DNA জৰিয়তে ৩১ গৰাকী চিনাক্ত, আজি চিনাক্ত হ’ব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী
এই পৰ্যন্ত আহমেদাবাদৰ বিমান দুৰ্ঘটনাত ২৭৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে। কিন্তু এতিয়ালৈকে মাত্ৰ ৩১টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু ১৯টা মৃতদেহ আত্মীয়ৰ হাতত গতাই দিয়া হৈছে।
২৪ ঘণ্টাই ডি এন এ টেষ্ট কৰা হৈছে। কেন্দ্ৰটোৰ পৰা কিছু বিশেষজ্ঞকো ডি এন এ টেষ্ট কৰিবলৈ প্ৰেৰণ কৰা হৈছে। এই পৰ্যন্ত ২৩০ টা নতুন নমুনা লোৱা হৈছে, যিবোৰৰ পৰীক্ষা চলি আছে। কিন্তু গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।
ডি এন এ পৰীক্ষাকাৰী দলৰ এজন চিকিৎসকে জনোৱা মতে, আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত ৩১ জন লোকৰ ডি এন এ তেওঁলোকৰ আত্মীয়ৰ ডি এন এৰ সৈতে মিল খাইছে, এতিয়ালৈকে ১২টা পৰিয়ালে মৃতদেহ লাভ কৰিছে।
কিন্তু বহু মৃতদেহ ইমানেই বেয়াকৈ জ্বলি গৈছে বা অংগ জ্বলি ছাই হৈ গৈছে, যাৰ বাবে চিনাক্ত কৰাটো কঠিন হৈ পৰিছে। সেয়েহে বৃহস্পতিবাৰৰ ট্ৰেজেডীত নিহতসকলৰ মৃতদেহ চিনাক্ত কৰিবলৈ বিষয়াসকলে ডি এন এ পৰীক্ষা চলাই আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















