নলবাৰীৰ পৰা চন্দন শৰ্মাঃ নগাঁও আৰক্ষীয়ে এগৰাকী আছু কৰ্মীক গুলীওৱাৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ সৰ্থেবাৰীতো আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদমুখী হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা৷
দেওবাৰে এগৰাকী আছু কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰি সৰ্থেবাৰী আৰু বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখৰ হৈ পৰে৷ প্ৰতিবাদী আছু কৰ্মীসকলে স্থানীয় ৰাইজৰ সহযোগত সৰ্থেবাৰী আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে৷
অ’চি গৌৰাংগ দেক নিলম্বিত কৰক, দোষী জোৱানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক আদি শ্ল’গানেৰে সৰ্থেবাৰী থানাৰ পৰিবেশ উত্তাল কৰি তোলে আছুৰ কৰ্মীসকলৰ লগতে ক্ষুব্ধ ৰাইজে৷
উল্লেখ্য যে শনিবাৰে বিয়লি সৰ্থেবাৰী থানাৰ পিচফালে ক্ৰিকেট খেলা আৰু বগৰী পাৰি খোৱাৰ অভিযোগত মনোজ দাস নামৰ এগৰাকী আছু কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে ৷
অভিযোগ অনুসৰি বামুন পাকা গাঁৱৰ মনোজ দাস নামৰ ষোল্ল বছৰীয়া আছু কৰ্মীজনক জাকিৰ হুছেইন নামৰ আৰক্ষী জোৱানজনে ৰড, লাঠি আদিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে৷
আৰক্ষী জোৱানজনৰ নিৰ্মম প্ৰহাৰত আছু কৰ্মীজন চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে আছুৰ দুয়োখন আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজ আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠে৷
ইফালে ভুক্তভোগী আছু কৰ্মীগৰাকীয়ে ন্যায় নোপোৱা পৰ্যন্ত সৰ্থেবাৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে স্থানীয় আছুৰ নেতৃবৃন্দই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ