বলীউডত চৰ্চাত এতিয়া ঐশ্বৰ্য্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ বিবাহ বিচ্ছেদৰ খবৰ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত ঐশ্বৰ্য্য আৰু অভিষেক পৃথকে পৃথকে অহাৰ পাছতেই আৰম্ভ হৈছে আকৌ পুৰণি চৰ্চা৷ চৰ্চাত এইবাৰ চিলমোহৰ মাৰিলে অভিষেকে নিজেই৷
সামাজিক মাধ্যমত ঐশ্বৰ্য্য অভিষেকৰ কেন্দ্ৰ কৰি বিভিন্ন পোষ্ট শ্বেয়াৰ হৈ আছে৷ ইয়াৰ মাজতেই হিনা খাণ্ডেলৱাল নামৰ এগৰাকী মহিলাই সামাজিকমাধ্যমত ভাৰতীয় দম্পতিসকলৰ মাজত বিচ্ছেদৰ প্ৰৱণতা কিয় বাঢ়িছে সেই সম্পৰ্কে দিছে বিশেষ পোষ্ট৷ সেই পোষ্টত লাইক কৰিছে অভিষেক বচ্চনেও৷ ইয়াৰ পাছতেই নেট নাগৰিকে অনুমান কৰিছে যে অভিষেক আৰু ঐশ্বৰ্য্যৰ বিচ্ছেদ প্ৰায় চিউৰ৷
হিনা খাণ্ডেলৱালে তেওঁৰ পোষ্টত লিখিছে, ‘ভালপোৱা যেতিয়া কঠিন হৈ উঠে, দীৰ্ঘকাল বিবাহিত জীৱনযাপন কৰা দম্পত্তিয়েও তেতিয়া বিচ্ছেদৰ পথেৰে আগবাঢ়ে৷ কি এনে ঘটনা ইমান বছৰৰ বৈবাহিক জীৱনৰ মাজত এনে কি ঘটনা ঘটিলে বিচ্ছেদ হয়৷’ বিবাহ বিচ্ছেদ মুঠেও সহজ বিষয় নহয়৷ প্ৰত্যেকেই সপোন দেখে জীৱনটো একেলগে থকাৰ, পৰস্পৰৰ হাতত ধৰি আগবঢ়াৰ৷ কিন্তু সকলো আশা পূৰণ হ’ব বুলিও কথা নাথাকে৷ জীৱনটো একেলগে থাকিবলৈ একসময়ত এক নৰক যেন লগা হয় তেতিয়াই মানুহে বিচ্ছেদৰ সিদ্ধান্ত লয়৷ এই পোষ্টত কিয় অভিষেকে লাইক কৰিছে সেই বিষয়ে জল্পনা আৰম্ভ হৈছে৷ বহুতেই আকৌ ঐশ্বৰ্যৰ সৈতে বিচ্ছেদৰ কাৰণক লৈয়ো জল্পনা আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















