প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল৷
আদিত্য হাস্পতালৰ বিৰুদ্ধে ভুল চিকিসাৰ অভিযোগ৷
ম্যাদ উকলিবলৈ কেইদিনমান বাকী থকা বেজী ব্যৱহাৰৰ অভিযোগ৷
সন্তান প্ৰসৱ কৰি সুস্থ প্ৰসূতিৰ হঠাৎ মৃত্যু৷
শুকুৰবাৰে মৃত্যু হৈছিল হেমামণি মৰাণৰ৷
সাংবাদিক প্ৰতাপ মৰাণৰ পত্নী হেমামণি বড়া মৰাণে এটি কন্যা সন্তান জন্ম দি মৃত্যুক আকোঁৱালি লৈছিল৷
প্ৰতাপ মৰাণৰ পত্নী হেমামণি মৰাণৰ মৃত্যুৰ পাছতেই সৃষ্টি হৈছিল হুলস্থুলৰ৷
দল-সংগঠনে মুখ্য়মন্ত্ৰীক দিছিল স্মাৰক পত্ৰ৷
পূৰ্বেও হাস্পতালখনৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু অভিযোগ৷
ৰোগীক লৈ গাফিলতি কৰাৰ বাবে তদন্তৰ ঘোষণা কৰিছিল প্ৰশাসনে৷
বহু বিতৰ্কিত আদিত্য হাস্পতাল অৱশেষত বন্ধ কৰিলে প্ৰশাসনে৷
শনিবাৰে নিশা ১ বজাত প্ৰশাসনে ছীল কৰে আদিত্য হাস্পতাল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















