অসম লাইভ ২৪ঃ কংগ্ৰেছৰ সাংগঠিনক পর্যায়ত ব্যাপক ৰদবদল ঘটালে ভাৰপ্ৰাপ্ত অধ্যক্ষা ছোনিয়া গান্ধীয়ে। CWCৰ পুনৰ গঠন কৰে ছোনিয়া গান্ধীয়ে। কংগ্ৰেছৰ মহাসচিব পদৰ পৰা আঁতৰালে গোলাম নবী আজাদ, মোতিলাল ভোৰা, অম্বিকা চোনী, মল্লিকার্জুন খর্গে আৰু লুইজিনহো ফালেইৰোক। তদুপৰি Inchargeৰ দায়িত্বৰ পৰা আঁতৰালে অনুগ্ৰহ নাৰায়ণ সিং, আশা কুমাৰী, গৌৰৱ গগৈ আৰু ৰামচন্দ্ৰ খুনটিয়াক। আনহাতে বিভিন্ন ৰাজ্যৰ পর্যবেক্ষকৰ দায়িত্বৰো সালসলিন ঘটাই কংগ্ৰেছ অধ্যক্ষাগৰাকীয়ে। হৰিশ ৰাৱাটক আঁতৰাই অসমৰ দায়িত্ব অর্পণ কৰিছে জীতেন্দ্ৰ সিঙক। CWCত অন্তর্ভুক্ত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ