স্বাভাৱিকতে বিয়া-বাৰুৰ দৰে অনুষ্ঠান বাদেই দিলো, বাটে-পথে লগ পালে বিবাহ উপযুক্ত যুৱকক সততে প্ৰশ্ন কৰা হয়— তোমাৰ বিয়া কেতিয়া? বেছি সংখ্যক যুৱকেই এনে প্ৰশ্ন অনাহুত বুলি ভৱাৰ লগতে যথেষ্ট অস্বস্তিত পৰে৷ কিন্তু এক অধ্যয়নৰ দ্বাৰা বিবাহৰ উপযুক্ত বয়সৰ পাছতো বিবাহত সোমাব নিবিচৰা কেইবাটাও কাৰণ উল্লেখ কৰা হৈছে৷
১. দায়িত্ববোধ
বহুত যুৱকেই ভাৱে বিয়া মানেই দায়িত্ববোধৰ এখন বিশাল জাল৷ বিয়া মানেই আবদ্ধ হৈ পৰা৷ বিয়া মানেই যেন বন্দিত্বৰ ইতিহাসৰ সূচনা৷ সেয়ে এইবোৰ জামালাত সোমাবলৈ নিবিচাৰে বহুতেই৷ যুৱকসকলৰ স্পষ্ট কথা— প্ৰেমত পৰিব পাৰো, কিন্তু বিয়া পতাত নাই৷
২. পৰকীয়া ভয়
বিবাহযোগ্য সৰহসংখ্যক যুৱকৰে মনত সততে সংশয় প্ৰকাশ কৰা দেখা যায়৷ কিবা কাৰণত তেওঁৰ হ’বলগীয়া মানুহজনীৰ অন্য লোকৰ সৈতে প্ৰেমত পৰিব পাৰে নেকি? এই ভয়টো স্থায়ী ৰূপ ল’লেই বিশ্বাসহীনতাত ভুগে৷ সংগীৰ প্ৰতি জন্মা এই আস্থাহীনতাৰ বাবেই বিয়াৰ পৰা সাত যোজন দূৰৈত অৱস্থান কৰে বহু যুৱকে৷
৩. স্বাধীনতা খৰ্ব
বিয়া পাতিলা! পিছে, একেবাৰে ডাং বৰলাটোৰ দৰে ঘূৰি ফুৰিছা দেখোন! এই হেন ৰাজহুৱা প্ৰশ্নকো কেৰেপ নকৰা যুৱকে বিবাহপূৰ্বৰ দিনবোৰত স্বাধীনভাৱে জীৱনৰ যি মাদকতা লাভ কৰিছিল সেয়া বিবাহৰ পাছত সমূলঞ্চে নাইকিয়া হ’ব বুলি ধাৰণা কৰে৷ অনানুষ্ঠানিকভাৱে চলি থকা ল’ৰাটোৰ জীৱনশৈলীত ব্যাহত হোৱাৰ ভয়তেই আঁতৰি থাকে বিবাহ পৰ্বৰ পৰা৷
৪. নিৰাপত্তাহীনতা
নিৰাপত্তহীনতাৰ প্ৰসংগ আহে দুটা ক্ষেত্ৰৰ পৰা৷ এটা হ’ল কেৰিয়াৰ, আনটো হ’ল শাৰীৰিক তথা ধন-দৌলত৷
উপাৰ্জনেই নাই যেতিয়া বিয়ানো পাতি কি খুৱাম! মনে বিচৰা, মাহিলী নিৰাপত্তা থকা এটা উপাৰ্জন নথকাৰ বাবেই বহুতেই মন থকাৰ পাছতো বিয়া নাপাতি চন পৰাৰ দৰে হয়৷
আকৌ অনেকেই নিজৰ শৰীৰক লৈও হীনমন্যতাত ভুগে৷ বিশেষকৈ উচ্চতা, ওজন, চুলি আদিৰ ক্ষেত্ৰত এই হীনমন্যতাৰ সৃষ্টি হয়৷ ক্ৰণিক ৰোগ কিছুমানৰ বাবেও বিবাহলৈ অনিচ্ছুক হয়৷
৫. সামাজিক বাতাবৰণ
চুবুৰীয়া অথবা দূৰ সম্পৰ্কীয় নতুবা ঘৰৰেই পৰিয়ালৰ লোকৰ দাম্পত্য জীৱনৰ তিক্ত চাক্ষুষ অভিজ্ঞতাই সংসাৰৰ প্ৰতি অনীহাৰ সৃষ্টি কৰে বহুতৰে৷ বিয়া নহয় যেন বৰবিহ— এইধাৰণা লৈ সাংসাৰিক মায়াজালত নোসোমোৱাকৈ থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ