• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান জনপ্ৰিয়?

ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান জনপ্ৰিয়?

5 years ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

16 minutes ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

44 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

1 hour ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

2 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

3 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

4 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

4 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

5 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

8 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান জনপ্ৰিয়?

editor by editor
January 22, 2022
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিমান জনপ্ৰিয়?
0
SHARES
322
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী কোন? দেশৰ বিজপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল কিমান জনপ্ৰিয়? এই প্ৰশ্নসমূহৰ উত্তৰ দিছে ‘ইণ্ডিয়া টুডে’এ চলোৱা এক সমীক্ষাই৷

‘মুড অৱ দ্য নেশ্যন ২০২২’ শীৰ্ষক নামেৰে চলোৱা এই সমীক্ষাত নতুন বৰ্ষটোত দেশৰ জনতাৰ ৰাজনৈতিক পচন্দ-অপচন্দসমূহ কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছে৷ দেশজুৰি চৰ্চা লাভ কৰা এই সমীক্ষাটোত দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ইয়াৰ বাবে ইণ্ডিয়া টুডেই দেশৰ ৰাজ্যসমূহৰ জনসাধাৰণক মুখ্যমন্ত্ৰীসকলৰ গ্ৰহণযোগ্যতা, কৰ্মদক্ষমতাৰ ওপৰত প্ৰশ্ন কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে তালিকাখনৰ প্ৰথম ফালৰ পাঁচটা স্থানত দেশৰ বিজেপি শাসিত ৰাজ্যৰ এজনো মুখ্যমন্ত্ৰী নাই! অসমৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰটো বাদেই হিন্দুত্বৰ প’ষ্টাৰবয় যোগী আদিত্যনাথ আৰু মদ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানো প্ৰথম পাঁচটা স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

সমীক্ষাটোত প্ৰথম স্থানত আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। দীৰ্ঘদিন ধৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী হৈ অহা পাটনায়কেই হৈছে ‘ভাৰতৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী। উৰিষ্যাৰ উত্তৰদাতাৰ ৭১.১%ই পাটনায়কৰ সপক্ষে ভোট দিছে।

পাটনায়কৰ পিছতে  বিজেপিক নাকত ধৰি চাকত ঘূৰোৱা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আছে দ্বিতীয় স্থানত। সমীক্ষাত অংশগ্ৰহণ কৰা পশ্চিমবংগৰ ৬৯.৯% লোকে মমতাৰ কামকাজত সন্তুষ্টি প্ৰকাশ কৰিছে।

তালিকাখনত তৃতীয় স্থান লাভ কৰিছে তামিলনাডুৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। তেওঁ ৰাজ্যখনৰ ৬৭.৫% শতাংশ লোকৰ সদিচ্ছা আদায় কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীত্বৰ পদ লাভ কৰিয়ে তামিলনাডুত কেইবাটাও প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰিছে ষ্টেলিনে।

ইফালে চতুৰ্থ স্থানত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই। ৰাজ্যখনৰ ৬১.৮% উত্তৰদাতাই থাকৰেক পচন্দ কৰিছে। থাকৰে আৰু তেওঁৰ দল শিৱসেনাই শেহতীয়াকৈ কেইবাবছৰ ধৰি মোদী চৰকাৰৰ চৰম বিৰোধ কৰি আহিছে।

থাকৰেৰ পাছতে পঞ্চম স্থানত আছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন। দেশৰ একমাত্ৰ বাওঁপন্থী মুখ্যমন্ত্ৰী বিজয়নে ৬১.১% উত্তৰদাতাৰ আস্থা লাভ কৰিছে। বিজয়নক দেশৰ বাওঁপন্থী ৰাজনীতিৰ আইকন হিচাপেও গণ্য কৰা হয়।

প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক বিৰোধ কৰি অহা এই পাঁচগৰাকী মুখ্যমন্ত্ৰীয়ে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

তালিকাখনৰ নৱম স্থানত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত  বিশ্ব শৰ্মাই৷ শৰ্মাই হৈছে একমাত্ৰ বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী যিয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ডঃ শৰ্মাই লাভ কৰিছে ৫৬.৬% উত্তৰদাতাৰ আস্থা। ৰাজ্যৰ এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ডঃ শৰ্মাই চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। মাইক্ৰ’ ফাইনান্সৰ নামত ঋণ ৰেহাইৰে মহিলাৰ মন জয় কৰিবলৈ চেষ্টা কৰাৰ লগতে আন বহু জনপ্ৰিয় কাম কৰি গৈছে তেওঁ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সঘনাই মুখ উলিয়াবলৈ সুযোগ বিচৰাত সিদ্ধহস্ত ডঃ শৰ্মা। তৎসত্বেও ইণ্ডিয়া টুডেৰ তালিকাখনৰ শীৰ্ষ পাঁচটা স্থানত উপনীত হোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, সততে দেশৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত সৰ্বাধিক উচ্চাৰিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰৰী যোগী আদিত্যনাথৰ প্ৰতি আস্থা নাই উত্তৰ প্ৰদেশৰ জনতাৰ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীয়ে নিজৰ প্ৰচাৰৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয়, হিন্দু-মুছলিমৰ লেতেৰা ৰাজনীতি কৰিও তালিকাখনৰ প্ৰথমৰফালে নকৰিলে৷

ইফালে সমীক্ষাটোত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ শোচনীয় অৱস্থাই কেন্দ্ৰৰ মোদী চৰকাৰৰ প্ৰতি দেশৰ জনতাৰ মোহভংগ ঘটাটোকে প্ৰতিফলিত কৰিছে বুলি বুলি ধাৰণা কৰা হৈছে৷ ইফালে প্ৰশ্ন উত্থাপন হৈছে উন্নয়নৰ বিপৰীতে বিজ্ঞাপনৰ নামত জনতাৰ কোটি কোটি টকা অবাবত ব্যয় কৰা মোদী চৰকাৰে হেৰুৱাইছে নেকি পূৰ্বৰ জনপ্ৰিয়তা? দেশত বিজেপিৰ সলনি আন ৰাজনৈতিক বিকল্পৰ সম্ভাৱনাই দেখা দিছে নেকি? সেয়াও লক্ষ্যণীয় হৈ পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24cm himanta biswa sarmaIndia todayindia today surveyyogi aditya nath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
Next Post
হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল

হত্যাৰ কাৰণ অবৈধ সম্পৰ্ক! মহানগৰীৰ দম্পতী হত্যাকাণ্ডৰ চাৰ্জিশ্বিট দাখিল

আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

আছু কৰ্মীক প্ৰহাৰ আৰক্ষীৰ; ন্যায় বিচাৰি আৰক্ষী থানাত উত্তাল প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.