অসম লাইভ২৪ঃ হিন্দুধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ এখন গ্ৰন্থ হ’ল গৰুড় পুৰাণ৷ সনাতন ধৰ্ম অনুসৰি গৰুড় পুৰাণে আমাৰ মৃত্যুৰ পাছত আমি কি হ’ল সেই তথ্য দাঙি ধৰে৷ হিন্দু ধৰ্মমতে সেয়ে কোনো ব্যক্তিৰ মৃত্যু হ’লে গৰুড় পুৰাণ পাঠ কৰোৱা হয়৷ হিন্দু ধৰ্মৰ ১৮ টা পুৰাণৰ মাজত বিশেষ বুলি গৰুড় পুৰাণক ধৰা হয় কিয়নো, এই পুৰাণৰ অধিষ্ঠাতা স্বয়ং বিষ্ণুৱেই৷ মানৱ জীৱনৰ জন্ম আৰু মৃত্যুৰ এই চক্ৰাকাৰ যাত্ৰাক গৰুড় পুৰাণে বিস্তাৰিতভাৱে বাখ্যা কৰিছে৷ স্বৰ্গ, নৰক, পাপ, পূণ্য সম্পৰ্কে ইয়াত বিশদ বাখ্যা আছে৷
এই পুৰাণ অনুসৰি মানুহে জীৱনত ভাল কাম-কাজ কৰিলে মৃত্যুৰ পাছত পূণ্যতা লাভ কৰি স্বৰ্গসুখ লাভ কৰে৷ বেয়া কাম কৰিলে নৰকলৈ গৈ না না কষ্ট ভোগ কৰে৷ গৰুড় পুৰাণত থকা অনুযায়ী এজন ব্যক্তিয়ে মৃত্যুৰ পূৰ্বেই কেইবাটাও সংকেত লাভ কৰে৷ মৃত্যু কাষতে নেকি সেই কথাও অনুমান কৰিব পাৰে এজন মানুহে৷ মৃত্যুৰ আগে আগে এজন মানুহে কি কি সংকেত পায় জানেনে?
মৃত্যু কাষ চাপিলে এজন ব্যক্তিয়ে পানী আৰু তেলত নিজৰ ছায়া নেদেখা হয়৷ সেয়ে কোৱা হয় মৃত্যুৰ আগত আমি নিজৰ ছাঁ টোৰ পৰাও দূৰত্বত অৱস্থান কৰো৷ প্ৰতিজন মানুহৰ হাতত থকা হস্তৰেখাও ভিন্ন হয়৷ হস্তেৰেখা অনুসৰি আমাৰ ভাগ্যত কি আছে সেয়া অনায়াসে কৈ দিব পাৰি৷ গৰুড় পুৰাণত উল্লেখ থকা অনুযায়ী মৃত্যু কাষ চাপিলে এজন মানুহৰ হাতত থকা হস্তৰেখা পাতল হৈ আহে৷ বহুৰেখা নোহোৱাও হয়৷ মৃত্যুৰ কিছুদিন পূৰ্বে এজন মানুহে বিভিন্ন অলৌকিক সপোন দেখিবলৈ আৰম্ভ কৰে৷ যেনে জ্বলি থকা চাকি হঠাতে নুমাই যোৱা৷
মৃত্যুৰ আগে আগে এজন মানুহে নিজৰ পূৰ্বপুৰুষক দেখিবলৈ আৰম্ভ কৰে। নিজৰ আশেপাশে মৃত্যুমুখী মানুহ দেখিবলৈ আৰম্ভ কৰে। কিছুসংখ্যকে আকৌ প্ৰয়াত আ্ত্মাও দেখিবলৈ আৰম্ভ কৰে। সেয়া দেখা মানেই ব্যক্তিজনৰ তেওঁৰ পূৰ্বপুৰুষে মৃত্যুৰ পাছৰ জগতখনলৈ স্বাগতম জনোৱা আৰম্ভ কৰিছে বুলি ধৰিব পাৰে।
মৃত্যু কাষ চাপিলে মানুহে শ্বাস-প্ৰশ্বাস ওলোটাভাৱে ল’বলৈ আৰম্ভ কৰে। বহুসময়ত তেওঁ চিনাকি মানুহকো পাহৰি যায়। চাৰিওফালে যমদূত দেখিবলৈ আৰম্ভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ