোনাৰ বাবে কল্পনাতীত হ’লেও আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে ক’বলৈ আগবাঢ়িছো যিগৰাকী ব্যক্তিয়ে এতিয়ালৈকে ৩১ বাৰ বিবাহপাশত আৱদ্ধ হৈছে৷ এই ব্যক্তিজনৰ নাম হৈছে গ্লীন উলফ৷ পেচাত পাদ্ৰী এই গ্লীন উলফ কেলিফ’ৰ্ণিয়াৰ বাসিন্দা৷ ইতিমধ্যে ৩১ বাৰ বিবাহপাশত আৱদ্ধ হৈ গ্লীনে হিচাপে গীনিজ বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিছে৷ অৰ্থাৎ বিশ্বৰ সৰ্বাধিকবাৰ বিবাহপাশত আৱদ্ধ হোৱাৰ অভিলেখ সৃষ্টি কৰিছে গ্লীনে৷

কাৰোবাৰ সৈতে ১৯ দিনীয়া সংসাৰ কাৰোবাৰ সৈতে ১১ বছৰ সংসাৰ কৰা গ্লীনে প্ৰতিবাৰেই পৃথক যুৱতীৰে বিবাহপাশত আৱদ্ধ হৈছে এনে নহয়, ৩১ বাৰ বিবাহপাশত আবদ্ধ হোৱা এই পাদ্ৰীগৰাকীয়ে তিনিবাৰ নিজৰ প্ৰাক্তন পত্নীৰ সৈতেই বিবাহপাশত আৱদ্ধ হৈছে।

লগতে পঢ়ক মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?

পাদ্ৰী হিচাপে জনপ্ৰিয় নহৈ গ্লীনে বিবাহ আৰু বিচ্ছেদৰেহে সকলোৰে মাজত পৰিচিত। এতিয়া প্ৰশ্ন হয় কিয় ৩১ বাৰকৈ বিবাহপাশত আবদ্ধ হৈছে গ্লীন? ইয়াৰ সঠিক উত্তৰ যদিও নাই৷ কিন্তু বিশ্ব ৰেকৰ্ডৰ বাবেই এনেদৰে যে বিবাহ কৰোৱা নাছিল সেই কথা তেওঁ স্পষ্ট কৰিছে। গ্লীনে যদিও ৩১ বাৰ বিবাহপাশত আবদ্ধ হৈছে প্ৰত্যেকবাৰেই তেওঁৰ বিবাহৰ আঁৰত পৃথক পৃথক কাৰণ আছে।

৩১ গৰাকী পত্নীৰ ভিতৰত ৫ গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে। গ্লীনে প্ৰথম বিবাহ কৰিছিল ১৯২৬ চনত। মাৰ্ছি মেকডোনাল্ড নামৰ এগৰকী যুৱতীৰে বিবাহপাশত আবদ্ধ হৈছিল গ্লীন। কিন্তু দুৰ্ভাগ্যবশত বিয়াৰ ১ বছৰ অন্তত তেওঁৰ প্ৰথমা পত্নী মাৰ্ছিৰ মৃত্যু ঘটে।

মাৰ্ছীৰ মৃত্যুৰ পিছতেই তেওঁ দ্বিতীয় বিবাহ কৰায়। দ্বিতীয় পিছত তৃতীয় কৰি এনেকৈ ১৭ বাৰকৈ বিবাহপাশত আবদ্ধ হ’ল গ্লীন। প্ৰত্যেকখন সংসাৰেই আওললগাৰ বাবেই বিচ্ছেদ হৈছিল। যাৰবাবে হতাশ হৈ পৰে গ্লীন।

লগতে পঢ়ক ৰাণী এলিজাবেথৰ এখন গোপন চিঠি; কি আছে এই গোপন চিঠিত? ক’ত সংৰক্ষিত হৈ আছে চিঠিখন?

হতাশ গ্লীনে শেষৰখন বিবাহ কৰিবলৈ মন মেলিলে। তেতিয়ালৈ মুঠ ২৭ খন বিবাহ বিচ্ছেদেই ঘটিছিল গ্লীনৰ। ২৮ সংখক বিবাহৰ বাবে যিগৰাকী যুৱতী গ্লীনে পছন্দ কৰে তেওঁ গ্লীনতকৈ প্ৰায় ৩৭ বছৰে সৰু। ২৮ সংখ্যক সংগী ক্ৰিষ্টিনা কামাছো গ্লীন জীৱনলৈ লখিমী হৈ আহিল। পূৰ্বৰ সকলো আওল ভাঙি ন জীৱনৰ পাতনি মেলিলে গ্লীনে। সেই বিবাহেই সৰ্বাধিক সময় ধৰি টিকিল। প্ৰায় ১১ বছৰ দুয়ো একেলগে থকাৰ পিছত এই বিবাহৰো সমাপ্তি ঘটে।

কিয় গ্লীনৰ বাৰে বাৰে বিবাহ বিচ্ছেদ হৈছিল কাৰণসমূহ শুনিলে সকলোৰে চকু কপালত উঠিব। বিয়াৰ পিছতেই কোনোগৰাকীয়ে যদি গ্লীনৰ টুথব্ৰাছ ব্যৱহাৰ কৰাৰ বাবে বিচ্ছেদ হৈছিল আন কোনোগৰাকীৰে আকৌ পত্নীগৰাকীয়ে বিছনাত সুৰুযমুখী ফুলৰ গুটি এৰুৱাই থকাৰ কথাতেই খড়গহস্ত হৈ বিচ্ছেদ কৰিছে।

২৮ সংখ্যক বিবাহ বিচ্ছেদৰ পিছতো গ্লীনৰ জীৱনলৈ আকৌ আহিল ৩ গৰাকী অন্য নাৰী। ইয়াৰ মাজতে গ্লীনৰ ৩১ সংখ্যক বিবাহ আছিল পূৰ্বৰ বিবাহতকৈ কিছু ব্যতিক্ৰম। ৩১ সংখ্যক পত্নী লিণ্ডা উলফৰ কাহিনী অন্যসকলতকৈ পৃথক। গ্লীনৰ পূৰ্বে লিণ্ডাই অইন ২৩ গৰাকী পুৰুষেৰে বিবাহপাশত আবদ্ধ হৈ গীনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিছিল। লিণ্ডাৰো এই বিবাহ আছিল ২৪ সংখ্যক বিবাহ।

লগতে পঢ়ক ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ মিনিট দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

সেই সময়ত প্ৰকাশিত বাতৰিৰ শিৰোনামত স্থান দখল কৰিবৰ বাবেই লিণ্ডা আৰু গ্লীনে বিবাহপাশত আবদ্ধ হৈছিল বুলি বহুতেই ক’ব খোজে। কাৰণ বিবাহৰ পিছত মাত্ৰ ১ সপ্তাহ সময়হে দুয়ো একেলগে কটায়।

উল্লেখ্য যে নিজৰ ৮৯ সংখ্যক জন্মদিনৰ ৪৫ দিন আগত মৃত্যু ঘটে গ্লীনৰ। ৩১ গৰাকীৰে বিবাহপাশত আবদ্ধ হ’লেও জীৱনৰ বিয়লি বেলাত অকলেই আছিল গ্লীন। শেষৰগৰাকী পত্নীৰে বিচ্ছেদ ঘটা নাছিল যদিও দুয়ো পৃথকেই বাস কৰিছিল যাৰ বাবে গ্লীনৰ মৃত্যুৰ কবৰো পোৱা নাছিল তেওঁৰ শেষৰগৰাকী পত্নীৰে।

শেষৰগৰাকী পত্নী লিণ্ডাই গ্লীনৰ ৮৯ সংখ্যক জন্মদিন পালনৰ বাবে আহি মৃত্যুৰ খবৰ পায়। মৃত্যুৰ সময়ত গ্লীনে ১৯ টা সন্তানৰ লগতে ৪০ টাকৈ নাতি ইহসংসাৰত এৰি থৈ গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamglynn wolfeglynn wolfe marriages
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন
জীৱনশৈলী

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

August 13, 2026
long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
Next Post
‘বান্ধোনে বেলিকো নাবান্ধে…!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

‘বান্ধোনে বেলিকো নাবান্ধে...!’ সূৰ্যাস্ত নোহোৱা অঞ্চলকেইটা কি কি জানেনে?

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

স্বামীৰ যৌন প্ৰয়োজনীয়তা অতি বেছি! ৮৭ বছৰীয়া বৃদ্ধাৰ হেল্পলাইন নম্বৰত ফোন কৰি অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.