মহাপ্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ গোচৰত বলিউদৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছো সংকটৰ সন্মুখীন হ’ব পাৰে! অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ইডিয়ে চাৰ্জশ্বিট দাখিল কৰিছে। ইডিএ অভিনেত্ৰীগৰাকীয়ে ২১৫ টকাৰ ধন দাবীৰ গোচৰ জড়িত বুলি দাবী কৰিছে৷
ইডিএ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত জেকলিন ফাৰ্নাণ্ডেজৰ লগতে কে’বগৰাকী লোকক ইতিমধ্যে সোধা-পোছা কৰিছে। শেহতীয়াকৈ ইডিয়েও জেকলিন ফাৰ্নাণ্ডেজক ১২ লাখৰ এফ ডিৰ গোচৰটো জড়িত বুলি দাবী কৰিছে।
ইতিমধ্যে জেকলিনে এই গোচৰত সাক্ষী হিচাপে নিজৰ বক্তব্য লিপিবদ্ধ কৰিছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত এই গোচৰৰ প্ৰথমটো চাৰ্জশ্বীট অতিৰিক্ত অধিবেশন ন্যায়াধীশ প্ৰবীণ সিঙৰ আদালতত দাখিল কৰা হৈছিল।
লগতে পঢ়ক শিশুৱে মোবাইল টিভিত মজি থাকে নেকি? এই নিচাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি?
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইডিয়ে পিংকি ইৰানীৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰিছিল। পিংকিয়েই সুকেশক জেকলিনৰ লগত চিনাকি কৰাই দিছিল। অভিযোগ উত্থাপন হৈছে যে পিংকি ইৰাণীয়ে আগতে জেকলিনৰ বাবে দামী উপহাৰ দাবী কৰিছিল আৰু সুকেশে সেই উপহাৰ প্ৰদান কৰি আহিছিল।
অভিযোগ অনুসৰি বহু মডেল আৰু অভিনেত্ৰীৰ বাবে সুকেশে প্ৰায় ২০ কোটি টকা ব্যয় কৰিছিল। আনকি কিছুৱে সুকেশ দিয়া উপহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰো কৰিছিল।
ইফালে চন্দ্ৰশেখৰৰ ২০০ কোটি টকাৰ ধন প্ৰৱঞ্চনাৰ গোচৰত যোৱা এপ্ৰিল মাহত ইডি জেকলিনক দিয়া ৭ কোটি টকাৰ উপহাৰো সংযোগ আছে বুলি দাবী কৰিছে।
লগতে পঢ়ক সহকৰ্মীৰ আলিংগনত ভাঙিল ৩ ডাল কামিহাড়! ক্ষতিপূৰণ বিচাৰি আদালতত কোন মহিলা?
ফেব্ৰুৱাৰী মাহত ইডিয়ে প্ৰকাশ কৰিছিল যে সুকেশ চন্দ্ৰশেখৰে তেওঁৰ সহযোগী পিংকি ইৰাণীৰ জৰিয়তে বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰ, চাৰা আলী খান আৰু জাহ্ণৱী কাপুৰক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল।
ইডিৰ সূত্ৰই জনাইছিল যে পিংকি ইৰাণীয়ে কিছুমান অভিনেত্ৰীক সুকেশৰ লগত চিনাকি কৰাই দিবলৈ তিহাৰলৈ লৈ গৈছিল, কিন্তু এই অভিনেত্ৰীসকলৰ পৰিচয় প্ৰকাশ কৰা নাছিল। পিংকিয়ে আগতে প্ৰায়ে অভিনেত্ৰীক সাক্ষাৎ কৰিছিল।
দৰাচলতে ইডিয়ে ২০০ কোটি টকাৰ ধন প্ৰৱঞ্চনাৰ গোচৰত সুকেশ চন্দ্ৰশেখৰ, তেওঁৰ পত্নী লীনা মাৰিয়া প’ল আৰু আন ৬ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ইডিৰ অভিযোগ যে সুকেশ তিহাৰ জেলত থকাৰ সময়ত তেওঁ ৰণবেক্সিৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ সিং আৰু মালবিন্দৰ সিঙক জেলৰ পৰা উলিয়াই অনাৰ অজুহাত দেখুৱাইছিল। ইয়াৰ বাবে দুয়োৰে পত্নীৰ পৰা সুকেশ চন্দ্ৰশেখৰে প্ৰৱঞ্চনাৰে ২০০ কোটিৰো অধিক টকা অত্মসাৎ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















