ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা বেলতলাৰ বৰুৱা দম্পতী হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিলে আৰক্ষীয়ে। আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য।
চাৰ্জশ্বীটৰ ৯ নং দফাত উল্লেখ থকা অনুসৰি হত্যাৰ বলি হোৱা ননী গোপাল বৰুৱাৰ সৈতে অবৈধ সম্পৰ্ক আছিল হত্যাকাৰী আকাশ চৌধুৰীৰ পত্নী পুতু দাসৰ। যিটো বৰুৱা দম্পতীৰ হত্যাৰ মূল কাৰণ আছিল। ইফালে সম্পত্তিকেন্দ্ৰিক বিবাদো এই হত্যাকাণ্ডৰ অন্যতম কাৰণ আছিল৷
চাৰ্জশ্বিটত উল্লেখ কৰা মতে বৰুৱা দম্পতীয়ে আকাশৰ পত্নী পুতু দাসৰ নামত মাটিৰ চুক্তি পত্ৰ কৰিছিল৷ উক্ত মাটিখিনি পত্নীৰ পৰিৱৰ্তে বৰুৱা দম্পতীক হত্যাকাৰী আকাশে তেওঁৰ নামত লিখি দিবলৈ দাবী কৰি আহিছিল৷ কিন্তু বৰুৱা দম্পতীয়ে মাটিখিনি আকাশৰ নামত লিখি নিদিয়াটো হত্যাৰ অন্য এক কাৰণ বুলি উল্লেখ কৰা হৈছে৷
ইফালে হত্যাকাৰী আকাশ চৌধুৰীয়ে বৰুৱা দম্পতীৰ পৰা এখন চাৰিচকীয়া বাহন বিচাৰিছিল আৰু তেওঁলোকে আকাশক বাহন ক্ৰয় কৰি দিয়া নাছিল৷ ইয়ো হত্যাৰ এক অন্য কাৰণ বুলি উল্লেখ কৰা হৈছে চাৰ্জশ্বিটত৷
আনহাতে, হত্যাৰ বলি হোৱা ননী গোপাল বৰুৱাৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ কথা আকাশৰ পত্নী পুতু দাসেও স্বীকাৰ কৰা বুলি আৰক্ষীয়ে চাৰ্জশ্বীটত উল্লেখ কৰিছে।
উল্লেখ্য যে আৰক্ষীৰ নিৰন্তৰ জেৰাৰ পিছতো আকাশ চৌধুৰীয়ে হত্যাকাণ্ড সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাছিল। এনে পৰিস্থিতিত ছায়েণ্টিফিক ইভিডেন্সৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছিল।
বিগত বৰ্ষৰ অক্টোবৰ মাহত বেলতলা চন্দন নগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধৰীয়ে হত্যা কৰাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধি আইনৰ অধীনৰ ৪৫৮,৩৮০,৩০২ ধাৰাত ৩৯০০/২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ