অসম লাইভ ২৪ঃ কংগ্ৰেছত পুনৰ এক মোক্ষম আঘাত। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জীৰ পুত্ৰ তথা কংগ্ৰেছ নেতা অভিজিৎ মুখার্জীয়ে আজি যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। কলকাতাৰ তৃণমূল কংগ্ৰেছ ভৱনত আয়োজিত এক অনুষ্ঠানত দলটোৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰে অভিজিৎ মুখার্জীয়ে। এই যোগদান কার্যসূচীত উপস্থিত থাকে tmcৰ নেতা সুদীপ বংগোপাধ্যয় আৰু আৰু পার্থ চেটার্জী। উল্লেখযোগ্য যে জুন মাহৰ ৯ তাৰিখে অভিজিৎ মুখার্জীয়ে tmcৰ শীর্ষৰ নেতৃত্বৰ লগত এক বৈঠকত ভাগ লওঁতে অনেকে অনুমান কৰিছিল এই খবৰ। সেই বৈঠকত উপস্থিত আছিল tmcৰ নেতা খলিলুৰ ৰহমান, আবু তাহেৰ, ইমানী বিশ্বাস আদি। বংগৰ নির্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পাছত খোদ প্ৰণৱ মুখার্জীৰ পুত্ৰই tmcত যোগদান কৰা ঘটনাই নিশ্চিতভাৱে আঘাত হানিব কংগ্ৰেছ দলক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ