৪০ বছৰৰ পিছত মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে। শৰীৰটো কিছু দুৰ্বল হ’বলৈ আৰম্ভ কৰে। খোজ কঢ়াত অসুবিধা হয়। হৰম’নৰ বাবেই পৰিৱৰ্তবোৰে দেখা দিবলৈ আৰম্ভ কৰে।
এনে অৱস্থাত মহিলাসকলে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে, যাতে বৃদ্ধ বয়সতো তেওঁলোক সুস্থ হৈ থাকিব পাৰে। মহিলাসকলে ৪০ বছৰৰ পিছত কিছুমান প্ৰয়োজনীয় ভিটামিন আৰু মিনাৰেল খাবলৈ আৰম্ভ কৰিব লাগে।
মহিলাৰ স্বাস্থ্যৰ বাবে ভিটামিন বি ১২ অতি প্ৰয়োজনীয়। ই শৰীৰত তেজৰ সোঁত বজাই ৰখাৰ কাম কৰে। ইয়াৰ বাবে মহিলাসকলে কণী, মাংস আৰু দুগ্ধজাত সামগ্ৰী খাদ্য হিচাপে গ্ৰহণ কৰিব লাগে।
লগতে পঢ়ক দক্ষিণৰ মোহময়ী অভিনেত্ৰীৰ মৃতদেহ উদ্ধাৰ! কোনে হত্যা কৰিলে অভিনেত্ৰীগৰাকীক?
৪০ বছৰ বয়সৰ পিছত ভিটামিন চিও অতি প্ৰয়োজনীয়। শৰীৰৰ ঘাঁ ভাল হোৱা, কলাজেন উৎপাদনৰ বাবে ই অতি প্ৰয়োজনীয়। চুলি আৰু ছাল উভয়ৰে বাবে ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয়।
ভিটামিন ডিও শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত হৃদযন্ত্ৰৰ সমস্যা হ’ব পাৰে। মহিলা আৰু পুৰুষ উভয়ৰে বাবে এইটো অতি গুৰুত্বপূৰ্ণ।
কেলচিয়ামো অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱত হাড়ৰ সমস্যা আৰম্ভ হ’ব পাৰে। সেয়েহে কেলচিয়ামযুক্ত খাদ্য, যেনে- গাখীৰ, দৈ, ছাইট্ৰাছ ফল, পনিৰ আৰু সেউজীয়া শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ