অসম লাইভ২৪ঃ কেইদিনমান পূৰ্বে দাম কমিছিল ঘৰুৱা চিলিণ্ডাৰৰ। এইবাৰ বাণিজ্যিক গেছ(১৯ কিঃগ্ৰাঃ) চিলিণ্ডাৰৰ দাম কমাইছে মোদী চৰকাৰে। বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৮ কৈ কমোৱাৰ সিদ্ধান্ত লৈছে মোদী শাসনাধীন চৰকাৰে। নতুন দাম কাৰ্যকৰী হ’লে দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫২২ টকা। বিগত জুলাই মাহত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈ হৈছিলগৈ ১৭৮০ টকা। বহুতৰে দাবী যে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবেই এই পদক্ষেপ হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰলৈকে কিন্তু চৰকাৰে এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই।
বিগত মঙলবাৰে ঘৰুৱা চিলিণ্ডাৰৰ দাম(১৪ কিঃগ্ৰাঃ)ৰ দাম কমোৱাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাই। উজলা আঁচনিৰ অধীনৰ ৰন্ধন গেছৰ দাম ৪০০ টকা কমোৱা হৈছিল। তাৰ বিপৰীতে অইন ঘৰুৱা চিলিণ্ডাৰৰ দাম ২০০ টকাকৈ কমোৱা হৈছিল। মঙলবাৰে নিশা ১২ বজাৰ পৰা নতুন দাম ধ্যাৰ্য কৰা হৈছিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এক্স(টুইটাৰ)ৰ মাধ্যমেৰে এই কথা সদৰি কৰিছিল। বিত্তমন্ত্ৰী নিৰ্মলাই টুইটত লিখিছিল, ‘ৰাখী আৰু ওনাম উপলক্ষে ৰন্ধন গেছৰ দাম ২০০টকাকৈ কমোৱাৰ সিদ্ধান্ত লৈছো। এই উৎসৱত মাতৃ-ভণ্টীসকলোকে ‘স্নেহ উপহাৰ’ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ